মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান কৰাৰ নামত মৃতকৰ পৰিয়ালৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগত শনিবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই চিকিৎসকগৰাকীৰ নাম হৈছে মনোজ কুমাৰ সিনহা। পথ দুৰ্ঘটনাত নিহত এজন যুৱকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বিনিময়ত ধনদাবী কৰাৰ এক ভিডিঅ‘ পোহৰলৈ অহাৰ পাছতেই প্ৰশাসনে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।
অভিযোগ অনুসৰি, পথ দুৰ্ঘটনাত মৃত্যু হোৱা উক্ত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হৈছিল। সেই সময়তে জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহাই শোকসন্তপ্ত পৰিয়ালটোৰ পৰা প্ৰতিবেদনৰ নামত উৎকোচ বিচাৰে। চিকিৎসকগৰাকীয়ে ধন লোৱাৰ এই সমগ্ৰ দৃশ্য এটা গোপন কেমেৰাত বন্দী হৈছিল। প্ৰায় এসপ্তাহ পূৰ্বে পোহৰলৈ অহা এই ভিডিঅ‘টোৰ ভিত্তিত জিলা প্ৰশাসনে এক তদন্ত আৰম্ভ কৰে। তদন্তত অভিযোগৰ সত্যতা প্ৰমাণিত হোৱাৰ পাছত নগাঁৱৰ দণ্ডাধীশ কমলজিত শৰ্মাই দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত শনিবাৰে নগাঁও আৰক্ষীয়ে চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰে।
এই সমগ্ৰ ঘটনাক লৈ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তীব্ৰ ক্ষোভ আৰু দুখ প্ৰকাশ কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “আমাৰ এজন জ্যেষ্ঠ চিকিৎসকক গ্ৰেপ্তাৰ কৰিবলগীয়া হোৱাটো অতি দুখজনক কথা। বিগত তিনিমাহ ধৰি তেওঁৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ আহি আছিল। দুৰ্ঘটনাত সন্তান হেৰুৱাই পিতৃ-মাতৃয়ে কান্দি থকাৰ সময়ত এজন চিকিৎসকে মৰণোত্তৰ প্ৰতিবেদনৰ নামত ধন বিচৰা কাৰ্যই তেওঁ কেনে অমানুহ, তাকেই প্ৰমাণ কৰে।” আয়ুক্তগৰাকীয়ে লগতে উল্লেখ কৰে যে অভিযুক্ত চিকিৎসকজনে ভুক্তভোগী লোকে ধন দিলে বীমাৰ ধন লাভ কৰিব পৰাকৈ নিজৰ ইচ্ছামতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল, আৰু ধন নিদিলে প্ৰতিবেদন নিদিবলৈ ভাবুকি দিছিল।
চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ চিকিৎসালয়খনত সক্ৰিয় হৈ থকা দালাল চক্ৰৰ বিৰুদ্ধেও প্ৰশাসনে অতি সোনকালেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিছে। শোকৰ সময়ত মানুহৰ আৱেগৰ সুযোগ লৈ ধনদাবী কৰা এনে চক্ৰৰ বিৰুদ্ধে ৰাইজকো অধিক সচেতন হ‘বলৈ তেওঁ আহ্বান জনাইছে।





