অৱশেষত আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হ’ল। ফলত ১০৭ দিন ধৰি চলি থকা মধ্যপ্ৰাচ্যৰ সংঘাতৰ অন্ত পৰিল। একে সময়তে হৰমুজ প্ৰণালীৰ দুৱাৰখনো খোল খালে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত এই শান্তি চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে।
একে সময়তে ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে বিশ্বৰ বিভিন্ন দেশৰ বাণিজ্যিক জাহাজৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হৈছে আৰু আমেৰিকাৰ নৌসেনাৰ অৱৰোধ উঠাই লোৱা হৈছে।
‘ট্ৰুথ ছ’চিয়েল’ত ট্ৰাম্পে লিখিছে, “ইৰাণৰ সৈতে চুক্তি সম্পূৰ্ণ হৈছে। মই সকলোকে অভিনন্দন জনাইছো!” তেওঁ লগতে লিখিছে, “এই চুক্তিয়ে সমগ্ৰ অঞ্চলটোলৈ শান্তি আৰু নিৰাপত্তা কঢ়িয়াই আনিব। মোৰ আগৰ বহু ৰাষ্ট্ৰপতিয়ে ইৰাণৰ সৈতে শান্তি স্থাপনৰ চেষ্টা কৰিছিল, কিন্তু তেওঁলোক সকলোৱে ব্যৰ্থ হৈছিল। এই অঞ্চলৰ জনসাধাৰণে প্ৰথমজন ৰাষ্ট্ৰপতি পাইছে যিয়ে প্ৰকৃত শান্তি কঢ়িয়াই আনিলে। শুকুৰবাৰে চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত, প্ৰণালীটো মুকলি কৰি দিয়া আৰু লেণ্ডমাইন আঁতৰোৱাৰ ফলত দুয়ো দিশৰ পৰা অঞ্চলটোলৈ আৰু বিশ্বলৈ তেলৰ যোগান পুনৰ আৰম্ভ হ’ব।”
অৱশ্যে ইৰাণে এতিয়াও শান্তি চুক্তি সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। ইৰাণৰ ফাৰ্চ নিউজ এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি অতি সোনকালেই চৰকাৰে আমেৰিকাৰ সৈতে যুদ্ধবিৰতি চুক্তি সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিব। ইয়াৰ উপৰিও সংবাদ সংস্থাটোৱে দাবী কৰিছে যে ইৰাণে ওমানৰ সহযোগত পাৰস্য উপসাগৰত সামুদ্ৰিক যাতায়ত নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্ত লৈছে।
বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে, মুঠ ১৪টা বিষয়ত দুয়োখন দেশৰ মাজত সহমতত উপনীত হোৱাৰ পিছতে এই শান্তি চুক্তি স্বাক্ষৰিত হয়। সেই ১৪টা বিষয় হ’ল-
- ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ।
- ইৰাণৰ বন্দৰসমূহক আগুৰি থকা আমেৰিকাৰ নৌসেনাৰ অৱৰোধ ৩০ দিনৰ ভিতৰত উঠাই লোৱা।
- ইৰাণৰ পৰা আমেৰিকাৰ বাহিনীৰ প্ৰত্যাহাৰ।
- লেবাননকে ধৰি সকলো ফ্ৰণ্টতে স্থায়ী যুদ্ধবিৰতি।
- ইৰাণৰ পৰিচালনাত পুনৰ মুকলি কৰা হ’ব হৰমুজ প্ৰণালী।
- ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰাৰ প্ৰতিশ্ৰুতি দিছে।
- ইৰাণৰ তেল আৰু ইন্ধন সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞাৰ অন্ত।
- আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে ইৰাণৰ বাবে পুনৰ্গঠনৰ পৰিকল্পনা আগবঢ়াব, যাৰ বাবে কমেও ৩০০ বিলিয়ন ডলাৰ খৰচ হ’ব।
- মধ্যপ্ৰাচ্য অঞ্চলত সামৰিক শক্তি বৃদ্ধি নকৰাৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ।





