• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

বেংকৰ কৰ্মচাৰীগৰাকীয়ে অনলাইনত বিমানৰ টিকট বুকিং কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন বিলাসী ভ্ৰমণত বহু টকা খৰচ কৰিছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2026 9:56 am
ফটোঃ এ আই।

ফটোঃ এ আই।

60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনলাইন জুৱাৰ আসক্তি আৰু বিলাসী জীৱনশৈলীৰ প্ৰলোভনে মানুহক কেনেকৈ  ডুবাই দিব পাৰে তাৰ এক জীৱন্ত উদাহৰণ পোহৰলৈ আহিছে মধ্যপ্ৰদেশত। অৱশেষত বেংকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল এগৰাকী মহিলা কেচিয়াৰ।

তদন্ত কৰি থকা আৰক্ষী বিষয়াসকলেও আনকি মহিলাগৰাকীৰ এই কাণ্ড দেখি আচৰিত হৈ পৰিল। জানিব পৰা মতে, সেই বৃহৎ পৰিমাণৰ ধনৰ ভিতৰত তেওঁ কেৱল ষ্টাৰ মেকাৰ এপতে প্ৰায় ৩৫ লাখ টকা উৰুৱাইছিল।

Apply Now

মধ্যপ্ৰদেশৰ খাৰগোণ জিলাৰ এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি মহিলা কেচিয়াৰগৰাকীয়ে জিলা সমবায় বেংকৰ মূল শাখাত কৰ্মৰত আছিল। তেওঁৰ বিৰুদ্ধে বেংকৰ পৰা প্ৰায় ৪২ লাখ টকা আত্মসাৎ কৰাৰ বাবে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

এই বৃহৎ পৰিমাণৰ চৰকাৰী ধন আত্মসাৎ কৰাৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে বেংক কৰ্তৃপক্ষই আৰক্ষীৰ কাষ চাপে আৰু লগে লগে কোটোৱালি থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

অভিযুক্ত মহিলা কেচিয়াৰগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত তদন্তকাৰীয়ে জেৰা কৰি থকাৰ সময়তে ইটোৰ পিছত সিটো বিস্ফোৰক তথ্যৰ সন্মুখলৈ আহিছে। আৰক্ষীয়ে জনোৱা মতে, বেংকৰ কৰ্মচাৰীগৰাকীয়ে অনলাইনত বিমানৰ টিকট বুকিং কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন বিলাসী ভ্ৰমণত বহু টকা খৰচ কৰিছিল।

ইয়াৰ উপৰিও ষ্টাৰ মেকাৰ নামৰ অনলাইন গেমিং আৰু মনোৰঞ্জনৰ এপ এটাত বহু টকা বিনিয়োগ কৰিছিল। সেই এপটোত জুৱা আৰু অন্যান্য ভাৰ্চুৱেল গেমত তেওঁ প্ৰায় ৩৫ লাখ টকা হেৰুৱায়।

প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে বেংকৰ মূল কেচিয়াৰ হোৱাৰ বাবেই এই বৃহৎ পৰিমাণৰ ধন তেওঁ নিজৰ ব্যক্তিগত একাউণ্টলৈ সহজেই ট্ৰেন্সফাৰ কৰিছিল। বেংক অডিটৰ সময়ত বিপুল পৰিমাণৰ ধনৰ অসামঞ্জস্যতা ধৰা পৰাত প্ৰথমে এই জালিয়াতিৰ কথা পোহৰলৈ আহিছিল।

অভিযুক্ত মহিলাগৰাকীৰ এই ধৰণৰ বিলাসী জীৱনশৈলী আৰু অনলাইন জুৱা খেলৰ আসক্তিৰ বাবে বেংক জমাকাৰীৰ ধন কেনেদৰে অপচয় হ’ল সেয়া এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কোটোৱালি থানাৰ আৰক্ষীয়ে ধৃত কেচিয়াৰৰ বিৰুদ্ধে জালিয়াতি আৰু আৰ্থিক আত্মসাৎৰ গোচৰ ৰুজু কৰি অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd