ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা উদীয়মান তাৰকা বৈভৱ সূৰ্যবংশীৰ পদাংক অনুসৰণ কৰি ক্ৰিকেট জগতত আত্মপ্ৰকাশ কৰিছে তেওঁৰ দহ বছৰীয়া ভাতৃ আশীৰ্বাদ সূৰ্যবংশীয়ে। সমস্তিপুৰৰ তাজপুৰ ক্ৰিকেট একাডেমীৰ এখন অনুশীলন মেচত মাত্ৰ ৮৭ বলত ১০৩ ৰানৰ এক আক্ৰমণাত্মক ইনিংছ খেলি ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কিশোৰগৰাকীয়ে।
জ্যেষ্ঠ ভাতৃৰ দৰেই আক্ৰমণাত্মক শৈলীৰে বেটিং কৰা আশীৰ্বাদে নিজৰ এই দৰ্শনীয় ইনিংছটোত ২০টা চাৰি আৰু ১টা ছয় কোবায়। ১১৮.৩৯ ষ্ট্ৰাইক ৰেটেৰে সংগ্ৰহ কৰা এই শতৰানৰ সহায়ত তেওঁৰ দলটোৱে মেচখনত জয়লাভ কৰিবলৈ সক্ষম হয়। কনিষ্ঠ ভাতৃৰ এই অনবদ্য প্ৰদৰ্শনত শেহতীয়াকৈ ভাৰতীয় টি-টুৱেণ্টি দলত স্থান লাভ কৰা ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীও উৎফুল্লিত হৈ পৰিছে।
শেহতীয়াকৈ আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপ অৰ্জন কৰা বৈভৱে ছ’চিয়েল মিডিয়াত ভাতৃৰ ছবি আৰু স্ক’ৰ কাৰ্ডৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি “অভিনন্দন আশীৰ্বাদ” বুলি শুভেচ্ছা জ্ঞাপন কৰে।
বৰ্তমান ভাৰত ‘এ’ দলৰ হৈ শ্ৰীলংকা ভ্ৰমণত থকা বৈভৱে শেহতীয়াকৈ আফগানিস্তান ‘এ’ দলৰ বিৰুদ্ধে মাত্ৰ ২২ বলত ৪৪ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলিছিল। ক্ৰিকেট অনুৰাগীসকল এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৈভৱৰ অভিষেকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ সময়তে, ঘৰুৱা ক্ৰিকেটত কনিষ্ঠ ভাতৃ আশীৰ্বাদৰ এই উত্থানে পৰৱৰ্তী সময়ত ক্ৰিকেটৰ পথাৰত আন এক সম্ভাৱনাময় যাত্ৰাৰ ইংগিত দিছে।





