• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বতন্ত্ৰ সাংবাদিকতাৰ ওপৰত আক্ৰমণ: নিউজক্লিকৰ বিৰুদ্ধে ইডিৰ গোচৰ সম্পূৰ্ণৰূপে খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 12:14 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী উচ্চ ন্যায়ালয়ে স্বতন্ত্ৰ ডিজিটেল সংবাদ মাধ্যম নিউজক্লিক আৰু ইয়াৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থৰ বিৰুদ্ধে ইডি আৰু দিল্লী আৰক্ষীয়ে ৰুজু কৰা ধন সৰবৰাহৰ গোচৰ খাৰিজ কৰিছে। উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কয় যে ইডিয়ে নিউজক্লিকৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপ নিৰপেক্ষ সাংবাদিকতাৰ ওপৰত কৰা এক আক্ৰমণ আৰু তেওঁলোকৰ কৰ্তৃত্বৰ অপব্যৱহাৰ।

ন্যায়াধীশ নীনা বঞ্চল কৃষ্ণই যোৱা ২৯ মে‘ত এই ৰায়দান প্ৰদান কৰি দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখা (ই অ’ ডব্লিউ) আৰু ইডিৰ দুয়োটা গোচৰেই বাতিল কৰে। ন্যায়ালয়ে কয় যে প্ৰায় ডেৰ বছৰ ধৰি চলা দীঘলীয়া তদন্ত আৰু নিউজক্লিকৰ কৰ্মচাৰীসকলক বহুবাৰ জেৰা কৰাৰ পাছতো ইডিয়ে নিউজক্লিকৰ বিৰুদ্ধে  কোনো ধৰণৰ অপৰাধমূলক সাক্ষ্য- প্ৰমাণ লাভ কৰা নাই। ন্যায়ালয়ে ইডিৰ এই কাৰ্য্যক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি ইয়াক এক ভিত্তিহীন অনুসন্ধান বুলি মন্তব্য কৰে।

Apply Now

উল্লেখ্য যে, এই গোচৰটো ২০১৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱৰ্ল্ডৱাইড মিডিয়া হোল্ডিংছ নামৰ এটা প্ৰতিষ্ঠানৰ পৰা নিউজক্লিকে লাভ কৰা ধন লগত জড়িত আছিল। ইডি অভিযোগ কৰিছিল যে এই বিনিয়োগৰ জৰিয়তে নিউজক্লিকে শ্বেয়াৰৰ মূল্য অতিৰঞ্জিত কৰিছিল, ধন আত্মসাৎ কৰিছিল আৰু এফ ডি আই নিয়ম উলংঘা কৰিছিল। দুহেজাৰ একৈশ চনৰ ফেব্ৰুৱাৰী মাহত ইডিয়ে প্ৰবীৰ পুৰকায়স্থ আৰু অন্যান্য কৰ্মচাৰীৰ বাসগৃহ আৰু কাৰ্যালয়ত ধাৰাবাহিকভাৱে তালাচী চলাইছিল আৰু পুৰকায়স্থক তেওঁৰ বাসগৃহতে আৱদ্ধ কৰি ৰাখিছিল।

উচ্চ ন্যায়ালয়ে এই সকলোবোৰ অভিযোগ এটা এটাকৈ নাকচ কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক উত্তৰৰ উদ্ধৃতি দি ন্যায়ালয়ে কয় যে ২০১৮ চনত এই ধনৰাশি লাভ কৰা সময়ত ডিজিটেল মিডিয়াৰ বাবে ছাব্বিশ শতাংশ এফ ডি আইৰ কোনো সীমা নিৰ্ধাৰণ কৰা হোৱা নাছিল। লগতে, বিদেশী পুঁজিৰে দৰমহা, পৰামৰ্শদাতাৰ মাচুল আৰু ঘৰভাড়া দিয়া কাৰ্য্যক ধন আত্মসাৎ কৰা বুলি ধৰিব নোৱাৰি বুলিও ন্যায়ালয়ে স্পষ্ট কৰে। ইডিয়ে নিউজক্লিকক গোচৰৰ তথ্যৰ প্ৰতিলিপি (ইচিআইআৰ) প্ৰদান নকৰা বিষয়টোতো ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰে।

ইডিয়ে প্ৰবীৰ পুৰকায়স্থ, জেছন ফেচাৰ আৰু নেভিল ৰয় সিংঘমৰ মাজত অপৰাধমূলক ষড়যন্ত্ৰ থকা বুলি কৰা অভিযোগৰ সপক্ষে কোনো প্ৰমাণ ন্যায়ালয়ত দাখিল কৰিব নোৱাৰিলে। উল্লেখযোগ্য যে, ২০২৩ চনত আমেৰিকাৰ দ্য নিউয়ৰ্ক টাইমছ কাকতত প্ৰকাশিত এক প্ৰতিবেদনত নিউজক্লিকে চীনা অপপ্ৰচাৰ চলাবলৈ ধন লোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে দিল্লী আৰক্ষীয়ে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন বা ইউএপিএৰ অধীনত নিউজক্লিকৰ লগত জড়িত কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ উপৰিও চিবিআয়ে বিদেশী পুঁজি নিয়ম উলংঘনৰ অভিযোগত সুকীয়াকৈ গোচৰ ৰুজু কৰিছিল। বৰ্তমান ন্যায়ালয়ৰ এই শেহতীয়া ৰায়দানক সকলোৱে আদৰণি জনাইছে আৰু অনুসন্ধানমূলক সাংবাদিকতাক লক্ষ্য কৰি ইডিয়ে কৰা হাৰাশাস্তিক সকলোৱে একেমুখে গৰিহণা দিছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিক্স নোহোৱাকৈ ২০০ ষ্ট্ৰাইক ৰেটত বৈভৱ সূৰ্যবংশীৰ ৪৪ ৰাণ, হৰ্ষ ভোগলেই জনালে প্ৰশংসা কিন্তু ৰৈ গ’ল এক আক্ষেপ

ছিক্স নোহোৱাকৈ ২০০ ষ্ট্ৰাইক ৰেটত বৈভৱ সূৰ্যবংশীৰ ৪৪ ৰাণ, হৰ্ষ ভোগলেই জনালে প্ৰশংসা কিন্তু ৰৈ গ’ল এক আক্ষেপ

June 11, 2026 1:12 pm
ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ : মনোনয়ন বাতিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল মীনাক্ষী নটৰাজন

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ : মনোনয়ন বাতিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল মীনাক্ষী নটৰাজন

June 11, 2026 12:59 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ বুঢ়া আঙুলি! কাজিৰঙা-কাৰ্বি আংলং বন্যপ্ৰাণী কৰিডৰত চলিছে অবাধ লুণ্ঠন আৰু নিৰ্মাণকাৰ্য

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ বুঢ়া আঙুলি! কাজিৰঙা-কাৰ্বি আংলং বন্যপ্ৰাণী কৰিডৰত চলিছে অবাধ লুণ্ঠন আৰু নিৰ্মাণকাৰ্য

June 11, 2026 12:58 pm
স্বতন্ত্ৰ সাংবাদিকতাৰ ওপৰত আক্ৰমণ: নিউজক্লিকৰ বিৰুদ্ধে ইডিৰ গোচৰ সম্পূৰ্ণৰূপে খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বতন্ত্ৰ সাংবাদিকতাৰ ওপৰত আক্ৰমণ: নিউজক্লিকৰ বিৰুদ্ধে ইডিৰ গোচৰ সম্পূৰ্ণৰূপে খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

June 11, 2026 12:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিক্স নোহোৱাকৈ ২০০ ষ্ট্ৰাইক ৰেটত বৈভৱ সূৰ্যবংশীৰ ৪৪ ৰাণ, হৰ্ষ ভোগলেই জনালে প্ৰশংসা কিন্তু ৰৈ গ’ল এক আক্ষেপ

ছিক্স নোহোৱাকৈ ২০০ ষ্ট্ৰাইক ৰেটত বৈভৱ সূৰ্যবংশীৰ ৪৪ ৰাণ, হৰ্ষ ভোগলেই জনালে প্ৰশংসা কিন্তু ৰৈ গ’ল এক আক্ষেপ

June 11, 2026 1:12 pm
ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ : মনোনয়ন বাতিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল মীনাক্ষী নটৰাজন

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ : মনোনয়ন বাতিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল মীনাক্ষী নটৰাজন

June 11, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd