উত্তৰ-পূব ম্যানমাৰৰ এখন বিদ্ৰোহী নিয়ন্ত্ৰিত গাঁৱত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। এই ঘটনাত অতি কমেও ৫৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭০ জনৰো অধিক লোক আহত হৈছে। এই মৰ্মান্তিক দুৰ্ঘটনাটো ম্যানমাৰৰ চীন সীমান্তৱৰ্তী শ্বান প্ৰদেশৰ নামখাম জিলাৰ কাওংটাট গাঁৱত সংঘটিত হৈছে। বিদ্ৰোহী শিবিৰৰ তৰফৰ পৰা জনোৱা অনুসৰি, এটা ঘৰত মজুত ৰখা বিস্ফোৰক দ্ৰব্য দুৰ্ঘটনাবশতঃ ফুটি যোৱাৰ ফলতেই এই ভয়ংকৰ ঘটনাটো ঘটিছে।
জানিব পৰা মতে, এই অঞ্চলটো ম্যানমাৰৰ বিদ্ৰোহী গোট তাং নেচনেল লিবাৰেচন আৰ্মিৰ (টিএনএলএ) নিয়ন্ত্ৰণত আছে। ম্যানমাৰৰ জুন্টা সামৰিক বাহিনীৰ সৈতে এই বিদ্ৰোহীসকলৰ দীৰ্ঘদিন ধৰি সংঘৰ্ষ চলি আছে। দেওবাৰে টিএনএলএ-ৰ নিয়ন্ত্ৰণত থকা কাওংটাট গাঁৱৰ এটা ঘৰত হঠাতে এক প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা যায়। থিতাতে ৫৫ জন লোকৰ মৃত্যু হয় আৰু মৃতকৰ ভিতৰত ২৫ গৰাকী মহিলা বুলি জানিব পৰা গৈছে। আহতৰ সংখ্যা ৭০ জনতকৈ অধিক হোৱাৰ বাবে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে ওচৰ-পাজৰৰ প্ৰায় ১০০ টা ঘৰৰ বিস্তৰ ক্ষতিসাধন হৈছে। টিএনএলএ-য়ে দাবী কৰিছে যে খনিত শিল ভঙা কামত ব্যৱহাৰ কৰা বিস্ফোৰক ফুটিহে এই দুৰ্ঘটনাটো সংঘটিত হৈছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিৰ সূত্ৰ অনুসৰি, বিস্ফোৰণৰ পিছত প্ৰাথমিকভাৱে অঞ্চলটোত বিমান আক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছিল। কিন্তু পিছত টিএনএলএ-য়ে এক বিবৃতিযোগে স্পষ্ট কৰি দিয়ে যে এয়া কোনো বিমান আক্ৰমণ নহয়, বৰঞ্চ এক দুৰ্ঘটনাৰ ফলতহে এই বৃহৎ ক্ষয়ক্ষতি হৈছে। উল্লেখযোগ্য যে ২০২১ চনত সামৰিক অভ্যুত্থানৰ জৰিয়তে ম্যানমাৰৰ ক্ষমতা দখল কৰিছিল সেনাই। তেতিয়াৰে পৰা দেশখন গৃহযুদ্ধত জৰ্জৰিত হৈ আছে। বিগত ৫ বছৰতকৈও অধিক সময় ধৰি সামৰিক বাহিনী জুন্টা আৰু বিদ্ৰোহী গোটৰ মাজত চলি থকা সংঘৰ্ষত দেশখনত কেইবা হাজাৰো লোকৰ প্ৰাণহানি হৈছে।





