আগন্তুক ফিফা বিশ্বকাপ ২০২৬-ৰ ভাৰতীয় সম্প্ৰচাৰক লৈ চলি থকা দীৰ্ঘদিনীয়া অনিশ্চয়তা আৰু জল্পনা-কল্পনাৰ অৱসান ঘটিছে। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (এআইএফএফ) প্ৰাক্তন সাধাৰণ সম্পাদক শ্বাজী প্ৰভাকৰণে দাবী কৰা অনুসৰি, বিশ্বকাপৰ সম্প্ৰচাৰ স্বত্ব সন্দৰ্ভত চলি থকা আলোচনা অৱশেষত সফল সমাপ্তিৰ দিশে আগবাঢ়িছে আৰু অহা সপ্তাহত ভাৰতৰ বাবে সম্প্ৰচাৰক অংশীদাৰৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
সামাজিক মাধ্যম ‘এক্স’ত এক পোষ্টযোগে প্ৰভাকৰণে এই খবৰ প্ৰকাশ কৰি ফুটবল অনুৰাগীসকলক আশ্বস্ত কৰে। তেওঁ উল্লেখ কৰে যে কেইবামাহো ধৰি চলি থকা উৎকণ্ঠা আৰু অনিশ্চয়তাৰ পাছত অনুৰাগীসকলে এতিয়া স্বস্তিৰ নিশ্বাস পেলাব পাৰে, কিয়নো ভাৰতত সমগ্ৰ বিশ্বকাপখন সম্পূৰ্ণৰূপে উপলব্ধ হ’ব। উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া এই ক্ৰীড়া সমাৰোহখন অহা ১১ জুনৰ পৰা (ভাৰতীয় সময় অনুসৰি ১২ জুনৰ নিশা ১২:৩০ বজাত) আৰম্ভ হ’ব। প্ৰতিযোগিতাখন আৰম্ভ হ’বলৈ মাত্ৰ তিনি সপ্তাহতকৈও কম সময় বাকী থকা অৱস্থাত এতিয়ালৈকে কোনো সম্প্ৰচাৰ সংস্থাই ভাৰতীয় বজাৰৰ বাবে মিডিয়া স্বত্ব লাভ কৰাৰ কথা নিশ্চিত নকৰাত ক্ৰীড়াপ্ৰেমীসকলৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছিল।
ইয়াৰ পূৰ্বে ভাৰতত বিশ্বকাপৰ সম্প্ৰচাৰৰ বিষয়টোৱে দিল্লী উচ্চ ন্যায়ালয়ৰ মজিয়াও পাইছিলগৈ। ন্যায়াধীশ পুৰুষেন্দ্ৰ কুমাৰ কৌৰৱৰ বিচাৰপীঠত হোৱা এক শুনানিত প্ৰসাৰ ভাৰতীয়ে স্পষ্ট কৰি দিছিল যে এই প্ৰতিযোগিতাখনৰ সম্প্ৰচাৰ স্বত্ব লাভ কৰাৰ বাবে তেওঁলোক দায়বদ্ধ নহয়। অধিবক্তা অৱধেশ বৈৰৱাই দাখিল কৰা এখন আৱেদনত সমগ্ৰ দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে দূৰদৰ্শন বা ডিডি স্প’ৰ্টছৰ দৰে মাধ্যমযোগে প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচৰ পৰা ফাইনেললৈকে সকলো গুৰুত্বপূৰ্ণ খেল সম্প্ৰচাৰ কৰিবলৈ নিৰ্দেশনা বিচাৰিছিল। অৱশ্যে, যোৱা ১৯ মে’ৰ শুনানিত আৱেদনকাৰীয়ে পৰৱৰ্তী সময়ত উপযুক্ত সকাহ বিচাৰি আন এখন আদালতৰ কাষ চপাৰ অনুমতি লৈ বৰ্তমানৰ আৱেদনখন প্ৰত্যাহাৰ কৰে।
ন্যায়ালয়ৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি, ফুটবল অনুৰাগীৰ সংখ্যাৰ ভিত্তিত ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম স্থানত আছে। ২০২২ চনৰ কাটাৰ ফিফা বিশ্বকাপত ভাৰতে অংশগ্ৰহণ নকৰা সত্ত্বেও ভাৰতীয়সকলে প্ৰতিযোগিতাখনৰ সময়ত প্ৰায় ৭৪৫.৭ নিযুত ডিজিটেল এংগেজমেণ্ট (digital engagement) সৃষ্টি কৰিছিল। এই বিপুল জনপ্ৰিয়তাৰ মাজতো সম্প্ৰচাৰ স্বত্বৰ অত্যধিক মূল্যৰ বাবেই ভাৰতীয় বজাৰত চুক্তি চূড়ান্ত হোৱাত পলম হোৱা বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পাইছিল। প্ৰকাশিত তথ্য অনুসৰি, প্ৰথম অৱস্থাত ফিফাই ২০৩০ চনৰ বিশ্বকাপৰ সৈতে সংযুক্ত পেকেজৰ অংশ হিচাপে ভাৰতীয় স্বত্বৰ মূল্য প্ৰায় ১০০ মিলিয়ন মাৰ্কিন ডলাৰ নিৰ্ধাৰণ কৰিছিল যদিও বজাৰৰ দুৰ্বল সঁহাৰিৰ বাবে পিছলৈ ইয়াক ৩৫ মিলিয়ন ডলাৰলৈ হ্ৰাস কৰে। আনকি আদালতৰ মজিয়াত জিঅ’ ষ্টাৰে আগবঢ়োৱা ২০ মিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰস্তাৱ ফিফাই নাকচ কৰা বুলিও উল্লেখ কৰা হৈছিল।
বৰ্তমান সকলো উৎকণ্ঠাৰ অন্ত পেলাই অহা সপ্তাহত চূড়ান্ত সম্প্ৰচাৰ চুক্তিত আনুষ্ঠানিক মোহৰ মৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই আনুষ্ঠানিক ঘোষণাৰ লগে লগেই দেশৰ কোটি কোটি ক্ৰীড়াপ্ৰেমীয়ে আগন্তুক ফিফা বিশ্বকাপৰ ৰোমাঞ্চকৰ মেচসমূহ ঘৰতে বহি নিৰ্বিঘ্নে উপভোগ কৰাৰ পথ সম্পূৰ্ণৰূপে মুকলি হ’ব বুলি আশা কৰা হৈছে।





