চলিত ২০২৬ চনৰ আই পি এলত চেন্নাইয়ে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। পঞ্চমবাৰৰ চেম্পিয়ন দলটোৱে দুৰ্বল ফৰ্মৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ল। ইফালে বিচিচিআইয়ে অধিনায়ককে ধৰি সমগ্ৰ দলটোক জৰিমনা বিহিছে।
আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত চলিত আই পি এল ছিজনৰ ৬৬ সংখ্যক মেচত গুজৰাট টাইটানছৰ বিৰুদ্ধে লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাডৰ লগতে সকলো খেলুৱৈকে জৰিমনা বিহিছে বিচিআইয়ে।
আই পি এলৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদ অনুসৰি গাইকেৱাডক ২৪ লাখ টকাৰ জৰিমনা বিহা হৈছে কাৰণ এইটো ছিজনত দলটোৰ দ্বিতীয়টো অপৰাধ। ইমপেক্ট প্লেয়াৰকে ধৰি বাকী প্লেয়িং একাদশক ৬ লাখ টকা বা নিজ নিজ মেচ ফীৰ ২৫ শতাংশ জৰিমনা বিহা হ’ব।
বৃহস্পতিবাৰে (২১ মে’) চেন্নাইয়ে গুজৰাটৰ বিৰুদ্ধে প্লে অফৰ দৌৰত প্ৰৱেশ কৰে। শ্বুবমান গিলৰ দলটোৱে ৮৯ ৰানত জয়লাভ কৰি দ্বিতীয় স্থান দখল কৰে। এই মেচত পৰাজয়ৰ লগে লগে চি এছ কেয়ে ১৪খন খেলৰ পৰা ১২ পইণ্ট লাভ কৰি চেন্নাইয়ে প্ৰতিযোগিতাখন সমাপ্ত কৰে।





