শিক্ষাৰ সাৰ্বজনীনকৰণৰ দাবীৰ বিপৰীতে ভাৰতৰ চৰকাৰী শিক্ষা খণ্ডই পৰিচালনাৰ ক্ষেত্ৰত তীব্ৰ সংকটৰ সন্মুখীন হৈছে। মে’ ২০২৬-ত নীতি আয়োগে প্ৰকাশ কৰা “ভাৰতত স্কুলীয়া শিক্ষা ব্যৱস্থা: গুণগত মানদণ্ড বৃদ্ধিৰ বাবে সময়ভিত্তিক বিশ্লেষণ আৰু নীতিগত ৰূপৰেখা” শীৰ্ষক প্ৰতিবেদন আৰু ইউ-ডাইছ প্লাছ (UDISE+) তথ্যৰ এক গুৰুত্বপূৰ্ণ বিশ্লেষণে ফাদিল কৰিছে যে, বিগত এটা দশকত দেশজুৰি বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় একত্ৰীকৰণ আৰু পুনৰ্গঠনৰ আওতালৈ অনা হৈছে। এই ব্যাপক পুনৰ্বিন্যাস প্ৰক্ৰিয়াৰ ফলশ্ৰুতিতেই সমগ্ৰ দেশৰ লগতে অসমতো চৰকাৰী বিদ্যালয়ৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে।
নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি, ২০২৪-২৫ বৰ্ষৰ তথ্য মতে ভাৰতত ১৪.৭১ লাখ বিদ্যালয়ত প্ৰায় ২৪.৬৯ কোটি ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে আৰু ১.০১ কোটি শিক্ষকে সেৱা আগবঢ়াই আছে। দেশত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰায় সাৰ্বজনীন নামভৰ্তিৰ লক্ষ্যত উপনীত হোৱা পৰিলক্ষিত হৈছে যদিও, শিক্ষাৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত গুৰুতৰ প্ৰত্যাহ্বান এতিয়াও বিদ্যমান। ‘পৰখ’ (PARAKH) ৰাষ্ট্ৰীয় জৰীপ ২০২৪-ৰ তথ্য অনুসৰি, তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ভাষিক দক্ষতাৰ ৰাষ্ট্ৰীয় গড় হৈছে ৬৪ শতাংশ আৰু গণিতত এই হাৰ ৬০ শতাংশ। একেদৰে, ষষ্ঠ শ্ৰেণীৰ অৰ্ধেকতকৈ অধিক ছাত্ৰ-ছাত্ৰী গণিতৰ ক্ষেত্ৰত পিছপৰি আছে আৰু মাত্ৰ ২৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে এডাল সংখ্যাৰেখাত ভগ্নাংশ এটা শুদ্ধকৈ বহুৱাব পাৰে।
চৰকাৰী বিদ্যালয়সমূহত শৌচাগাৰ, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ আৰু খেলপথাৰ আদিৰ দৰে মৌলিক আন্তঃগাঁথনিৰ অভাৱ, লগতে দীৰ্ঘদিন ধৰি শিক্ষকৰ খালী পদ পূৰণ নোহোৱাৰ দৰে সমস্যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ্ৰাস পাইছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰতি অভিভাৱকৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ ফলস্বৰূপে ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত সমগ্ৰ দেশত বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় একত্ৰীকৰণ আৰু পুনৰ্গঠন কৰিবলগীয়া হৈছে। ৰাজ্যভিত্তিক পৰিসংখ্যা অনুসৰি, মধ্যপ্ৰদেশত সৰ্বাধিক ২৯,০০০ খন বিদ্যালয় পুনৰ্বিন্যাস কৰা হৈছে য’ত যোৱা পাঁচ বছৰতে ৭,০০০ খন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশত ২৫,০০০-ৰো অধিক, ছত্তীশগড় আৰু ওড়িশাত ১০,০০০-কৈ, ঝাৰখণ্ডত ৫,৫০০, অন্ধ্ৰ প্ৰদেশত ৫,৪০০, গুজৰাটত ৫,০০০ আৰু জম্মু-কাশ্মীৰত ৪,৩০০ খন বিদ্যালয় এই প্ৰক্ৰিয়াৰ আওতালৈ অনা হৈছে। উপলব্ধ ৰাজ্যভিত্তিক তথ্য অনুসৰি অসমতো বিদ্যালয় একত্ৰীকৰণ আৰু পুনৰ্গঠনৰ ফলত চৰকাৰী বিদ্যালয়ৰ সংখ্যা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। অসমত শেহতীয়াকৈ ১২ জুনত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহ নিকটৱৰ্তী উন্নত আন্তঃগাঁথনি থকা বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰাৰ নিৰ্দেশ দিছে আৰু ২০২৫-২৬ বৰ্ষত ১৯ খন জিলাৰ ১৬১ খন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে।
প্ৰতিবেদনখনত বিদ্যালয়সমূহৰ পৰিচালনা আৰু প্ৰশাসনৰ কেইবাটাও গুৰুতৰ ত্ৰুটি আঙুলিয়াই দিয়া হৈছে। সমগ্ৰ দেশত ৭,৯৯৩ খন বিদ্যালয়ত শূন্য নামভৰ্তি থকাৰ পিছতো এইসমূহত চৰকাৰী পুঁজি আৱণ্টিত হৈ আছে। আনহাতে, ১ লাখৰো অধিক বিদ্যালয় মাত্ৰ এজন শিক্ষকৰ দ্বাৰা পৰিচালিত হৈছে, য’ত প্ৰায় ৩৩.৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। শৈক্ষিক বৈষম্যৰ ক্ষেত্ৰতো ৰাজ্যসমূহৰ মাজত বিস্তৰ পাৰ্থক্য পৰিলক্ষিত হৈছে। তৃতীয় শ্ৰেণীৰ ভাষিক দক্ষতাৰ ক্ষেত্ৰত পঞ্জাবত ৮২ শতাংশ ছাত্ৰ-ছাত্ৰী সফল হোৱাৰ বিপৰীতে লাক্ষাদ্বীপত এই হাৰ মাত্ৰ ৫২ শতাংশ। সামাজিক বৈষম্যৰ প্ৰভাৱো স্পষ্ট; উচ্চ প্ৰাথমিক পৰ্যায়ত সাধাৰণ শ্ৰেণীৰ ৪৮ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে গণিতত নিৰ্ধাৰিত মানদণ্ড লাভ কৰাৰ বিপৰীতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মাত্ৰ ৩৩ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে সফলতা অৰ্জন কৰিছে। ইয়াৰ লগতে, দেশৰ ৯.৩ কোটি প্ৰব্ৰজিত শ্ৰমিকৰ সন্তানৰ শিক্ষাদানৰ ব্যৱস্থাৰ বাবে ৰাজ্যসমূহৰ মাজত পাঠ্যক্ৰমৰ একত্ৰীকৰণৰ কোনো সুনিৰ্দিষ্ট ব্যৱস্থা নাই বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।
এই সকলোবোৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ উদ্দেশ্যে নীতি আয়োগৰ প্ৰতিবেদনখনত ৩৩ টা নীতিগত পৰামৰ্শ আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত স্কুল কমপ্লেক্স গঠন, ৰাজ্যিক বিদ্যালয় মানদণ্ড প্ৰাধিকৰণ স্থাপন, চাৰিবৰ্ষীয়া সমন্বিত বি.এড. পাঠ্যক্ৰমৰ প্ৰৱৰ্তন আৰু কৃত্ৰিম বুদ্ধিমত্তাক শিক্ষকৰ বিকল্প হিচাপে নহয়, বৰঞ্চ এক সহায়ক সঁজুলি হিচাপে ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হৈছে। গুণগত শিক্ষা নিশ্চিত কৰিবলৈ কেৱল বিদ্যালয়ত নামভৰ্তিয়েই যথেষ্ট নহয়, বৰঞ্চ শ্ৰেণীকোঠাৰ ভিতৰত প্ৰকৃত শিক্ষণ প্ৰক্ৰিয়া শক্তিশালী কৰাটোহে পৰৱৰ্তী সময়ৰ মূল লক্ষ্য হ’ব লাগিব বুলি প্ৰতিবেদনত গুৰুত্ব আৰোপ কৰা হৈছে।





