২০২৫ চনৰ জুলাই মাহৰ পৰা ইৰানৰ জিম্মাত থকা ১০ জন ভাৰতীয় নাৱিকক অৱশেষত মুকলি কৰি দিয়া হৈছে। মঙলবাৰে নিশা ভাৰত চৰকাৰৰ জাহাজ মন্ত্ৰালয়ৰ তৰফৰ পৰা এক বিবৃতিযোগে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। নতুন দিল্লী আৰু তেহৰাণৰ মাজত চলা সুদীৰ্ঘ তথা নীৰৱ কূটনৈতিক আলোচনাৰ অন্তত এই সফল পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।
ডাইৰেক্টৰেট জেনেৰেল অৱ শ্বিপিং চমুকৈ ডিজি শ্বিপিংয়ে প্ৰকাশ কৰা অনুসৰি, ‘এম ভি হাৰ্বাৰ ফিনিক্স’ নামৰ পালাওৰ পতাকা লগোৱা এখন তেলবাহী জাহাজত এই দহজন ভাৰতীয় নাৱিক কৰ্মৰত আছিল। যোৱা ২০২৫ চনৰ জুলাই মাহত ইৰানৰ ইছলামিক ৰিভলিউছনাৰী গাৰ্ড কৰ্পছে (আই আৰ জি চি) জাস্ক বন্দৰৰ সমীপত এই জাহাজখন জব্দ কৰিছিল আৰু তাৰ লগে লগেই নাৱিকসকলকো আটক কৰা হৈছিল। বৰ্তমান তেওঁলোক সুৰক্ষিত অৱস্থাত আছে আৰু অতি শীঘ্ৰেই যাতে তেওঁলোক নিজ দেশলৈ উভতি আহিব পাৰে, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। অৱশ্যে, এই তেলবাহী জাহাজখন ঠিক কি কাৰণত আটক কৰা হৈছিল, সেই সন্দৰ্ভত কোনো স্পষ্ট কাৰণ দুয়োখন দেশৰ ফালৰ পৰা ৰাজহুৱা কৰা হোৱা নাই।
উল্লেখযোগ্য যে, বিগত বৰ্ষত পশ্চিম এছিয়াত আৰম্ভ হোৱা সামৰিক সংঘাতৰ সময়ত ইৰানে হৰমুজ প্ৰণালী অৱৰোধ কৰিছিল। ইয়াৰ ফলত বহুতো বিদেশী তেল আৰু গেছবাহী জাহাজ সেই অঞ্চলত আৱদ্ধ হৈ পৰিছিল। হৰমুজ প্ৰণালীক দখলমুক্ত কৰাৰ বাবে আমেৰিকাই ইৰানৰ ওপৰত ধাৰাবাহিকভাৱে হেঁচা প্ৰয়োগ কৰি আহিছিল যদিও পৰিস্থিতিৰ বিশেষ উন্নতি হোৱা নাছিল। পৰৱৰ্তী সময়ত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা হোৱাৰ পিছতো ইৰানে হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণ নিজৰ হাততে ৰাখিছিল আৰু সেই পথেৰে যাতায়াত কৰা জাহাজসমূহৰ পৰা বৃহৎ পৰিমাণৰ কৰ আদায় কৰিবলৈ আৰম্ভ কৰিছিল। এই উত্তেজনাময় পৰিস্থিতিৰ মাজতে ইৰানে বেআইনীভাৱে ইন্ধন সৰবৰাহ কৰাৰ অভিযোগত সঘনাই বিভিন্ন জাহাজ জব্দ কৰি আহিছিল। ভাৰতে অৱশ্যে আমেৰিকা, ইজৰাইল আৰু ইৰানৰ সৈতে নিজৰ ভাৰসাম্যপূৰ্ণ কূটনৈতিক সম্পৰ্ক বৰ্তাই ৰাখি নীৰৱে নিজৰ নাৱিকসকলক মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল।
গোলকীয় বাণিজ্যিক জাহাজ পৰিবহণ খণ্ডত ভাৰতৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ, য’ত হাজাৰ হাজাৰ ভাৰতীয় নাৱিকে উপসাগৰীয় অঞ্চলত সেৱা আগবঢ়াই আহিছে। এই দহজন নাৱিকৰ মুক্তিৰ লগে লগে তেওঁলোকৰ পৰিয়ালৰ মাজলৈ স্বস্তি ঘূৰি আহিছে, আৰু বৰ্তমান সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁলোকৰ নিৰাপদ স্বদেশ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰাৰ দিশত কাম কৰি আছে।





