• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাবালিকা ধনুৰ্বিদক যৌন নিৰ্যাতন: ৰাষ্ট্ৰীয় প্ৰশিক্ষক কুলদীপ বেদৱানক ৫ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 6:19 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানাৰ সোণিপত ফাষ্ট ট্ৰেক বিশেষ আদালতে ক্ৰীড়া জগতক লজ্জানত কৰা এক গোচৰত ঐতিহাসিক ৰায়দান কৰিছে। আদালতে এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ধনুৰ্বিদক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত ৰাষ্ট্ৰীয় ধনুৰ্বিদ্যা প্ৰশিক্ষক কুলদীপ কুমাৰ বেদৱানক ৫ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ নৰেন্দ্ৰৰ আদালতে গোচৰটোৰ গুৰুত্ব উপলব্ধি কৰি দোষী প্ৰশিক্ষকজনক ১০ হাজাৰ টকাৰ জৰিমনাও বিহিছে।

এই সমগ্ৰ ঘটনাটো ২০২৩ চনৰ আগষ্ট মাহৰ। সেই সময়ত সোণিপতৰ মুৰথল থানাৰ অন্তৰ্গত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাবালিকা ধনুৰ্বিদে নিজৰ প্ৰশিক্ষক কুলদীপ বেদৱানৰ বিৰুদ্ধে গুৰু-শিষ্যৰ পৱিত্ৰ সম্পৰ্কক কলংকিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ভুক্তভোগীৰ অভিযোগ অনুসৰি, প্ৰশিক্ষকগৰাকীয়ে প্ৰশিক্ষণৰ অচিলাৰে তাইক যৌন নিৰ্যাতন চলাইছিল। অভিযোগ ৰুজু হোৱাৰ লগে লগে আৰক্ষীয়ে পকচো আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত প্ৰশিক্ষকজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

Apply Now

সোণিপতৰ ফাষ্ট ট্ৰেক বিশেষ আদালতত এই চৰ্চিত গোচৰটোৰ দীঘলীয়া শুনানি চলিছিল। বিশেষ চৰকাৰী অধিবক্তা বিজেন্দ্ৰ সিং খত্ৰীয়ে জনোৱা মতে, আদালতে দুয়োপক্ষৰ যুক্তি, সাক্ষী আৰু প্ৰমাণসমূহ ভালদৰে পৰীক্ষা কৰাৰ পিছত ২০২৬ চনৰ ১৫ মে‘ত প্ৰশিক্ষক কুলদীপক দোষী সাব্যস্ত কৰিছিল। ইয়াৰ পিছত ২০ মে‘ত আদালতে শাস্তি ঘোষণা কৰে। আদালতে দোষী প্ৰশিক্ষকজনক দুটা পৃথক ধাৰাত শাস্তি প্ৰদান কৰিছে। পকচো আইনৰ অধীনত দোষীক ৫ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে, যিটো আদায় নিদিলে অতিৰিক্ত ৩ মাহৰ সাধাৰণ কাৰাদণ্ড খাটিব লাগিব। আনহাতে, ৩৫৪ক ধাৰাৰ অৰ্থাৎ যৌন নিৰ্যাতনৰ অধীনত আদালতে দোষীক ৩ বছৰৰ কঠোৰ কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। এই জৰিমনা আদায় নিদিলে ১ মাহৰ অতিৰিক্ত কাৰাদণ্ড খাটিব লাগিব। আদালতে লগতে স্পষ্ট কৰি দিছে যে এই দুয়োটা শাস্তি একেলগে চলিব।

বিশেষ চৰকাৰী অধিবক্তা বিজেন্দ্ৰ সিং খত্ৰীয়ে এই ৰায়দানক আদৰণি জনাইছে। তেওঁ কয় যে আদালতৰ এই কঠোৰ পদক্ষেপে সমাজত আৰু বিশেষকৈ ক্ৰীড়া জগতত এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব। খেলুৱৈসকলৰ নিৰাপত্তা আৰু সন্মানৰ লগত হেতালি খেলা কোনো প্ৰভাৱশালী ব্যক্তিয়েই যে আইনৰ চকুত সাৰি যাব নোৱাৰে, সেয়া এই ৰায়দানে প্ৰমাণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd