দেওবাৰে তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ অন্তৰ্গত দলংঘাটত ৰে‘লৱে দলং পাৰ হৈ থকা অৱস্থাত এখন দ্ৰুতবেগী ৰে‘লৰ খুন্দাত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ শোকাৱহ মৃত্যু ঘটিছে। নিহত ছাত্ৰীগৰাকী গুৰমৌ গাঁৱৰ নিবাসী তথা গুৰমৌ হাইস্কুলৰ শিক্ষাৰ্থী অনন্যা ডেকা বুলি চিনাক্ত কৰা হৈছে। টিউচনৰ পৰা আন দুগৰাকী সংগীৰ সৈতে ঘৰলৈ উভতি অহাৰ পথতে এই দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিগত ১৫ বছৰৰো অধিক সময় ধৰি এটা বিকল্প দলং প্ৰকল্প অসম্পূৰ্ণ হৈ থকাৰ বাবেই এনে কাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, অনন্যা ডেকাই আন দুগৰাকী ছাত্ৰীৰ সৈতে দলংঘাটৰ ৰে‘লৱে দলংখন পাৰ হৈ থকাৰ সময়তে হঠাতে এখন ৰে‘ল আহে। ৰে‘লৰ খুন্দাত অনন্যাৰ ঘটনাস্থলীতে মৃত্যু হয় যদিও তাইৰ লগত থকা আন দুগৰাকী ছাত্ৰীয়ে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, পূৰ্বতেই পিতৃহাৰা হোৱা অনন্যাক তাইৰ মাহীমাকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল।
দুৰ্ঘটনাটোৰ পাছতে দুৰ্ঘটনাস্থলীত সমবেত হোৱা স্থানীয় লোকে ক্ষোভত ফাটি পৰে আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰে। ৰাইজে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু স্থানীয় জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোত যাতায়াতৰ কোনো বিকল্প পথ নথকাৰ বাবে কেইবাখনো গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে সদায়ে এই বিপদজনক ৰে‘লৱে দলংখনেই ব্যৱহাৰ কৰিবলগীয়া হৈছে।
প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে এই সমস্যা সমাধানৰ বাবে ২০১০ চনতে হাগ্ৰামা মহিলাৰীয়ে এখন দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু ডেৰ দশক অতিক্ৰম কৰাৰ পাছতো এই দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহ‘ল। কৰ্তৃপক্ষৰ এই চৰম অৱহেলাৰ বাবেই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিনে জীৱন হাতত লৈ ৰে‘লপথ অতিক্ৰম কৰিবলগীয়া হৈছে বুলি প্ৰতিবাদকাৰীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
বৰ্তমান স্থানীয় ৰাইজে উক্ত অসম্পূৰ্ণ দলংখনৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ লগতে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। ইয়াৰ উপৰি, শোকসন্তপ্ত পৰিয়ালটোক উপযুক্ত সাহায্য আৰু সহযোগিতা আগবঢ়াবলৈ ৰে‘লৱে কৰ্তৃপক্ষক আহ্বান জনোৱা হৈছে। এই প্ৰতিবেদন যুগুত কৰা সময়লৈকে বিটিচি প্ৰশাসন বা ৰে‘লৱে কৰ্তৃপক্ষৰ তৰফৰ পৰা দুৰ্ঘটনাটো সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।





