• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

কানছাছ চিটীত অনুষ্ঠিত মেচত আলজেৰিয়াৰ বিৰুদ্ধে মেছিৰ কেৰিয়াৰৰ প্ৰথমটো বিশ্বকাপ হেট্ৰিক, তালিকাৰ পৰৱৰ্তী স্থানত ব্ৰাজিলৰ ৰোনাল্ডো আৰু পশ্চিম জাৰ্মানীৰ গাৰ্ড মুলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2026 11:00 am
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

কানছাছ চিটীত অনুষ্ঠিত চলিত ফিফা বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত আলজেৰিয়াক ৩-০ গ‘লৰ ব্যৱধানত পৰাস্ত কৰি ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই নিজৰ খিতাপ ৰক্ষাৰ অভিযান সফলতাৰে আৰম্ভ কৰিছে। এই মেচখনতে আৰ্জেণ্টিনাৰ অধিনায়ক তথা তাৰকা খেলুৱৈ লিঅ‘নেল মেছিয়ে নিজৰ বিশ্বকাপ কেৰিয়াৰৰ প্ৰথমটো হেট্ৰিক অৰ্জন কৰাৰ লগতে জাৰ্মানীৰ প্ৰাক্তন ষ্ট্ৰাইকাৰ মিৰ‘শ্লাভ ক্ল‘জৰ সৰ্বাধিক ১৬ টা বিশ্বকাপ গ‘লৰ অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হয়।

মেচখনৰ প্ৰথমাৰ্ধৰ আৰম্ভণিতে ইণ্টাৰ মিয়ামিৰ সতীৰ্থ ৰড্ৰিগো ডি পলৰ পৰা লাভ কৰা এক সুন্দৰ পাছৰ সহায়ত মেছিয়ে দূৰৈৰ পৰা প্ৰথমটো গ‘ল স্ক‘ৰ কৰে। ইয়াৰ পাছত দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ওচৰৰ পৰা দ্বিতীয়টো গ‘ল আৰু খেলপথাৰৰ পৰা বদলি হৈ ওলাই অহাৰ ঠিক পূৰ্বে তৃতীয়টো গ‘ল দি তেওঁ নিজৰ হেট্ৰিক সম্পূৰ্ণ কৰে। খেলপথাৰৰ পৰা ওলাই অহাৰ সময়ত উপস্থিত বৃহৎ সংখ্যক আৰ্জেণ্টিনাৰ সমৰ্থকে থিয় দি তেওঁক সন্মান জনায়। উল্লেখযোগ্য যে, বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ক্ল‘জে মেছিয়ে তেওঁৰ অভিলেখ ভংগ কৰিব বুলি মত প্ৰকাশ কৰিছিল। মেচৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে মেছিয়ে এই সুযোগ লাভ কৰিব বুলি ক্ল‘জে ধাৰণা কৰিছিল যদিও প্ৰথমখন মেচতেই তেওঁৰ এই অভিলেখ স্পৰ্শ কৰিব বুলি তেওঁ ভবা নাছিল।

এই হেট্ৰিকৰ লগে লগে মেছিৰ মুঠ বিশ্বকাপ গ‘লৰ সংখ্যা ১৬ টালৈ বৃদ্ধি পায়। বৰ্তমান ফিফা বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ‘লদাতাৰ তালিকাত মেছিয়ে ২৭ খন মেচত ১৬ টা গ‘লেৰে জাৰ্মানীৰ মিৰ‘শ্লাভ ক্ল‘জৰ (২৪ খন মেচত ১৬ টা গ‘ল) সৈতে যুটীয়াভাৱে শীৰ্ষস্থান দখল কৰিছে। এই তালিকাৰ পৰৱৰ্তী স্থানসমূহত ক্ৰমে ব্ৰাজিলৰ ৰোনাল্ডোৱে ১৯ খন মেচত ১৫ টা, পশ্চিম জাৰ্মানীৰ গাৰ্ড মুলাৰে ১৩ খন মেচত ১৪ টা, ফ্ৰান্সৰ জাষ্ট ফণ্টেইনে ৬ খন মেচত ১৩ টা, ব্ৰাজিলৰ পেলে আৰু ফ্ৰান্সৰ কিলিয়ান এমবাপ্পেই ১৪ খনকৈ মেচত ১২ টাকৈ গ‘ল, হাংগেৰীৰ চেণ্ডৰ ককচিছে ৫ খন মেচত ১১ টা আৰু জাৰ্মানীৰ জুৰ্গেন ক্লিঞ্চমেনে ১৭ খন মেচত ১১ টা গ‘ল অৰ্জন কৰিছে। একেদৰে দহটাকৈ গ‘ল অৰ্জন কৰা খেলুৱৈসকল হৈছে ক্ৰমে পশ্চিম জাৰ্মানীৰ হেলমুট ৰাহন (১০ খন মেচ), ইংলেণ্ডৰ গেৰী লিনেকাৰ আৰু আৰ্জেণ্টিনাৰ গেব্ৰিয়েল বাটিষ্টুটা (১২ খন মেচ), পেৰুৰ টিঅ‘ফিলো কুবিলাছ (১৩ খন মেচ), জাৰ্মানীৰ থমাছ মুলাৰ (১৯ খন মেচ) আৰু পোলেণ্ডৰ গ্ৰেগৰ্জ লাট‘ (২০ খন মেচ)।

বিশেষভাৱে মন কৰিবলগীয়া যে, কুৰি বছৰৰ পূৰ্বে ছাৰ্বিয়া আৰু মণ্টেনেগ্ৰোৰ বিৰুদ্ধে খেলা মেচখনৰ জৰিয়তে মেছিয়ে আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপত অভিষেক ঘটাইছিল আৰু সেই মেচখনতো তেওঁ গ‘ল দিবলৈ সক্ষম হৈছিল। আনহাতে, যোৱা কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনাই নিজৰ প্ৰথমখন মেচত ছৌডি আৰবৰ হাতত পৰাস্ত হৈ পৰৱৰ্তী সময়ত বিশ্বজয়ী হৈছিল যদিও এইবাৰ দলটোৱে এক সুন্দৰ আৰম্ভণি কৰিছে। অহা সপ্তাহত ঊনচল্লিছ বছৰ বয়সত ভৰি দিবলগীয়া মেছিয়ে মেচখনত আঘাতৰ কোনো লক্ষণ নেদেখুৱাই পূৰ্ণ উদ্যমেৰে অৱতীৰ্ণ হয় আৰু আনকি ডিফেন্সতো দলটোক সহায় কৰে। মেচখনত তেওঁ আৰু দুটা গ‘ল দিয়াৰ সুযোগ লাভ কৰিছিল যদিও এটা অফছাইডৰ বাবে বাতিল হয় আৰু আনটো ক্ৰছবাৰৰ ওপৰেৰে পাৰ হৈ যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd