• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ, পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2026 3:12 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত সনা আৰু উচতনিমূলক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগত এক গোচৰ ৰুজু কৰা হৈছে। যোৱা ২০ মে’ত শিলিগুৰি চাইবাৰ ক্ৰাইম থানাত ৰিংকী চেতাৰ্জী সিং নামৰ এগৰাকী অধিবক্তাই এই সন্দৰ্ভত এক লিখিত অভিযোগ দাখিল কৰে। অধিবক্তাগৰাকীৰ দাবী অনুসৰি, প্ৰথম অৱস্থাত আৰক্ষীয়ে এই হাই-প্ৰফাইল গোচৰটো ল’ব বিচৰা নাছিল। থানাত কেইবাবাৰো যোগাযোগ কৰাৰ পিছতহে অৱশেষত আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰিবলৈ বাধ্য হয়।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩৫১ (অপৰাধমূলক ভাবুকি প্ৰদান), ৩৫২ (শান্তি ভংগৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে অপমান), ৩৫৩ (মিছা বা বিভ্ৰান্তিকৰ বিবৃতি প্ৰচাৰ) আৰু ২৯৯ (ধৰ্মীয় বিশ্বাসত ইচ্ছাকৃত আৰু বিদ্বেষমূলকভাৱে আঘাত কৰা) ধাৰাৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে। এই সন্দৰ্ভত শিলিগুৰি আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, লিখিত অভিযোগ পোৱাৰ পিছত নিয়ম অনুসৰিয়েই শিলিগুৰি চাইবাৰ ক্ৰাইম থানাত গোচৰটো পঞ্জীয়ন কৰা হৈছে। তেওঁ আশ্বস্ত কৰি কয় যে এজাহাৰত উল্লেখ কৰা প্ৰতিটো দিশ অতি গুৰুত্বসহকাৰে পৰীক্ষা কৰি তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে।

Apply Now

অভিযোগপত্ৰত অধিবক্তাগৰাকীয়ে দাবী কৰিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দুটা মন্তব্যই ধৰ্মীয় অনুভূতিত গভীৰ আঘাত হানিছে। ইয়াৰে এটা মন্তব্য তেওঁ ২০২৫ চনৰ ঈদৰ সময়ত কৰিছিল আৰু আনটো মন্তব্য কৰিছিল বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধৰ্মতলাৰ এটা ধৰ্ণামঞ্চৰ পৰা। গোচৰ তৰাৰ পিছত সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত অধিবক্তা ৰিংকী চেতাৰ্জীয়ে কয় যে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মমতা বেনাৰ্জীয়ে হিজাব পিন্ধি ৰেড ৰোডৰ ঈদৰ নামাজত অংশগ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত হিন্দু ধৰ্মক লৈ আপত্তিজনক মন্তব্য কৰিছিল। অৱশ্যে সেই বক্তব্যত মমতা বেনাৰ্জীয়ে প্ৰতিপক্ষক উদ্দেশ্যি কৈছিল যে তেওঁ ৰামকৃষ্ণ আৰু স্বামী বিবেকানন্দৰ ধৰ্ম মানে, কিন্তু জুমলা পাৰ্টীয়ে বনোৱা এটা লেতেৰা ধৰ্ম নামানে, যিটো হিন্দু ধৰ্মৰ বিৰোধী। মূলতে হিন্দীত ভাষণ দিয়াৰ সময়ত তেওঁ ব্যৱহাৰ কৰা গন্ধা ধৰ্ম অৰ্থাৎ লেতেৰা ধৰ্ম শব্দটোৱেই সেই সময়ত বিতৰ্কৰ সৃষ্টি কৰিছিল।

আৰক্ষীৰ বিৰুদ্ধে অসহযোগিতাৰ অভিযোগ তুলি অধিবক্তাগৰাকীয়ে কয় যে চাইবাৰ শাখাত এজাহাৰ দিবলৈ যাওঁতে প্ৰথমতে তাক গ্ৰহণ কৰা হোৱা নাছিল, যাৰ বাবে তেওঁ শাৰীৰিক আৰু মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছিল আৰু দিনৰ পিছত দিন ধৰি অভিযোগটো ওলমাই ৰখা হৈছিল। তেওঁ লগতে কয় যে পিছত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধৰ্মতলাত হিন্দু ভোটাৰসকলক ভাবুকি দি আৰু কিছু বক্তব্য দিয়া হৈছিল। এগৰাকী হিন্দু আৰু সমাজকৰ্মী হিচাপে তেওঁ নিজকে বিপদত পৰা আৰু আক্ৰমণৰ আশংকাত থকা বুলি অনুভৱ কৰিছিল। তেওঁ উচতনি, হিংসা প্ৰৰোচনা আৰু ধৰ্ম অবমাননাৰ অভিযোগ তুলি ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত অভিযোগ দাখিল কৰিছিল। প্ৰথমতে আৰক্ষীয়ে ব্যৱস্থা ল’বলৈ অস্বীকাৰ কৰিলেও পিছত অভিযোগ গ্ৰহণ কৰে আৰু ধাৰাসমূহ প্ৰয়োগ কৰে। অধিবক্তাগৰাকীৰ মতে, বাকস্বাধীনতাৰো এটা সীমা থকা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd