ভাৰতে কেৱল নেপালৰ মাটি দখল কৰাই নহয়, নেপালেও ভাৰতৰ কিছু ভূখণ্ড দখল কৰি ৰাখিছে। দেওবাৰে সংসদত ভাষণ দি নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে এই বিস্ফোৰক দাবী কৰে। অৱশ্যে একে সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশক এই বিষয়টো যুটীয়াভাৱে তদন্ত কৰিবলৈ আহ্বান জনায়। বলেন্দ্ৰ শ্বাহৰ এই মন্তব্য পোহৰলৈ অহাৰ পিছতে এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।
প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দুমাহৰ পিছত প্ৰথমবাৰৰ বাবে নেপালৰ সংসদত ভাষণ দিছিল বলেন্দ্ৰ শ্বাহে। কাঠমাণ্ডু পোষ্টৰ প্ৰতিবেদন অনুসৰি, তাত এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতহে তেওঁ ভূমি দখলৰ এই বিষয়টোৰ বিষয়ে জানিব পাৰিছে। কেৱল সেয়াই নহয়, কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা অঞ্চলৰ ভূমিক লৈ ভাৰত আৰু নেপালৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছে। সংসদত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কূটনৈতিক আলোচনাৰ জৰিয়তে এই বিবাদৰ সমাধান কৰা হ’ব। নেপালে ইতিমধ্যে এই সন্দৰ্ভত ভাৰতলৈ এখন কূটনৈতিক পত্ৰ প্ৰেৰণ কৰিছে আৰু ভাৰতৰ পৰা ইয়াৰ উত্তৰো লাভ কৰিছে।
বলেন্দ্ৰ শ্বাহৰ মতে, এই সমস্যা সমাধানৰ বাবে দুয়োখন দেশে যুটীয়াভাৱে এটা দল গঠন কৰিব। য’ত জৰীপ বিশেষজ্ঞৰ লগতে অঞ্চলটোৰ বিষয়ে জ্ঞাত লোকসকল থাকিব। ইয়াতেই আলোচনাৰ জৰিয়তে সকলো সমস্যাৰ সমাধান কৰা হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। কেৱল সেয়াই নহয়, এই সন্দৰ্ভত চীন আৰু ব্ৰিটেইন প্ৰশাসনৰ লগতো আলোচনা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ভূমি বিবাদৰ এই বিষয়টো কেৱল ভাৰত আৰু চীনৰ লগতেই নহয়, ব্ৰিটিছ চৰকাৰৰ লগতো আলোচনা কৰা হৈছে। নেপালে অনুভৱ কৰে যে ব্ৰিটেইনেও এই ক্ষেত্ৰত আগ্ৰহ দেখুওৱা উচিত। কাৰণ এই বিবাদৰ সূত্ৰপাত সেই সময়ৰ পৰাই হৈছিল, যেতিয়া ব্ৰিটিছসকল ইয়াৰ পৰা গুচি গৈছিল।
উল্লেখযোগ্য যে, ভাৰত-নেপাল সীমান্তৰ লিপুলেখ, লিম্পিয়াধুৰা আৰু কালাপানীক দীৰ্ঘদিন ধৰি অত্যন্ত স্পৰ্শকাতৰ অঞ্চল হিচাপে গণ্য কৰা হয়। ২০২০ চনৰ জুন মাহত নেপালৰ সংসদে এখন নতুন মানচিত্ৰ অনুমোদন কৰিছিল, য’ত এই অঞ্চলসমূহক নেপালৰ অংশ হিচাপে দেখুওৱা হৈছিল। এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে নেপালৰ দাবী ভিত্তিহীন আৰু ভাৰতে কোনো কাৰণতে এই দাবীক মান্যতা নিদিয়ে। এই ঘটনাৰ পিছত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কতো যথেষ্ট অৱনতি ঘটিছিল।





