• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

  এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 9:05 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰা আৰু বিৰোধীৰ একতা সুদৃঢ় কৰাৰ লক্ষ্যৰে সোমবাৰে নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ২০২৬ চনৰ ৮ জুনত অনুষ্ঠিত এই বৈঠকত যদিও আম আদমী পাৰ্টী আৰু দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম এই বৈঠকৰ পৰা বিৰত থাকে, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰুটিপূৰ্ণ শাসন ব্যৱস্থাৰ সমালোচনা কৰাৰ লগতে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত একতাৰ আহ্বান জনায়।

বৈঠকৰ পূৰ্বেই আম আদমী পাৰ্টীয়ে মিত্ৰজোঁটৰ পৰা ৰাজহুৱাভাৱে দূৰত্ব বজাই ৰখাৰ কথা ঘোষণা কৰিছিল। আনহাতে তামিলনাডুত কংগ্ৰেছে দ্ৰাবিড় মুন্নেত্ৰ কাঝাগমৰ সৈতে মিত্ৰতা ভংগ কৰি টিভিকে নেতৃত্বাধীন চৰকাৰত যোগদান কৰাৰ পাছতেই ডি এম কেয়ে এই বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১ জুনত লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে মিত্ৰজোঁটৰ অন্তিমখন আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হৈছিল, যাৰ পিছত প্ৰায় পঞ্চাশগৰাকী নেতাই নিৰ্বাচনী অনিয়ম সন্দৰ্ভত আলোচনা কৰিছিল।

Apply Now

এই গুৰুত্বপূৰ্ণ বৈঠকত কংগ্ৰেছৰ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ লগতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীয়ে অংশগ্ৰহণ কৰে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ, ৰাষ্ট্ৰীয় জনতা দলৰ তেজস্বী যাদৱ, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ আৰু বাওঁপন্থী দলসমূহৰ লগতে অন্যান্য ক্ষুদ্ৰ দলৰ নেতাসকলো উপস্থিত থাকে। শিৱসেনা (উদ্ধৱ বালাচাহেব ঠাকৰে) প্ৰধান উদ্ধৱ ঠাকৰেয়ে ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰা এই বৈঠকত দলটোৰ সাংসদ সঞ্জয় ৰাউতো উপস্থিত থাকে।

বৈঠকৰ আৰম্ভণিতে কংগ্ৰেছ সভাপতি খাৰ্গেয়ে ২০২৬ চনৰ ১৭ এপ্ৰিলত লোকসভাত সমষ্টি পুনৰ্নিধাৰণ সন্দৰ্ভত মোদী চৰকাৰৰ বিধেয়কৰ বিৰুদ্ধে বিৰোধীয়ে প্ৰদৰ্শন কৰা একতাৰ কথা সুঁৱৰি এই ঐক্যৱদ্ধ মনোভাৱ আগুৱাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ অধীনত সংবিধানৰ ওপৰত আক্ৰমণ অব্যাহত আছে আৰু বিৰোধী ৰাজনৈতিক নেতাসকলক হাৰাশাস্তি কৰিবলৈ তদন্তকাৰী সংস্থাসমূহক সঁজুলি হিচাপে ব্যৱহাৰ কৰা হৈছে। দেশৰ অৰ্থনৈতিক অৱস্থাক নেতিবাচক বুলি অভিহিত কৰি খাৰ্গেয়ে কয় যে নতুন কৰ্মসংস্থাপন সৃষ্টিৰ বাবে প্ৰয়োজনীয় হাৰত বিনিয়োগ অহা নাই আৰু পৰীক্ষা ব্যৱস্থাৰ চূড়ান্ত অব্যৱস্থাপনাই লাখ লাখ যুৱক-যুৱতীৰ আশাত চেঁচা পানী ঢালিছে।

বৈঠকৰ কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে কয় যে মিত্ৰদলসমূহে সামূহিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ‘বন্ধু ৰাষ্ট্ৰ’ গঢ়ি তোলাৰ লগতে গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ প্ৰচেষ্টা চলোৱা হ’ব। শিৱসেনা (ইউ বি টি) সাংসদ সঞ্জয় ৰাউতে মিত্ৰজোঁটৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি দোহাৰি কয় যে দেশৰ সন্মুখত থকা গুৰুতৰ প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে তেওঁলোকে একেলগে যুঁজ দিব আৰু ২০২৯ চনত এক অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব। চিপিআইৰ সাধাৰণ সম্পাদক ডি ৰাজাই এই বৈঠকখনক তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰি কয় যে দীৰ্ঘদিনীয়া ব্যৱধানৰ মূৰত অনুষ্ঠিত এই বৈঠকত মিত্ৰদলসমূহৰ মাজত আলোচনাৰ বাবে বহুতো বিষয় আছে।

শেহতীয়া ৰাজনৈতিক পৰিস্থিতি আৰু বিজেপি বিৰোধী ৰণকৌশল নিৰ্ধাৰণৰ ক্ষেত্ৰত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ এই বৈঠক বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। একাংশ প্ৰধান মিত্ৰদলৰ অনুপস্থিতিৰ মাজতো বিৰোধী নেতাসকলে প্ৰদৰ্শন কৰা ঐক্যৱদ্ধ স্থিতি আৰু আগন্তুক ৰাজনৈতিক কাৰ্যসূচীসমূহৰ পৰৱৰ্তী ৰূপৰেখা কেনে হ’ব, সেয়া মিত্ৰজোঁটৰ সামূহিক সিদ্ধান্ত আৰু পৰৱৰ্তী সময়ত গ্ৰহণ কৰা পদক্ষেপৰ পাছতহে স্পষ্ট হৈ পৰিব।

  এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd