এফালে আমেৰিকালৈ গৈ মানৱতা, সহনশীলতা আৰু সমাজৰ প্ৰতি দায়িত্ববোধৰ কথা কৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) সৰসংঘচালক মোহন ভাগৱতে। আনফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰি দীঘলীয়া অনশন কৰা RSSৰ স্বয়ংসেৱক হিতেশ্বৰ চক্ৰৱৰ্তীৰ কাষত দেখা নগ’ল সংঘৰ কোনো শীৰ্ষ নেতাক। এই ঘটনাই এতিয়া RSSৰ নীতি-আদৰ্শ, নেতৃত্বৰ ভূমিকা আৰু মুখ্যমন্ত্ৰীৰ সৈতে সংঘৰ সম্পৰ্কক লৈ বহু প্ৰশ্নৰ অৱকাশ সৃষ্টি কৰিছে।
যোৱা ১৬ আগষ্টৰ পুৱা ১১ বজাৰ পৰা ৩০ আগষ্টৰ পুৱা ১০.৩০ বজালৈ মুঠ ৩৩৫ ঘণ্টা অনশন কাৰ্যসূচী ৰূপায়ণ কৰে হিতেশ্বৰ চক্ৰৱৰ্তীয়ে। প্ৰায় ১৫ দিন ধৰি অনশনত থকাৰ পাছত অৱশেষত প্ৰাক্তন বিজেপি নেতা জয়ন্ত কুমাৰ দাসৰ উপস্থিতিত সুজাতা গুৰুঙ চৌধুৰীয়ে তেওঁৰ অনশন ভংগ কৰায়। চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ কোনো গুৰুতৰ অৱনতি ঘটাৰ খবৰ পোৱা নগ’ল যদিও এই দীঘলীয়া অনশন চলি থকাৰ সময়ছোৱাত চৰকাৰৰ ফালৰ পৰা কোনো চিকিৎসক বা স্বাস্থ্যকৰ্মী যোগান ধৰা নহ’ল বুলি অভিযোগ উঠিছে।
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনশন কৰাৰ বাবেই চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নেকি, সেই প্ৰশ্নও এতিয়া উত্থাপিত হৈছে। একে সময়তে, অনশনস্থলীত RSSৰ এজনো নেতা উপস্থিত নোহোৱাটোৱেও বিষয়টোক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। হিতেশ্বৰ চক্ৰৱৰ্তীৰ অভিযোগ আৰু দাবীৰ প্ৰতি সংঘৰ নেতৃত্বৰ নীৰৱতাক লৈও বিভিন্ন মহলত চৰ্চা চলিছে।
চক্ৰৱৰ্তীয়ে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা নেতা পৰেশ বৰুৱাৰ প্ৰতি সহানুভূতিশীল মন্তব্য কৰি দেশদ্ৰোহমূলক কাম কৰিছে। তেওঁ লগতে দাবী কৰিছিল যে মুখ্যমন্ত্ৰীক দেশদ্ৰোহৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা উচিত। এই অভিযোগক কেন্দ্ৰ কৰিয়েই তেওঁ অনশনত বহিছিল।
চক্ৰৱৰ্তীৰ দাবী আছিল, মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে। নহ’লে তেওঁ পদত্যাগ কৰিব লাগে। তাৰো পিছত ব্যৱস্থা গ্ৰহণ নকৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইন, অৰ্থাৎ NSAৰ অধীনত মুখ্যমন্ত্ৰীক কৰায়ত্ত কৰিব লাগে বুলি দাবী তোলে তেওঁ। ইয়াৰ উপৰি আলফাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবীও উত্থাপন কৰে চক্ৰৱৰ্তীয়ে।
ইতিমধ্যে তেওঁ এই দাবীসমূহ লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, ৰাষ্ট্ৰপতি আৰু অসমৰ ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু ৰাজ্যপালৰ ফালৰ পৰা কোনো উত্তৰ লাভ কৰা নাই বুলি তেওঁ জানিবলৈ দিয়ে। আগন্তুক দিনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ কথাও ঘোষণা কৰিছে হিতেশ্বৰ চক্ৰৱৰ্তীয়ে।
ইফালে, অনশন ভংগ কৰাৰ পাছত জয়ন্ত কুমাৰ দাসেও RSSৰ নেতৃত্বৰ ভূমিকাক লৈ একাধিক গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ প্ৰশ্ন, সংঘৰ নেতৃত্বই মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰি আছে নেকি? হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰিবলৈ গৈ RSSৰ নেতৃত্বই নিজৰ নীতি-আদৰ্শৰ সৈতে আপোচ কৰিছে নেকি? পূৰ্বৰ তুলনাত RSSৰ নেতৃত্ব এতিয়া পথভ্ৰষ্ট হৈছে নেকি, সেই প্ৰশ্নও উত্থাপন কৰা হয়।
কেৱল এয়াই নহয়, ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে সংঘৰ কোনো কোনো অধিকাৰীয়ে মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰি চলিছে নেকি, সেই বিষয়তো প্ৰশ্ন তোলা হৈছে। আনকি চিনাকি-চাকৰি বা আত্মীয়-স্বজনক চাকৰি দিয়াৰ দৰে অভিযোগৰ বিষয়তো RSSৰ নেতৃত্বই স্পষ্ট উত্তৰ দিব লাগে বুলি দাবী কৰিছে জয়ন্ত কুমাৰ দাসে। তেওঁৰ মতে, এই প্ৰশ্নবোৰৰ পৰা পলাই বা লুকাই থাকিলে সমস্যাৰ সমাধান নহয়।
আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে, অসমৰ ৰাজনীতিৰ এনে এক স্পৰ্শকাতৰ বিষয়ত মূল সুঁতিৰ সংবাদ মাধ্যমে হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক কিয় গুৰুত্বসহকাৰে তুলি নধৰিলে। প্ৰায় ১৫ দিন ধৰি চলা এটা অনশন, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু RSSৰ এজন স্বয়ংসেৱকৰ এনে প্ৰতিবাদে স্বাভাৱিকভাৱেই ৰাজনৈতিক আৰু সামাজিক মহলত আলোচনা লাভ কৰাৰ কথা। কিন্তু সেই অনুপাতে বিষয়টো জনচৰ্চালৈ নাহিল বুলি অভিযোগ উঠিছে।
হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক লৈ কৰা মন্তব্যক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই বিতৰ্কই এতিয়া RSSৰ নীতি-আদৰ্শৰ কথাও নতুনকৈ সন্মুখলৈ আনিছে। আমেৰিকাত গৈ মানৱতা আৰু মূল্যবোধৰ কথা কোৱা RSSৰ নেতৃত্বে নিজৰ সংগঠনৰ এজন স্বয়ংসেৱকৰ গণতান্ত্ৰিক প্ৰতিবাদৰ সময়ত কিয় নীৰৱ থাকিল, সেই প্ৰশ্নৰ উত্তৰ বিচৰা আৰম্ভ হৈছে।
সঁচাকৈয়ে RSS নিজৰ নীতি-আদৰ্শ অটুট ৰাখিছে নে সময়ৰ সৈতে ৰাজনৈতিক সমীকৰণৰ মাজত নিজৰ ভূমিকা সলনি কৰিছে, সেয়া এতিয়া চৰ্চাৰ বিষয়। হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশন শেষ হ’ল যদিও তেওঁ উত্থাপন কৰা অভিযোগ আৰু জয়ন্ত কুমাৰ দাসে কৰা প্ৰশ্নই বিষয়টোক এতিয়াই শেষ নকৰিলে। বৰং এই ঘটনাই RSS, মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাজনীতিৰ মাজৰ সম্পৰ্কক লৈ নতুন বিতৰ্কৰ দুৱাৰ মুকলি কৰিলে।


