• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বাসগৃহত ইডিৰ অতৰ্কিত অভিযান, কন্যাৰ নাম সাঙোৰ খালে দুৰ্নীতিৰ গোচৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2026 11:58 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বাসগৃহত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট বা ইডিয়ে তালাচী অভিযান চলাইছে। জানিব পৰা মতে, কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেড নামৰ কোম্পানীটোৰ সৈতে জড়িত এক দুৰ্নীতিৰ গোচৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছে। এই গোচৰটোত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কন্যা জড়িত হৈ আছে। কেৱল বিজয়নৰ বাসগৃহতেই নহয়, ইডিয়ে এই গোচৰৰ সৈতে সংগতি ৰাখি সমগ্ৰ কেৰালাৰ আৰু নখন ঠাইত একেলগে তালাচী চলাই আছে।

সংবাদ সংস্থা এএনআইৰ বাতৰি অনুসৰি, ইডিৰ বিষয়াসকলে জনাইছে যে কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেড আৰু বিজয়নৰ কন্যা টি বীণাৰ কোম্পানী এক্সালজিক ছলিউচনছ প্ৰাইভেট লিমিটেডৰ মাজত হোৱা বিত্তীয় অনিয়মৰ অভিযোগৰ ভিত্তিত এই অভিযান চলোৱা হৈছে। কেৰালাৰ এই উদ্যোগিক ৰাসায়নিক উৎপাদনকাৰী কোম্পানীটোৰ বিৰুদ্ধে ঘোচ আৰু ধন সৰবৰাহৰ অভিযোগৰ তদন্ত চলি আছে। অভিযোগ অনুসৰি, বিজয়নৰ কন্যাৰ কোম্পানীটোৱে কোনো ধৰণৰ সেৱা প্ৰদান নকৰাকৈয়ে কোচিন মিনাৰেলছৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। অৱশ্যে এই গোচৰত পোনপটীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নক অভিযুক্ত হিচাপে উল্লেখ কৰা হোৱা নাই।

Apply Now

এই সমগ্ৰ ঘটনাটো প্ৰথম পোহৰলৈ আহে ২০২৩ চনৰ আগষ্ট মাহত। সেই সময়ত দাবী কৰা হৈছিল যে এক্সালজিক ছলিউচনছ প্ৰাইভেট লিমিটেডে ২০১৭ চনৰ পৰা ২০২০ চনৰ ভিতৰত কোনো কাম নকৰাকৈয়ে ১.৭২ কোটি টকা লাভ কৰিছিল। এই কথা পোহৰলৈ অহাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে জালিয়াতি তদন্ত বিভাগক সমগ্ৰ বিষয়টো বিতংভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল। ২০২৫ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে অবৈধ ধন লেনদেনৰ অভিযোগত বিজয়নৰ কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ অনুমতি প্ৰদান কৰে। জালিয়াতি তদন্ত বিভাগৰ অভিযোগনামাত বীণা, কোচিন মিনাৰেলছৰ সঞ্চালক শশীধৰণকে ধৰি মুঠ ২৭ জন লোকক অভিযুক্ত হিচাপে দেখুওৱা হৈছে আৰু লগতে আন কেইবাটাও কোম্পানীৰ নাম উল্লেখ কৰা হৈছে। বীণাৰ বিৰুদ্ধে কোম্পানী আইন, ২০১৩ ৰ ৪৪৭ ধাৰাৰ অধীনত অভিযোগ অনা হৈছে। যদি তেওঁ এই অভিযোগত দোষী সাব্যস্ত হয়, তেন্তে ছমাহৰ পৰা দহ বছৰলৈকে কাৰাদণ্ড হ’ব পাৰে। ইয়াৰ উপৰিও, জালিয়াতিত জড়িত ধনৰ তিনিগুণ ধন জৰিমনা হিচাপে পৰিশোধ কৰিবলগীয়া হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd