ছুপাৰমডেল হিচাপে খ্যাতি অৰ্জন কৰাৰ পিছত ফিটনেছৰ প্ৰতীক হিচাপে কিশোৰৰ পৰা বৃদ্ধ বয়সলৈকে মানুহক অনুপ্ৰাণিত কৰাৰ আন এটা নাম হৈছে মিলিন্দ সুমন। বিশেষকৈ তেওঁৰ অবিশ্বাস্য ফিটনেছ আৰু ‘আইৰনমেন’ খিতাপৰ বাবে তেওঁ পৰিচিত।
চিনেমাৰ পৰা মিউজিক ভিডিঅ’লৈকে মিলিন্দৰ অভিনয়ক দৰ্শকে প্ৰশংসা কৰে। চিনেমাৰ প্ৰস্তাৱ প্ৰায় নাহে বুলিয়েই ক’ব পাৰি। মিলিন্দে শৰীৰচৰ্চাৰ পৰা প্ৰকৃতিৰ প্ৰেমত মজি থাকিয়েই ভাল পায়।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ হিন্দী ছবিত অনুপস্থিতি আৰু ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁ আন এটা বিষয়ৰ ওপৰত আলোকপাত কৰিছে-লোনাভালাৰ নিজৰ ঘৰত ত্ৰিশ হাজাৰ গছপুলি ৰোপণ কৰাৰ কথা।
সোণু শৰ্মাৰ ইউটিউব চেনেলত তেওঁ লোনাভালাৰ সম্পত্তি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সেউজীয়া কৰাৰ ব্যক্তিগত দায়বদ্ধতাৰ কাহিনী কয়। মিলিন্দে কয়, “মোৰ লোনাভালাত এটুকুৰা ঠাই আছে য’ত মই নিজে ত্ৰিশ হাজাৰতকৈও অধিক গছ ৰোপণ কৰিছিলো। ১৯৯৭ চনত যেতিয়া মই মাটি কিনিছিলো তেতিয়া মই ইয়াত গছপুলি ৰোপণৰ সিদ্ধান্ত লৈছিলো। কাৰণ তাৰ আগতে মানুহে সমগ্ৰ অঞ্চলটো জ্বলাই ধ্বংস কৰিছিল। বহুবাৰ ডেভেলপাৰসকলে মাটি দেখুৱাবলৈ গছ কাটিছিল, যিটো অতি দুখজনক।”
প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমৰ কথা কওঁতে তেওঁ এটা ৱৰ্কআউট ভিডিঅ’ শ্বেয়াৰ কৰি ‘ফৰেষ্ট বাৰ্থিং’ৰ প্ৰতি থকা আকৰ্ষণ প্ৰকাশ কৰে। মিলিন্দে লিখিছে, ‘এই পৃথিৱীত গছ-গছনি মোৰ আটাইতকৈ প্ৰিয়। জাপানীজ থেৰাপী শ্বিনৰিন-য়োকু বা অৰণ্যত গা ধোৱা মোৰ বৰ ভাল লাগে।’
জাপানী ভাষাত শ্বিনৰিনৰ অৰ্থ ‘অৰণ্য’ আৰু যোকুৰ অৰ্থ ‘গা ধোৱা’। ই এক প্ৰক্ৰিয়া য’ত মানুহে নিজকে সেউজীয়াত নিমগ্ন কৰি দৃশ্য, শব্দ আৰু গোন্ধ অনুভৱ কৰে। ই মানসিক চাপ কমোৱাত আৰু শাৰীৰিকভাৱে সুস্থ হৈ থকাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।
সেই সাক্ষাৎকাৰত মিলিন্দে নিজৰ অভিনয় জীৱনৰ কথাও কৈছিল। তেওঁ কয়, ‘হিন্দী ছবিৰ বাবে বৰ বেছি প্ৰস্তাৱ নাপাওঁ।মই এতিয়া হিন্দী ছবি কিয় নকৰো বুলি সকলোৱে সোধে। অৱশ্যে ইমাৰ্জেন্সিত ছেম মানেকশ্ব’ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে মই বহুত ভাল সঁহাৰি পাইছিলোঁ আৰু চৰিত্ৰটোক লৈ মই বহুত সুখী হৈছিলোঁ।”
তেওঁ লগতে কয়, “যদিও হিন্দী ছবিৰ বাবে মই বৰ বেছি প্ৰস্তাৱ নাপাওঁ, তথাপিও অ’টিটি প্লেটফৰ্মত কাম কৰাৰ সুযোগ পাওঁ। শেহতীয়াকৈ মই দ্য ৰয়েলছ ছিৰিজত কাম কৰিছিলো। ফ’ৰ ম’ৰ শ্বটছ প্লিজ!ৰ চতুৰ্থ ছিজনতো আছিলো। তদুপৰি, প্ৰথমবাৰৰ বাবে বিজয় সেতুপতিৰ সৈতে এখন তামিল অ’টিটি শ্বো কৰিছো। আৰু কাম কৰিব বিচাৰো। অভিনয় মই উপভোগ কৰো।‘’





