গুৰুগ্ৰামৰ এজন কোটিপতি ব্যৱসায়ীক আদালতে জামিন দিবলৈ অস্বীকাৰ কৰিছে। এই ব্যৱসায়ীজনৰ বিৰুদ্ধে তেওঁৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট পত্নীয়ে ধাৰাবাহিক বৈবাহিক ধৰ্ষণ, বলপূৰ্বক অপ্ৰাকৃতিক যৌন সম্পৰ্ক, ক্ৰূৰতা আৰু যৌতুক নিৰ্যাতনৰ দৰে অতি ভয়নক আৰু চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। পীড়িত মহিলাগৰাকীয়ে আনকি এনে এক অভিযোগো কৰিছে যে তেওঁৰ স্বামীয়ে পাশৱিকতাৰ সকলো সীমা পাৰ কৰি তেওঁৰ সংবেদনশীল অংগ চিগাৰেটেৰে ডঁহি দিছিল।
এই সন্দৰ্ভত গুজৰাটৰ আহমেদাবাদ চিটি চেচন আদালতে এক শুনানি গ্ৰহণ কৰিছিল। অভিযুক্ত ব্যৱসায়ীজনে জামিনৰ বাবে আৱেদন কৰিছিল যদিও আদালতে গুৰুগ্ৰামৰ এই প্ৰভাৱশালী আৰু কোটিপতি ব্যৱসায়ীজনৰ জামিন আৱেদন সম্পূৰ্ণৰূপে খাৰিজ কৰে। আদালতে নিজৰ ৰায়দানত কয় যে বিয়াৰ পিছৰে পৰা অভিযুক্তই নিজৰ পত্নীক ধাৰাবাহিকভাৱে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। আনকি নিৰ্যাতনৰ সীমা ইমানেই বাঢ়িছিল যে যেতিয়া ভুক্তভোগী মহিলাগৰাকীয়ে নিজৰ পিতৃগৃহলৈ যাবলৈ বিমানবন্দৰত বিমানৰ বাবে অপেক্ষা কৰি আছিল, তেতিয়াও অভিযুক্তই তেওঁক ধাৰাবাহিকভাৱে ভিডিঅ’ কল আৰু মেচেজৰ জৰিয়তে হাৰাশাস্তি কৰি আছিল। ব্যৱসায়ীজনে ভিডিঅ’ কলৰ জৰিয়তে পত্নীৰ ওপৰত চকু ৰাখিছিল আৰু সুধিছিল যে তেওঁৰ কাষত কোন বহিছে আৰু তেওঁৰ বয়স কিমান। তেওঁ প্ৰতিটো মূহূৰ্ততে পত্নীৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছিল।
এই কোটিপতি ব্যৱসায়ীজনৰ বিবাহ ২০২২ চনত হৈছিল। বৰ্তমান আহমেদাবাদত বাস কৰা ভুক্তভোগী মহিলাগৰাকীয়ে যোৱা বছৰ এই সন্দৰ্ভত আহমেদাবাদ ডিচিবি ক্ৰাইম ব্ৰাঞ্চত তেওঁৰ স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল। অভিযোগ পোৱাৰ পিছত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ লওঁতেই অভিযুক্ত ব্যৱসায়ীজনে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁ নিজৰ অগ্ৰিম জামিন আৱেদনত নিজক এজন ডাঙৰ বিজনেছ টাইকুন আৰু মাল্টিমিলিঅ’নিয়াৰ বুলি উল্লেখ কৰি কৈছিল যে তেওঁ বৃহৎ পৰিসৰত কৰ্পোৰেট গেষ্ট হাউচৰ ব্যৱসায় চলায়। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁৰ আৱেদন খাৰিজ কৰাৰ পিছত অভিযুক্তৰ ওচৰত আন কোনো উপায় নাছিল আৰু তেওঁ চলিত মাহতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছত আদালতে তেওঁক ৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল। পুনৰ নিয়মীয়া জামিনৰ বাবে তেওঁ চেচন আদালতত আৱেদন জনাইছিল যদিও চৰকাৰী অধিবক্তা সুধীৰ ব্ৰহ্মভট্ৰই অপৰাধৰ ভয়াৱহতালৈ চাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰে।
আদালতত এই গোচৰৰ শুনানি সমাপ্ত হোৱাৰ পিছত চিটি চেচন জজ পি বি পেটেলে জামিন আৱেদন খাৰিজ কৰি অভিযুক্ত স্বামীৰ এনে অস্বাভাৱিক আৰু সন্দেহবাদী আচৰণক লৈ অতি কঠোৰ মন্তব্য কৰে। তেওঁ কয় যে ভুক্তভোগী মহিলাগৰাকীক তেওঁৰ স্বামীয়ে ধাৰাবাহিকভাৱে ডিজিটেল নিৰীক্ষণৰ মাজত ৰাখিছিল। আদালতৰ আদেশ অনুসৰি, মহিলাগৰাকীয়ে যেতিয়াই কোনো কামৰ বাবে ঘৰৰ পৰা বাহিৰলৈ বা অন্য কোনো ঠাইলৈ গৈছিল, তেতিয়াই তেওঁ নিজৰ স্বামীলৈ লাইভ লোকেচন আৰু সেই স্থানৰ ছবি পঠোৱাটো বাধ্যতামূলক আছিল। ইয়াৰ লগতে তেওঁৰ আশে-পাশে কোন কোন লোক উপস্থিত আছে, সেই কথাও স্বামীক জনাব লাগিছিল। ইয়াৰ উপৰিও ন্যায়াধীশে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন আৰু অপ্ৰাকৃতিক যৌন নিৰ্যাতনৰ অভিযোগসমূহক অত্যন্ত গুৰুতৰ আৰু জঘন্য বুলি গণ্য কৰে। আদালতে কয় যে প্ৰথম চাৱনিতে এইটো পত্নীৰ ওপৰত হোৱা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ এটা অতি স্পষ্ট আৰু গুৰুতৰ গোচৰ, গতিকে অভিযুক্তক কোনো ধৰণৰ জামিনৰ সুবিধা দিব নোৱাৰি।
এই সমগ্ৰ ঘটনাত আটাইতকৈ আচৰিত কথাটো তেতিয়াহে পোহৰলৈ আহে যেতিয়া জনা যায় যে এইখন অভিযুক্তৰ দ্বিতীয়খন বিবাহ আছিল আৰু তেওঁ প্ৰথম বিবাহৰ কথা গোপনে ৰাখিছিল। ভুক্তভোগী মহিলাগৰাকীয়ে পিছত জানিব পাৰিলে যে ব্যৱসায়ীজনৰ প্ৰথম পত্নীয়েও তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ঠিক এনেধৰণৰ গুৰুতৰ, অমানৱীয় আৰু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল, যাৰ বাবে তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। বৰ্তমান আহমেদাবাদ ডিচিবি ক্ৰাইম ব্ৰাঞ্চে এই সমগ্ৰ ঘটনাৰ গভীৰ তদন্ত অব্যাহত ৰাখিছে।





