• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 3:23 pm
447
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৪ বছৰীয়া আনন্দী মোদীয়ে ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধু-বান্ধৱীৰ সৈতে দৌৰা-দৌৰি কৰি খেলি আছিল। কিন্তু মুহূৰ্তৰ ভিতৰতে সেই আনন্দ শোকলৈ ৰূপান্তৰিত হ’ল। খেলি থাকোঁতেই হঠাতে মাটিতে ঢলি পৰি তাইৰ মৃত্যু হয়। চিকিৎসকসকলে প্ৰাথমিকভাৱে অনুমান কৰিছে যে হৃদৰোগত আক্ৰান্ত হৈয়েই তাইৰ মৃত্যু হৈছে।

আনন্দীৰ ঘৰ গুজৰাটৰ জামনগৰত। গৰমৰ বন্ধ উপলক্ষে তাই ৰাজকোটত থকা মামাৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। দেওবাৰে সন্ধিয়া পৰিয়ালৰ সদস্যসকলৰ সৈতে তাই এখন ৰেষ্টুৰেণ্টলৈ খাবলৈ গৈছিল। খোৱা-বোৱা শেষ হোৱাৰ পিছত ৰেষ্টুৰেণ্টৰ চৌহদতে আন শিশুসকলৰ সৈতে তাই খেলিবলৈ আৰম্ভ কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, সিহঁতে ধৰা-ধৰি খেলি আছিল। সেই সময়তে হঠাতে আনন্দীৰ দৌৰাৰ গতি কমি আহে আৰু কেইছেকেণ্ডমানৰ ভিতৰতে তাই মাটিতে ঢলি পৰে।

Apply Now

এই সমগ্ৰ ঘটনাটোৰ এটা চিচিটিভি ফুটেজ ইতিমধ্যে পোহৰলৈ আহিছে। তাত দেখা গৈছে যে আন শিশুসকলৰ সৈতে আনন্দীয়ে দৌৰি আছিল। হঠাতে তাই ৰৈ যায় আৰু মাটিতে বাগৰি পৰে। লগে লগে পৰিয়ালৰ লোকে তাইক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসাধীন অৱস্থাতে তাইৰ কৰুণ মৃত্যু হয়।

প্ৰাথমিক তদন্তত হৃদৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে যদিও মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে সকলো কথা স্পষ্ট হ’ব। উল্লেখযোগ্য যে কম বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা এনে ঘটনা এয়াই প্ৰথম নহয়।

২০২৪ চনৰ ডিচেম্বৰ মাহত উত্তৰপ্ৰদেশৰ আলিগড়ত স্কুলৰ খেলৰ প্ৰস্তুতি চলাই থকা অৱস্থাত এজন ১৪ বছৰীয়া ছাত্ৰ দৌৰি থাকোঁতেই অসুস্থ হৈ পৰে আৰু চিকিৎসালয়লৈ নিয়াৰ পিছত তেওঁক মৃত ঘোষণা কৰা হয়। সেই ঘটনাটোতো হৃদৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছিল। একেদৰে ২০২৪ চনৰ নৱেম্বৰ মাহতো আলিগড়ৰ আৰানা গাঁৱত এগৰাকী ২০ বছৰীয়া যুৱতীৰ দৌৰি থকা অৱস্থাত হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। শেহতীয়াকৈ কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজত এনেদৰে হোৱা আকস্মিক মৃত্যুৰ ঘটনাই চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ চিন্তা বৃদ্ধি কৰিছে। বৰ্তমান আনন্দী মোদীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই তদন্ত চলাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd