ইৰানৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাই অৱশেষত মধ্য প্ৰাচ্যলৈ শান্তি ঘূৰি অহাৰ ইংগিত পোৱা গৈছে। বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেল পৰিবহণৰ পথ হৰমুজ প্ৰণালী অতি সোনকালে মুকলি হ’ব বুলি শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এক ডাঙৰ ঘোষণা কৰিছে। ট্ৰাম্পে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি দেওবাৰে আমেৰিকাই ইৰানৰ সৈতে এক ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰিব। ইয়াৰ ফলত ইৰানে বন্ধ কৰি ৰখা হৰমুজ প্ৰণালী পুনৰ মুকলি হ’ব আৰু বিশ্বজুৰি তেলৰ যোগান স্বাভাৱিক হৈ পৰিব।
পূৰ্বৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ শাসনকালত হোৱা পাৰমাণৱিক চুক্তিৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয় যে সেই পুৰণি চুক্তিখন অত্যন্ত শিথিল আছিল। ওবামাৰ চুক্তিৰ বাবেই ইৰানে বহু আগতেই পাৰমাণৱিক অস্ত্ৰ লাভ কৰিলেহেঁতেন আৰু ইয়াৰ ব্যৱহাৰো কৰিলেহেঁতেন। কিন্তু বৰ্তমান কৰিবলগীয়া চুক্তিখন ইয়াৰ সম্পূৰ্ণ বিপৰীত হ’ব। এই চুক্তিয়ে ইৰানক কোনো কাৰণতে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিবলৈ নিদিয়ে আৰু তেওঁলোকে কোনো ধৰণে এই মাৰাত্মক অস্ত্ৰ লাভ কৰিব নোৱাৰিব।
ৰাষ্ট্ৰপতি ট্ৰাম্পে লগতে দাবী কৰিছে যে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী বৰ্তমান নিষ্ক্ৰিয় কৰা হৈছে আৰু অৱশিষ্ট সামগ্ৰীবোৰ পৰৱৰ্তী সময়ত ধ্বংস কৰা হ’ব। পৰিস্থিতি সম্পূৰ্ণ শান্ত হ’লে ডাঙৰ ডাঙৰ পাহাৰৰ তলত লুকাই থকা পাৰমাণৱিক সামগ্ৰীসমূহ উদ্ধাৰ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। আমেৰিকাৰ বিশেষ যুদ্ধ বিমান আৰু চালকসকলৰ সহায়ত এইবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব বুলিও ট্ৰাম্পে স্পষ্ট কৰি দিয়ে।
ইৰানৰ সৈতে হ’বলগীয়া এই শান্তি চুক্তি আৰু হৰমুজ প্ৰণালী মুকলি হোৱাৰ খবৰে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ সকাহ কঢ়িয়াই আনিছে। কাৰণ হৰমুজ প্ৰণালী হৈছে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তি পৰিবহণৰ পথ। পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজত থকা এই ঠেক পথেৰে প্ৰতিদিনে বৃহৎ পৰিমাণৰ কেঁচা তেল আৰু প্ৰাকৃতিক গেছ বিশ্ব বজাৰলৈ ৰপ্তানি কৰা হয়। ভাৰতে আমদানি কৰা অধিকাংশ তেলেই এই পথেৰে আহে। যুদ্ধৰ বাবে ইৰানে এই পথ বন্ধ কৰি ৰখাৰ বিপৰীতে আমেৰিকাৰ যুদ্ধজাহাৰে ইয়াক ঘেৰি ৰাখিছিল, যাৰ বাবে সমগ্ৰ বিশ্বতে ইন্ধনৰ সংকট দেখা দিছিল। এতিয়া এই চুক্তিৰ জৰিয়তে বিশ্বৰ এই ডাঙৰ সংকট দূৰ হ’ব বুলি আশা কৰা হৈছে।





