অসম বিধানসভাত বিৰোধী দলৰ পৰৱৰ্তী ৰণকৌশল আৰু নেতৃত্বক লৈ চলি থকা দীঘলীয়া চৰ্চাৰ অন্ত পেলাই সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে মঙলবাৰে অসম কংগ্ৰেছ বিধায়িনী দলৰ নতুন নেতৃত্বৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন মৰ্মে জ্যেষ্ঠ নেতা ৱাজেদ আলী চৌধুৰীক কংগ্ৰেছ বিধায়িনী দলৰ দলপতি আৰু ডাঃ জয় প্ৰকাশ দাসক উপ-দলপতি হিচাপে নিযুক্তি দিয়া হৈছে। ২৬ মে’ত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এখন প্ৰেছ বিবৃতিৰ জৰিয়তে এই নিযুক্তিৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰে।
ষোড়শ অসম বিধানসভাৰ চলিত অধিৱেশনৰ মাজতে বিধায়িনী দলৰ নেতৃত্বৰ গাঁথনিক লৈ দলটোৰ ভিতৰত হোৱা তীব্ৰ আলোচনা আৰু পৰ্যালোচনাৰ পিছতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ গুৱাহাটীত কংগ্ৰেছ বিধায়কসকলৰ মাজত কেইবাখনো আভ্যন্তৰীণ বৈঠক অনুষ্ঠিত হৈছিল। বিশেষকৈ বিৰোধী দলপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু বিধানসভাৰ মজিয়াত দলটোৰ মজবুত স্থিতি নিশ্চিত কৰাৰ স্বাৰ্থত বিধায়িনী দলৰ দলপতিৰ পদটোৱে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি ৰাজনৈতিক মহলত যথেষ্ট আগ্ৰহৰ সৃষ্টি হৈছিল।
ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিছিয়ে যে বিধায়িনী দলৰ নেতৃত্বৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত দলৰ কেন্দ্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব। দিল্লীৰ পৰা উভতি আহি সংবাদ মাধ্যমৰ আগত গগৈয়ে কয় যে দলীয় বিধায়ক আৰু কেন্দ্ৰীয় নেতৃত্বৰ পৰ্যবেক্ষকসকলৰ সৈতে আলোচনা কৰাৰ পিছতহে দলৰ শীৰ্ষ নেতৃত্বই চূড়ান্ত সিদ্ধান্ত ল’ব আৰু ৰাজ্যিক গোটটোৱে সেই সিদ্ধান্ত মানি চলিবলৈ বাধ্য থাকিব।
বৰ্তমান নতুন নেতৃত্বৰ এই আনুষ্ঠানিক ঘোষণাই বিধানসভাৰ মজিয়াত কংগ্ৰেছ দলৰ ভৱিষ্যতৰ কাৰ্যপন্থা আৰু ৰণকৌশল নিৰ্ধাৰণত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। বিধায়িনী দলৰ দলপতি আৰু উপ-দলপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত এতিয়া বিধানসভাত বিৰোধীৰ স্থিতি সৱল কৰাৰ দিশত এই নতুন নেতৃত্বই কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া বৰ্তমান সময়ত লক্ষণীয় হ’ব।





