অৱশেষত ভাৰতীয় টি-২০ দলত সুযোগ পালে বৈভৱ সূৰ্য্যবংশীয়ে। এটা ডাঙৰ আই পি এল (আই পি এল ২০২৬) ছিজনৰ পিছত ভাৰতীয় দলত স্থান লাভ কৰাটো সময়ৰ অপেক্ষা আছিল। বৈভৱে স্থান পোৱাৰ সমান্তৰালকৈ ভাৰতীয় দলটোত বাদ পৰিল বিশ্বকাপ বিজয়ী অধিনায়ক সূৰ্যকুমাৰ যাদৱ। আই পি এলত তেওঁৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁক বাদ দিয়া হৈছে। বিশেষজ্ঞসকলে এই ধাৰণা কৰে।
ইংলেণ্ড আৰু আয়াৰলেণ্ড ভ্ৰমণত ভাৰতীয় দলটোৱে টি-২০ ছিৰিজ খেলিব। আৰু বৈভৱক সেই ছিৰিজৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইতিমধ্যে বি চি চি আইৰ এপেক্স কাউন্সিল কমিটীৰ বৈঠকত সূৰ্য্যক অপসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত আজি আনুষ্ঠানিক ঘোষণা কৰা হয়।
যদিহে বৈভৱে মূল দলত সুযোগ পায় তেন্তে তেওঁ ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত কনিষ্ঠতম ক্ৰিকেটাৰ হোৱাৰ অভিলেখ গঢ়িব। ইয়াৰ পূৰ্বে এই অভিলেখ শচীন তেণ্ডুলকাৰৰ হাতত আছিল।
সূৰ্যকুমাৰ যাদৱৰ ঠাইত ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে শ্ৰেয়াছ আয়াৰক। বৈভৱ সূৰ্যবংশীয়েও প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। আয়াৰলেণ্ডৰ ছিৰিজৰ দলত তেওঁক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।
আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ দল : শ্ৰেয়াছ আয়াৰ (অধিনায়ক), তিলক ভাৰ্মা (উপ অধিনায়ক), বৈভৱ সূৰ্য্যবংশী, অভিষেক শৰ্মা, সঞ্জু চেমছন, ঈশান কিষাণ, শিৱম ডুবে, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, মহম্মদ চিৰাজ, হৰ্ষিত ৰানা, অৰ্শদীপ সিং, ৰাজকুমাৰ যাদৱ।
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ দল : শ্ৰেয়াছ আয়াৰ (অধিনায়ক), তিলক ভাৰ্মা, ৰবি বিষ্ণয়, অভিষেক শৰ্মা, নীতিশ ৰেড্ডী, মহম্মদ ছিৰাজ, সঞ্জু চেমছন, অক্ষৰ পেটেল, হৰ্ষিত ৰানা, ঈশান কিষাণ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, শিৱম ডুবে, বৰুণ চক্ৰৱৰ্তী, প্ৰিন্স সুৰভাব আৰু ইউবান।
আয়াৰলেণ্ড ভ্ৰমণ (জুন)
১ম টি-২০: ২৬ জুন, বেলফাষ্ট
২য় টি-২০: ২৮ জুন, বেলফাষ্ট
ইংলেণ্ড ভ্ৰমণ (জুলাই)
১ জুলাই: ১ম টি-২০, চেষ্টাৰ-লে-ষ্ট্ৰীট
৪ জুলাই: ২য় টি-২০, মানচেষ্টাৰ
৭ জুলাই: ৩য় টি-২০, নটিংহাম
৯ জুলাই: চতুৰ্থ টি২০, ব্রিষ্টল
১১ জুলাই : পঞ্চম টি-২০, চাউথমপটন
১৪ জুলাই : প্ৰথম এদিনীয়া, বাৰ্মিংহাম
১৬ জুলাই : দ্বিতীয় এদিনীয়া, কাৰ্ডিফ
১৯ জুলাই : তৃতীয় এদিনীয়া, লৰ্ডছ





