চৰকাৰে জল জীৱন আঁচনিৰ নামত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ পিছতো খোদ গুৱাহাটী মহানগৰীৰ চন্দ্ৰপুৰ অঞ্চলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। বিগত এমাহ ধৰি অঞ্চলটোত খোৱাপানী যোগান ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ প্ৰতিবাদত মঙলবাৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এক তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। চৰকাৰৰ অভিলাষী ‘ঘৰ ঘৰ নল, ঘৰ ঘৰ জল’ শ্লোগান অসাৰ প্ৰতিপন্ন হোৱাৰ অভিযোগ তুলি ক্ষুব্ধ জনতাই হাতে হাতে খালী কলহ, বাল্টি আৰু চৰকাৰ বিৰোধী বেনাৰ-পোষ্টাৰ লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় ৩৫০ কোটি টকা ব্যয়সাপেক্ষ পানী যোগান আঁচনিয়ে ৰাইজক সেৱা আগবঢ়োৱাত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিততে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।
প্ৰতিবাদস্থলীৰ পৰাই ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। ছাত্ৰ সন্থাৰ নেতৃত্বই অতিশীঘ্ৰে খোৱাপানীৰ যোগান নিয়মীয়া কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়। স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, পানীৰ তীব্ৰ অভাৱৰ বাবে তেওঁলোকে বৰ্তমান ১০০০ টকাৰ বিনিময়ত ২০০০ লিটাৰ পানী কিনিবলৈ বাধ্য হৈছে, যিয়ে সাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনত গভীৰ আৰ্থিক সংকটৰ সৃষ্টি কৰিছে। এই সমস্যাৰ দ্ৰুত সমাধান নহ’লে অনাগত দিনত চৰকাৰে ইয়াতকৈয়ো অধিক ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হ’ব বুলিও প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে।
প্ৰাপ্ত তথ্য অনুসৰি, ২০১৪-১৫ বৰ্ষত চন্দ্ৰপুৰৰ তাঁতীমাৰাত আৰম্ভ হোৱা এই বৃহৎ পানী যোগান প্ৰকল্পটো ২০১৮ চনত ৰাইজৰ বাবে আংশিকভাৱে মুকলি কৰা হৈছিল। চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চন্দ্ৰপুৰ, পশ্চিম মায়ং, পানীখাইতি আৰু আমচিং গাঁও পঞ্চায়তৰ অন্তৰ্গত মুঠ ৪২ খন গাঁৱৰ ৰাইজক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্যে এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল। বিগত ২০২৩-২৪ বৰ্ষত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও ১১ বছৰ অতিক্ৰম কৰাৰ পিছতো প্ৰকল্পটোৰ কাম আজিলৈকে আধৰুৱা হৈয়ে আছে। আনকি আজিলৈকে দহখন গাঁৱতো এই প্ৰকল্পৰ জৰিয়তে পানী যোগান নিশ্চিত কৰিব পৰা হোৱা নাই আৰু যিখিনি লোকক পানী যোগান ধৰা হৈছিল, সেয়াও এতিয়া সম্পূৰ্ণৰূপে অনিয়মীয়া হৈ পৰিছে।
বৰ্তমান পৰিস্থিতিত চন্দ্ৰপুৰৰ খোৱাপানীৰ সংকট অপৰিৱৰ্তিত হৈ আছে আৰু স্থানীয় ৰাইজে এক স্থায়ী সমাধানৰ বাবে অপেক্ষা কৰি আছে। প্ৰশাসনে এই ক্ষেত্ৰত তৎকালীনভাৱে কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়া এতিয়াও স্পষ্ট নহয় যদিও, খোৱাপানীৰ দৰে মৌলিক প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত জল জীৱন মিছনৰ ব্যৰ্থতাক লৈ সচেতন মহলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।





