মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।।
আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৭ সংখ্যক আৱিৰ্ভাৱ তিথি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথিত আজি সমগ্ৰ ৰাজ্য হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰৰ লগতে ৰাজ্যবাসীয়ে আজি মহাপুৰুষগৰাকীক শ্রদ্ধাৰে সোঁৱৰিছে। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ মহাপুৰুষগৰাকীৰ জন্ম তিথি উপলক্ষে ভক্তিৰসত বিলীন হৈ পৰিছে ভকত-বৈষ্ণৱ সমাজ।
অসমীয়া সমাজ জীৱনত গুৰু শিষ্যৰ সম্বন্ধক এক নতুন মাত্রা প্রদান কৰি ‘গুৰু শিষ্যৰ মণিকাঞ্চন’ সংযোগৰ ঐতিহাসিক গাথাৰে অনাদি কাললৈ খ্যাতি ৰাখি থৈ যোৱা মহাপুৰুষজনাৰ জীৱন আছিল সাধনা আৰু সৃষ্টিৰ এক অপূৰ্ব সমাহাৰ।
১৪৯৮ খৃঃ জেঠ মাহৰ কৃষ্ণা প্রতিপদ তিথিত লখিমপুৰ লেতেকুপুখুৰীৰ হৰিসিং বৰাৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা আই।
শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ গুৰুসেৱা আছিল ত্যাগৰ মহিমাৰে উদ্ভাসিত। গুৰুজনাৰ ছত্ৰ-ছায়াতে থাকি মানৱ-সেৱাৰ নিমিত্তে গোটেই জীৱন একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে উছৰ্গা কৰিছিল।
মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি আছিল ‘নামঘোষা’ আৰু ‘ভক্তিৰত্নাৱলী’। মাধৱদেৱে প্রথম আসোঁৱাৰী ৰাগৰ ‘ৰে মন সেবহু হৰিকহু চৰণ’ নামৰ বৰগীত ৰচনা কৰিছিল। মাধৱদেৱৰ জীৱনৰ কালজয়ী সৃষ্টি হ’ল-নামঘোষা। নামঘোষাত এহেজাৰটা ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়।
মহাপুৰুষগৰাকীয়ে তেওঁৰ জীৱন কালত একাধিক বৰগীত, ভটিমা, ঝুমুৰা আদি ৰচনা কৰিছিল। কথাগুৰু চৰিতৰ মতে মাধৱদেৱে ১৯১ টা বৰগীত ৰচনা কৰিছিল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত মাক সুস্থ হৈ উঠিলে দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিছিল। কিন্তু সকলো মনস্থ কৰিও ভনীজোঁৱায়েকৰ কথামতে মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱৰ ওচৰলৈ গৈ বলি বিধানকলৈ যুক্তি-তৰ্কত লিপ্ত হয়। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ ধৰ্মত দীক্ষা লয়। শংকৰ-মাধৱৰ এই মিলনক মণি-কাঞ্চন সংযোগ বুলি জনা যায়।
১৪৮৯ চনত নাৰায়ণপুৰত জন্ম গ্ৰহণ কৰা গুৰুজনাই ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত জীৱন নাটৰ সামৰণি মাৰে।





