সদৌ অসম লেখিকা সমাৰোহ সমিতি, দ্বাৰকানগৰ শাখাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস দ্বাৰকানগৰ শিশু উদ্যান বাকৰিত আজি সুকলমে অনুষ্ঠিত হয়। সভাপতি প্ৰতিভা দেৱীয়ে সমাৰোহৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰি সদস্যাসকলক সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আৰম্ভণি কেনেকৈ হ’ল বিশদভাৱে বাখ্যা কৰে।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত আলোচনা সভাখনত উপসভাপতি বিনীতা দত্তই আত ধৰি অতিথি সকলক আসন গ্ৰহণ কৰাই সম্বৰ্দ্ধনা জনায়। শাখাৰ মহিলা সকলে ” চিৰ চেনেহী মোৰ ভাষা জননী ” শীৰ্ষক সমবেত সংগীতেৰে আৰম্ভ কৰা সভাত প্ৰয়াত পদ্মশ্রী ড০ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জলন কৰে শাখাৰ উপদেষ্টা অনিতা শৰ্মাই আৰু মাল্যাৰ্পণ কৰে কাৰ্যকৰী সভাপতি পাৰুল দেৱীয়ে।
আন এগৰাকী কাৰ্যকৰী সভাপতি সাবিত্রী বৈশ্যই উপস্থিত আটাইকে আদৰণি জনোৱাৰ পিচত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰুনুমী তালুকদাৰে আৰু সভা উদ্বোধন কৰে লেখিকা সমাৰোহ সমিতিৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদক শেৱালি ভাগৱতীয়ে।
“বাস্তৱ, বিভ্ৰম আৰু অন্তৰ্জীৱনৰ কথকতা : নাৰী ; স্ৰষ্টা আৰু দ্ৰষ্টা ” শীর্ষক বিষয়ৰ ওপৰত তত্ত্ব গধুৰ ভাষণ আগবঢ়াই পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ তনয় জ্যোতি দুৱৰাই উল্লেখ কৰে যে ৩৫০০ বছৰ আগেয়ে সমাজখনত পুৰুষ মহিলা উভয়ে পশুপালনত সমানে সহযোগী হৈ জীৱন নিৰ্বাহ কৰিছিল যি সময়ত কৃষি ব্যৱস্থাৰ প্ৰচলনেই হোৱা নাছিল। পৰবৰ্তী কালত মনুসংহিতাৰ সৃষ্টিৰে পুৰুষ প্ৰধান সমাজৰ প্ৰাধান্য বৃদ্ধি পায় আৰু মহিলাসকলক গৃহিণীৰ দায়িত্ব পালনেৰে পিতৃ, স্বামী, পুত্রৰ অধীনলৈ নিয়ে। বহু বছৰৰ পিছত বিশেষকৈ ইংৰাজ সকল ভাৰতলৈ অহাৰ পৰৱৰ্তী সময়ৰ পৰা মহিলাসকলক স্বাধীনমনা কৰাৰ চেষ্টা আৰম্ভ হয়। বৰ্তমান মহিলাসকল যথেষ্ট পৰিমাণে আগবাঢ়ি গৈছে, পুৰুষৰ সমানে সকলো কামতে নিজক উপযুক্ত কৰি গঢ়ি তুলিছে।
হেঙেৰাবাৰী আৰু চচল শাখাৰ প্ৰতিনিধি ক্ৰমে অৰুণিমা দত্ত আৰু সান্তনা দাসে সাহিত্য বিষয়ক কেবাটাও প্ৰশ্ন উত্থাপনেৰে আলোচনা চক্রখনি সফল হোৱাত অৰিহণা যোগায়। ড০ ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” গীতটি আৰু হোলী গীত পৰিৱেশন কৰি লেখিকা সকলে উপস্থিত সকলোকে আপ্লুত কৰে।
বিশিষ্ট অতিথি দ্বাৰকানগৰ উন্নয়ন সমিতিৰ সভাপতি প্ৰফুল্ল শৰ্মাই শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। আজিৰ সভাতেই লেখিকা পৰিয়ালৰ সদস্য টানিশা কাশ্যপে দ্বাদশ শ্রেণী, বৰ্ণিল মজুমদাৰ আৰু নিয়ৰজ্যোতি দাসে দশম শ্রেণীৰ সদ্য প্ৰকাশিত ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বাবে সম্বৰ্দ্ধনা জনোৱা হয়।
সভাপতি প্ৰতিভা দেৱীয়ে ড০ শীলা বৰঠাকুৰৰ উদ্যোগত ১৯৭৪ চনৰ পৰা লেখিকা সমাৰোহ সমিতিৰ কামকাজৰ অগ্রগতি সম্পর্কে আৰু অসমতে সীমাবদ্ধ নাথাকি কিদৰে ভাৰতৰ বিভিন্ন স্থানতো শাখা গঠনেৰে মহিলাসকলক আগবাঢ়ি যোৱাৰ পথ প্ৰদৰ্শন কৰাৰ লক্ষ্যত উপনীত হৈছে সেয়া বিশদভাবে নিজৰ বক্তব্যত প্ৰকাশ কৰে। শলাগৰ শৰাই আগবঢ়ায় মামনি দত্তই। সভাত উপস্থিত আটায়ে অসম সংগীত পৰিবেশন কৰাৰ পিছতেই সভা সমাপ্তি ঘোষণা কৰা হয়।





