• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ লক্ষ্যত অগ্ৰগতি ঘটিলেও আন্তঃগাঁথনি, শিক্ষকৰ অভাৱ আৰু শিক্ষাৰ মানদণ্ডজনিত সমস্যাৰ বাবে বহু ৰাজ্যত বিদ্যালয় একত্ৰীকৰণ আৰু পুনৰ্গঠনৰ প্ৰক্ৰিয়া অব্যাহত

এন ই  নাও নিউজ, গুৱহাটী by এন ই নাও নিউজ, গুৱহাটী
June 14, 2026 6:05 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষাৰ সাৰ্বজনীনকৰণৰ দাবীৰ বিপৰীতে ভাৰতৰ চৰকাৰী শিক্ষা খণ্ডই পৰিচালনাৰ ক্ষেত্ৰত তীব্ৰ সংকটৰ সন্মুখীন হৈছে। মে’ ২০২৬-ত নীতি আয়োগে প্ৰকাশ কৰা “ভাৰতত স্কুলীয়া শিক্ষা ব্যৱস্থা: গুণগত মানদণ্ড বৃদ্ধিৰ বাবে সময়ভিত্তিক বিশ্লেষণ আৰু নীতিগত ৰূপৰেখা” শীৰ্ষক প্ৰতিবেদন আৰু ইউ-ডাইছ প্লাছ (UDISE+) তথ্যৰ এক গুৰুত্বপূৰ্ণ বিশ্লেষণে ফাদিল কৰিছে যে, বিগত এটা দশকত দেশজুৰি বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় একত্ৰীকৰণ আৰু পুনৰ্গঠনৰ আওতালৈ অনা হৈছে। এই ব্যাপক পুনৰ্বিন্যাস প্ৰক্ৰিয়াৰ ফলশ্ৰুতিতেই সমগ্ৰ দেশৰ লগতে অসমতো চৰকাৰী বিদ্যালয়ৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে।

নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি, ২০২৪-২৫ বৰ্ষৰ তথ্য মতে ভাৰতত ১৪.৭১ লাখ বিদ্যালয়ত প্ৰায় ২৪.৬৯ কোটি ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে আৰু ১.০১ কোটি শিক্ষকে সেৱা আগবঢ়াই আছে। দেশত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰায় সাৰ্বজনীন নামভৰ্তিৰ লক্ষ্যত উপনীত হোৱা পৰিলক্ষিত হৈছে যদিও, শিক্ষাৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত গুৰুতৰ প্ৰত্যাহ্বান এতিয়াও বিদ্যমান। ‘পৰখ’ (PARAKH) ৰাষ্ট্ৰীয় জৰীপ ২০২৪-ৰ তথ্য অনুসৰি, তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ভাষিক দক্ষতাৰ ৰাষ্ট্ৰীয় গড় হৈছে ৬৪ শতাংশ আৰু গণিতত এই হাৰ ৬০ শতাংশ। একেদৰে, ষষ্ঠ শ্ৰেণীৰ অৰ্ধেকতকৈ অধিক ছাত্ৰ-ছাত্ৰী গণিতৰ ক্ষেত্ৰত পিছপৰি আছে আৰু মাত্ৰ ২৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে এডাল সংখ্যাৰেখাত ভগ্নাংশ এটা শুদ্ধকৈ বহুৱাব পাৰে।

Apply Now

চৰকাৰী বিদ্যালয়সমূহত শৌচাগাৰ, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ আৰু খেলপথাৰ আদিৰ দৰে মৌলিক আন্তঃগাঁথনিৰ অভাৱ, লগতে দীৰ্ঘদিন ধৰি শিক্ষকৰ খালী পদ পূৰণ নোহোৱাৰ দৰে সমস্যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ্ৰাস পাইছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰতি অভিভাৱকৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ ফলস্বৰূপে ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত সমগ্ৰ দেশত বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় একত্ৰীকৰণ আৰু পুনৰ্গঠন কৰিবলগীয়া হৈছে। ৰাজ্যভিত্তিক পৰিসংখ্যা অনুসৰি, মধ্যপ্ৰদেশত সৰ্বাধিক ২৯,০০০ খন বিদ্যালয় পুনৰ্বিন্যাস কৰা হৈছে য’ত যোৱা পাঁচ বছৰতে ৭,০০০ খন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশত ২৫,০০০-ৰো অধিক, ছত্তীশগড় আৰু ওড়িশাত ১০,০০০-কৈ, ঝাৰখণ্ডত ৫,৫০০, অন্ধ্ৰ প্ৰদেশত ৫,৪০০, গুজৰাটত ৫,০০০ আৰু জম্মু-কাশ্মীৰত ৪,৩০০ খন বিদ্যালয় এই প্ৰক্ৰিয়াৰ আওতালৈ অনা হৈছে। উপলব্ধ ৰাজ্যভিত্তিক তথ্য অনুসৰি অসমতো বিদ্যালয় একত্ৰীকৰণ আৰু পুনৰ্গঠনৰ ফলত চৰকাৰী বিদ্যালয়ৰ সংখ্যা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। অসমত শেহতীয়াকৈ ১২ জুনত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহ নিকটৱৰ্তী উন্নত আন্তঃগাঁথনি থকা বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰাৰ নিৰ্দেশ দিছে আৰু ২০২৫-২৬ বৰ্ষত ১৯ খন জিলাৰ ১৬১ খন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে।

প্ৰতিবেদনখনত বিদ্যালয়সমূহৰ পৰিচালনা আৰু প্ৰশাসনৰ কেইবাটাও গুৰুতৰ ত্ৰুটি আঙুলিয়াই দিয়া হৈছে। সমগ্ৰ দেশত ৭,৯৯৩ খন বিদ্যালয়ত শূন্য নামভৰ্তি থকাৰ পিছতো এইসমূহত চৰকাৰী পুঁজি আৱণ্টিত হৈ আছে। আনহাতে, ১ লাখৰো অধিক বিদ্যালয় মাত্ৰ এজন শিক্ষকৰ দ্বাৰা পৰিচালিত হৈছে, য’ত প্ৰায় ৩৩.৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। শৈক্ষিক বৈষম্যৰ ক্ষেত্ৰতো ৰাজ্যসমূহৰ মাজত বিস্তৰ পাৰ্থক্য পৰিলক্ষিত হৈছে। তৃতীয় শ্ৰেণীৰ ভাষিক দক্ষতাৰ ক্ষেত্ৰত পঞ্জাবত ৮২ শতাংশ ছাত্ৰ-ছাত্ৰী সফল হোৱাৰ বিপৰীতে লাক্ষাদ্বীপত এই হাৰ মাত্ৰ ৫২ শতাংশ। সামাজিক বৈষম্যৰ প্ৰভাৱো স্পষ্ট; উচ্চ প্ৰাথমিক পৰ্যায়ত সাধাৰণ শ্ৰেণীৰ ৪৮ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে গণিতত নিৰ্ধাৰিত মানদণ্ড লাভ কৰাৰ বিপৰীতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মাত্ৰ ৩৩ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে সফলতা অৰ্জন কৰিছে। ইয়াৰ লগতে, দেশৰ ৯.৩ কোটি প্ৰব্ৰজিত শ্ৰমিকৰ সন্তানৰ শিক্ষাদানৰ ব্যৱস্থাৰ বাবে ৰাজ্যসমূহৰ মাজত পাঠ্যক্ৰমৰ একত্ৰীকৰণৰ কোনো সুনিৰ্দিষ্ট ব্যৱস্থা নাই বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।

এই সকলোবোৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ উদ্দেশ্যে নীতি আয়োগৰ প্ৰতিবেদনখনত ৩৩ টা নীতিগত পৰামৰ্শ আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত স্কুল কমপ্লেক্স গঠন, ৰাজ্যিক বিদ্যালয় মানদণ্ড প্ৰাধিকৰণ স্থাপন, চাৰিবৰ্ষীয়া সমন্বিত বি.এড. পাঠ্যক্ৰমৰ প্ৰৱৰ্তন আৰু কৃত্ৰিম বুদ্ধিমত্তাক শিক্ষকৰ বিকল্প হিচাপে নহয়, বৰঞ্চ এক সহায়ক সঁজুলি হিচাপে ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হৈছে। গুণগত শিক্ষা নিশ্চিত কৰিবলৈ কেৱল বিদ্যালয়ত নামভৰ্তিয়েই যথেষ্ট নহয়, বৰঞ্চ শ্ৰেণীকোঠাৰ ভিতৰত প্ৰকৃত শিক্ষণ প্ৰক্ৰিয়া শক্তিশালী কৰাটোহে পৰৱৰ্তী সময়ৰ মূল লক্ষ্য হ’ব লাগিব বুলি প্ৰতিবেদনত গুৰুত্ব আৰোপ কৰা হৈছে।

এন ই  নাও নিউজ, গুৱহাটী

এন ই নাও নিউজ, গুৱহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়   

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

June 14, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd