প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ সময়ছোৱাত বন্ধ কৰি ৰখা বেংক একাউণ্টসমূহ পুনৰ পৰিচালনা কৰাৰ বাবে পত্নী গৰিমা গাৰ্গক গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছে। কণ্ঠশিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে ন্যায়ালয়ে পৰিয়ালৰ প্ৰয়োজনীয় খৰচ আৰু শিল্পীগৰাকীৰ সৈতে জড়িত আনুষংগিক বিষয়সমূহ পৰিচালনা কৰাৰ স্বাৰ্থত এই নিৰ্দেশনা জাৰি কৰে।
গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা শুনানিৰ সময়ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিহু কমিটিসমূহৰ পৰা লাভ কৰা ধন কণ্ঠশিল্পীগৰাকীৰ একাউণ্টত জমা নকৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হয়। ন্যায়ালয়ত দাখিল কৰা তথ্য অনুসৰি, বৰ্তমান জুবিন গাৰ্গৰ বেংক একাউণ্টত মাত্ৰ ন লাখ টকাহে জমা আছে। আনহাতে, অভিযুক্ত মেনেজাৰ শৰ্মাৰ বেংক একাউণ্টত কেইবা কোটি টকা মজুত থকা বুলি অভিযোগ উত্থাপন হৈছে। লগতে দাবী কৰা হৈছে যে বিহু কমিটিসমূহে কণ্ঠশিল্পীগৰাকীক প্ৰদান কৰা ধন সম্পূৰ্ণৰূপে তেওঁৰ বেংক একাউণ্টত জমা কৰা হোৱা নাছিল।
ইয়াৰ উপৰি যোৱা বছৰ বিহু কমিটিসমূহে প্ৰদান কৰা বত্ৰিশ লাখ টকা মেনেজাৰগৰাকীয়ে আত্মসাৎ কৰা বুলি ন্যায়ালয়ত সুকীয়াকৈ দাবী কৰা হৈছে। অৱশ্যে এই অভিযোগসমূহ বৰ্তমানো ন্যায়িক প্ৰক্ৰিয়াৰ অধীনত আছে আৰু ন্যায়ালয়ে এই সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত ৰায়দান প্ৰদান কৰা নাই। শুনানিৰ সময়তে আদালতৰ দৃষ্টিগোচৰ হয় যে প্ৰয়াত শিল্পীগৰাকীৰ দৈনন্দিন খৰচ আৰু অন্যান্য আনুষংগিক কাম-কাজ চলাই নিবলৈ বন্ধ হৈ থকা বেংক একাউণ্টসমূহৰ মুকলি কৰাটো অতি প্ৰয়োজনীয়, যাৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে একাউণ্টসমূহ মুকলি কৰাৰ নিৰ্দেশ দিয়ে।
আনহাতে, সমগ্ৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অসমৰ বাহিৰলৈ স্থানান্তৰ কৰাৰ দাবীৰে অভিযুক্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। শৰ্মাই দাখিল কৰা এই আবেদনখন বৰ্তমান সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন অৱস্থাত আছে আৰু পৰৱৰ্তী সময়ত সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতহে গোচৰটোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰু বিচাৰৰ স্থান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।





