• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 3:14 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্মতিসাপেক্ষ বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কক লৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। ন্যায়ালয়ৰ স্পষ্টীকৰণ অনুসৰি, দুজন অবিবাহিত প্ৰাপ্তবয়স্ক ব্যক্তিৰ মাজত থকা পাৰস্পৰিক শাৰীৰিক সম্পৰ্কক কেৱল সেই কাৰণতেই চৰিত্ৰহীনতাৰ লক্ষণ বা চৰিত্ৰৰ প্ৰতিকূল মূল্যায়নৰ ভিত্তি হিচাপে গণ্য কৰিব নোৱাৰি। তেলেংগানাৰ এজন আৰক্ষী কনিষ্টবল প্ৰাৰ্থীৰ নিযুক্তি বাতিলৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মনমোহন আৰু মনোজ মিশ্ৰৰ খণ্ডপীঠে এই ঐতিহাসিক নিৰীক্ষণ কৰে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে নিযুক্তি ব’ৰ্ডৰ পূৰ্বৰ বাতিলকৰণৰ নিৰ্দেশটো নাকচ কৰি প্ৰাৰ্থীজনৰ নিযুক্তি প্ৰক্ৰিয়া পুনৰ বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে।

তেলেংগানা ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে এগৰাকী ষ্টাইপেণ্ডিয়াৰী কেডেট ট্ৰেইনী আৰক্ষী কনিষ্টবলৰ নিযুক্তি বাতিল কৰিছিল। ২০১৪ চনত প্ৰাৰ্থীজনৰ বিৰুদ্ধে বিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰে এগৰাকী পৰিচিত মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত এক অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল। পৰৱৰ্তী সময়ত ২০১৫ চনত এখন লোক আদালতত এই গোচৰটোৰ আপোচ-মীমাংসা হৈছিল। প্ৰাৰ্থীজনে নিজৰ আবেদন পত্ৰত এই গোচৰৰ কথা স্পষ্টভাৱে উল্লেখ কৰাৰ পিছতো নৈতিক স্খলনৰ দোহাই দি নিযুক্তি ব’ৰ্ডে তেওঁৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰিছিল।

Apply Now

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ খণ্ডপীঠখনে কয় যে দুজন সন্মতিপ্রাপ্ত অবিবাহিত প্রাপ্তবয়স্ক ব্যক্তিৰ মাজৰ শাৰীৰিক সম্পৰ্কই তেওঁলোকৰ চৰিত্ৰৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ পেলোৱা উচিত নহয়। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এনে সন্মতিসাপেক্ষ সম্পৰ্কক বাধা প্ৰদান কৰিব পৰা কোনো আইন নাই। লগতে সৰ্বোচ্চ ন্যায়ালয়ে উল্লেখ কৰে যে প্ৰতিটো সম্পৰ্কই বিবাহৰ পৰ্যায় নাপাবও পাৰে, আৰু সম্পৰ্ক এটা বিবাহলৈ ৰূপান্তৰিত নোহোৱাৰ অৰ্থ এইটো নহয় যে এজন ব্যক্তিয়ে আনজনক প্ৰতাৰণা কৰিছে। কৰ্তৃপক্ষসমূহক পৰিৱৰ্তিত সামাজিক বাস্তৱতাৰ প্ৰতি সংবেদনশীল হ’বলৈ ন্যায়ালয়ে আহ্বান জনায়।

ৰায়দানত ন্যায়ালয়ে লগতে প্ৰকাশ কৰে যে লোক আদালতত বিয়াৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ কৰা গোচৰৰ মীমাংসা হোৱাৰ অৰ্থ এইটো নহয় যে অভিযুক্তই নিজৰ দোষ স্বীকাৰ কৰিছে। অভিযোগকাৰীৰ ওপৰত জোৰ-জুলুম কৰি মীমাংসা কৰা হৈছিল বুলি প্ৰমাণ নোহোৱা পৰ্যন্ত, কেৱল এটা অপৰাধমূলক গোচৰৰ আপোচ-মীমাংসা হোৱাৰ বাবেই কোনো নিয়োগকৰ্তাই প্ৰাৰ্থীজনৰ বিৰুদ্ধে বিৰূপ ধাৰণা পোষণ কৰিব নোৱাৰে। বৰ্তমানৰ গোচৰটোত প্ৰাৰ্থীজন আৰু অভিযোগকাৰী মহিলাগৰাকী চুবুৰীয়া আছিল আৰু দীৰ্ঘদিন ধৰি পৰস্পৰক চিনি পাইছিল। ইয়াত বলপ্ৰয়োগ বা ভাবুকিৰ কোনো প্ৰমাণ পোৱা হোৱা নাই বুলি খণ্ডপীঠে উল্লেখ কৰে।

প্ৰাৰ্থীজনৰ আইনী যুঁজখনৰ বিষয়ে উল্লেখ কৰি ন্যায়ালয়ে কয় যে প্ৰথমে তেলেংগানা উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে ব’ৰ্ডৰ সিদ্ধান্ত নাকচ কৰি নিযুক্তিৰ পুনৰ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ব’ৰ্ডে পুনৰ নিযুক্তি বাতিল কৰাত, এজনীয়া বিচাৰপীঠে দ্বিতীয়বাৰৰ বাবে তেওঁক নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু উচ্চ ন্যায়ালয়ৰ এখন দ্বৈত বিচাৰপীঠে এই নিৰ্দেশ প্ৰত্যাখ্যান কৰাৰ পিছতেই প্ৰাৰ্থীজনে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

প্ৰতাৰণাৰ অভিযোগ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে কয় যে মহিলাগৰাকীক প্ৰতাৰণা কৰা হৈছিল নে নাই সেয়া কেৱল তেওঁহে ক’ব পাৰিলেহেঁতেন আৰু ৰাজহুৱাভাৱে সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰি। যিহেতু অভিযোগকাৰীয়ে গোচৰটো আগবঢ়াই নিবলৈ বিচৰা নাছিল আৰু মীমাংসাত সন্মতি দিছিল, সেয়েহে আৰক্ষী সেৱাৰ বাবে প্ৰাৰ্থীজনৰ প্ৰয়োজনীয় চৰিত্ৰ নাই বুলি নিযুক্তি ব’ৰ্ডে অনুমান কৰাৰ কোনো ভিত্তি নাই। নিয়োগকৰ্তাসকলৰ বাবে এক বহল মাপকাঠী নিৰ্ধাৰণ কৰি ন্যায়ালয়ে কয় যে অপৰাধ সংঘটিত হোৱা আৰু প্ৰাৰ্থীজনক অপৰাধৰ সৈতে সংযোগ কৰা উপযুক্ত প্ৰমাণ থাকিলেহে চৰিত্ৰৰ ওপৰত প্ৰতিকূল সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব।

উক্ত বিষয়সমূহৰ পুংখানুপুংখ বিচাৰ বিশ্লেষণৰ অন্তত উচ্চতম ন্যায়ালয়ে তেলেংগানা ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ সিদ্ধান্তক ভিত্তিহীন বুলি অভিহিত কৰি প্ৰাৰ্থীজনৰ বাতিল হোৱা নিযুক্তি আনুষ্ঠানিকভাৱে বাহাল ৰাখে। বৰ্তমানৰ পৰিস্থিতিত ন্যায়ালয়ৰ এই ৰায়দান চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থীৰ অতীতৰ অপৰাধমূলক গোচৰ আৰু চৰিত্ৰ মূল্যায়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আইনী নিৰ্দেশনা হিচাপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে। প্ৰাৰ্থীজনে এতিয়া নিয়ম অনুসৰি আৰক্ষী বিভাগত যোগদান কৰাৰ পথ প্ৰশস্ত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd