• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 7:17 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাকৰিয়ালসকলৰ বাবে এটা অতি ভাল খবৰ। এতিয়াৰে পৰা কোনো কাগজ-পত্ৰ বা অনুমোদনৰ বাবে অপেক্ষা কৰিব নালাগে। অতি সোনকালেই গ্ৰাহকসকলে ইউপিআই এপ আৰু ইপিএফৰ সৈতে সংলগ্ন এটিএমৰ জৰিয়তে পোনে পোনে নিজৰ প্ৰভিডেন্ট ফাণ্ডৰ ধন উলিয়াব পাৰিব। কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন বা ইপিএফঅ’ৰ নতুন ডিজিটেল প্লেটফৰ্ম ইপিএফঅ’ ৩.০ ৰ জৰিয়তে এই সুবিধা আৰম্ভ হ’ব। জুন মাহৰ শেষৰ ফালে এই নতুন সেৱাৰ আনুষ্ঠানিক আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অৱ ইণ্ডিয়াৰ সহযোগত এই ব্যৱস্থাৰ পৰীক্ষামূলক কাম সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই জানিবলৈ দিছে যে অতি সোনকালেই এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰা হ’ব।

বৰ্তমান পিএফৰ ধন উলিয়াবলৈ প্ৰথমে আবেদন কৰিব লাগে আৰু অনুমোদনৰ বাবে বহু সময় অপেক্ষা কৰিব লাগে। নতুন ব্যৱস্থাত এই প্ৰক্ৰিয়া বহুত সহজ হৈ পৰিব। নতুন নিয়ম অনুসৰি, গ্ৰাহকসকলে তেওঁলোকৰ জমা থকা পিএফৰ ধনৰ সৰ্বোচ্চ ৭৫ শতাংশলৈকে লগে লগে নিজৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পাৰিব। ইউপিআই প্লেটফৰ্মৰ লগতে ইপিএফ-লিংক থকা এটিএমৰ পৰাও এই সুবিধা লাভ কৰিব। অৱশ্যে বাকী থকা অতি কমেও ২৫ শতাংশ ধন ভৱিষ্যতৰ সঞ্চয় হিচাপে একাউণ্টত ৰাখিব লাগিব।

Apply Now

এই নতুন ডিজিটেল ব্যৱস্থাৰ আন এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে স্বয়ংক্রিয় দাবী নিষ্পত্তিৰ সীমা বৃদ্ধি কৰা। আগতে একেলগে এক লাখ টকালৈকে উলিয়াব পৰা গৈছিল। এতিয়া সেই সীমা পাঁচ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত জৰুৰী প্ৰয়োজনত গ্ৰাহকসকলে অতি সোনকালেই ধন লাভ কৰিবলৈ সক্ষম হ’ব।

পৰিচয় প্ৰমাণ কৰাৰ ক্ষেত্ৰতো নতুন ব্যৱস্থা অনা হৈছে। উমং এপৰ জৰিয়তে ফেচ অথেনটিকেচন প্ৰযুক্তি ব্যৱহাৰ কৰি সদস্যসকলে নিজৰ পৰিচয় নিশ্চিত কৰিব পাৰিব। ইয়াৰ ফলত বহুতো নথি-পত্ৰ জমা দিয়াৰ সমস্যা কমিব। ইয়াৰ উপৰিও অতি সোনকালেই ইউনিভাৰ্চেল একাউণ্ট নম্বৰ বা ইউএএন সক্ৰিয় কৰা, অনলাইনত পিএফ পাছবুক চোৱাৰ সুবিধা আৰু আধাৰৰ সৈতে সংযুক্ত তথ্য সলনি কৰা প্ৰক্ৰিয়া আৰু অধিক সহজ কৰি তোলা হ’ব।

বিশেষজ্ঞসকলৰ মতে, ইপিএফঅ’ ৩.০ য়ে দেশৰ বিত্তীয় সেৱাক অধিক দ্ৰুত, স্বচ্ছ আৰু গ্ৰাহকৰ সুবিধাৰ অনুকূলে গঢ়ি তুলিব। জৰুৰী অৱস্থাত পিএফৰ ধন সোনকালে ব্যৱহাৰ কৰাৰ সুবিধা বৃদ্ধি পোৱাৰ লগতে অৱসৰৰ সময়ৰ সঞ্চয় ব্যৱস্থাও আধুনিক ডিজিটেল আন্তঃগাঁথনিৰ সৈতে সুন্দৰকৈ জড়িত হৈ পৰিব। অৱশ্যে একে সময়তে সঞ্চিত ধনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ শক্তিশালী পৰীক্ষণ আৰু প্ৰতাৰণা ৰোধ কৰা ব্যৱস্থাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm
ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm
ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd