সুদূৰ ৰাজস্থানৰ পৰা অসমৰ এখন ভিতৰুৱা গাঁৱলৈ উট অনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত ব্যাপক উত্তেজনা আৰু কৌতূহলৰ সৃষ্টি হয়। মৰুভূমিৰ এই প্ৰাণীটোক এবাৰ চাবলৈ গাঁৱৰ ৰাইজৰ মাজত হেতাওপৰা লাগে। অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু উটৰ জৰিয়তে কুৰবানি দিয়াৰ আইনী জটিলতাৰ পৰা হাত সাৰিবলৈ শেষত স্থানীয় আৰক্ষীয়ে উটটোক নিজৰ জিম্মাত লয়।
জানিব পৰা মতে ঘটনাটো ধেমাজি জিলাৰ চিচিবৰগাঁও অঞ্চলৰ গেলুৱা গাঁৱত সংঘটিত হৈছে। সূত্ৰৰ মতে, খাৰুপেটীয়া হৈ ৰাজস্থানৰ পৰা এই উটটোক অসমলৈ অনা হৈছিল। খান নামৰ এজন স্থানীয় লোকে ঈদৰ কুৰবানিৰ উদ্দেশ্যেই উটটো আনিছিল বুলি কোৱা হৈছে। কিন্তু সেউজীয়া প্ৰকৃতিৰে ভৰা অসমৰ গাঁৱত হঠাতে মৰুভূমিৰ জাহাজ বুলি জনাজাত উটটো দেখি সকলো আচৰিত হয়। সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বয়সস্থ লোকলৈকে সকলোৱে উটটো চাবলৈ ভিৰ কৰে। পৰিস্থিতি বেয়া হোৱাৰ আশংকাত আৰক্ষীয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰি উটটো উদ্ধাৰ কৰি বাজেয়াপ্ত কৰে।
অসমৰ এই গাঁৱত উট অনাৰ ঘটনা এনে এটা সময়ত পোহৰলৈ আহিছে যেতিয়া ৰাজ্যজুৰি ঈদৰ কুৰবানি আৰু পশুবলিসন্দৰ্ভত ব্যাপক চৰ্চা চলি আছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ঈদ কমিটি আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলক এক বিশেষ আহ্বান জনাইছিল। সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু আন ধৰ্মৰ লোকৰ আৱেগক সন্মান জনাই তেওঁ ঈদত স্বেচ্ছাই গৰু কুৰবানিৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰিছিল। মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছত ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছিল যদিও বহুতো ঈদগাহ কমিটি আৰু স্থানীয় মুছলমান সংগঠনে ইয়াক আদৰণি জনাইছে আৰু গৰু কুৰবানি নিদিয়াৰ সিদ্ধান্ত লৈছে।
মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে ৰাজ্যৰ প্ৰায় আঠশৰো অধিক ঈদগাহ কমিটিয়ে ইতিমধ্যে গৰু কুৰবানি বন্ধ কৰাৰ সিদ্ধান্তক সমৰ্থন কৰিছে। ৰাজ্যৰ শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত ইয়াক এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে তেওঁ সতৰ্ক কৰি দিয়ে যে যিসকলে কুৰবানি দিব তেওঁলোকে যাতে হিন্দু প্ৰধান এলেকাত বা জনবসতিপূৰ্ণ ঠাইত এই কাৰ্য নকৰে। আইন অমান্য কৰিলে প্ৰশাসন আৰু আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সকীয়াই দিয়ে।
উল্লেখযোগ্য যে অসমত গো-ৰক্ষাৰ বাবে নিৰ্দিষ্ট আইন আছে। অসম গো-সংৰক্ষণ আইন অনুসৰি যিকোনো মন্দিৰ বা নামঘৰৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গো-হত্যা আৰু গোমাংস ভক্ষণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই নিয়ম যাতে কোনো কাৰণতে ভংগ নহয় তাৰ বাবে প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ মাজতে ধেমাজিত ৰাজস্থানৰ পৰা উট অনাৰ ঘটনাই ৰাজ্যত নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে।





