ট্ৰাম্প প্ৰশাসনৰ কঠোৰ ভ্ৰমণ নিষেধাজ্ঞা আৰু টিকটৰ আকাশলংঘী মূল্যৰ মাজতো আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ এক অভূতপূৰ্ব অভিলেখ সৃষ্টি হৈছে। ফিফাৰ তথ্যৰ ওপৰত ভিত্তি কৰি ৰয়টাৰ্ছে প্ৰস্তুত কৰা এক বিশ্লেষণ অনুসৰি, প্ৰতিযোগিতাখনৰ প্ৰথম ৪৪ খন মেচত মুঠ দৰ্শকৰ সংখ্যা ২৮ লাখ ৫০ হাজাৰ অতিক্ৰম কৰিছে আৰু ষ্টেডিয়ামসমূহৰ গড় উপস্থিতি ৯৯.৬ শতাংশ স্পৰ্শ কৰিছে। বিশেষজ্ঞসকলৰ মতে, ক্ৰীড়াপ্ৰেমীসকলৰ এই বিপুল সঁহাৰি কেৱল ফুটবলৰ প্ৰতি থকা আমেৰিকানসকলৰ অনুৰাগৰ পৰিচায়ক নহয়, বৰঞ্চ ই বৃহৎ অনুষ্ঠানৰ প্ৰতি তেওঁলোকৰ তীব্ৰ আকৰ্ষণৰ প্ৰতিফলন।
পূৰ্বৰ ৬৪ খন মেচৰ বিপৰীতে এইবাৰৰ বিশ্বকাপত মুঠ ১০৪ খন মেচ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে প্ৰতিযোগিতাখনৰ ৬৪ তম মেচখন অনুষ্ঠিত হোৱাৰ পূৰ্বেই দৰ্শকৰ উপস্থিতিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে। ইয়াৰ পূৰ্বে ১৯৯৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত বিশ্বকাপত প্ৰায় ৩৬ লাখ দৰ্শকৰ উপস্থিতিৰে এক অভিলেখ স্থাপন হৈছিল। কলেজ অৱ দ্য হলি ক্ৰছৰ অৰ্থনীতিবিদ তথা ক্ৰীড়া ব্যৱসায়ৰ বিশেষজ্ঞ ভিক্টৰ মেথেছনৰ মতে, আমেৰিকাৰ বিশাল ষ্টেডিয়ামসমূহ দৰ্শকৰ এই অভিলেখৰ অন্যতম কাৰণ। চলিত শতিকাৰ যিকোনো বিশ্বকাপৰ তুলনাত, কেৱল ২০০৬ চনৰ জাৰ্মানী বিশ্বকাপৰ ব্যতিক্ৰমৰ বাহিৰে, এইবাৰ ষ্টেডিয়ামসমূহৰ আসন পূৰ্ণ হোৱাৰ হাৰ সৰ্বাধিক।
ফিফাই প্ৰথমবাৰৰ বাবে টিকটৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত চাহিদাৰ ওপৰত নিৰ্ভৰশীল এক পৰিৱৰ্তনশীল আৰ্হি গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে, পেৰাগুৱে আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মেচখনৰ অন্তিম মুহূৰ্তৰ টিকটৰ মূল্য আছিল ৪৫০ ডলাৰ। আনহাতে,পুনৰ বিক্ৰীৰ বজাৰত টিকটৰ গড় ন্যূনতম মূল্য ৭৯৮ ডলাৰ পৰ্যন্ত স্পৰ্শ কৰিছে। মূল্য নিৰ্ধাৰণৰ এই নীতিক লৈ সমালোচনাৰ সৃষ্টি হৈছে যদিও ফিফাৰ এগৰাকী মুখপাত্ৰই স্পষ্ট কৰিছে যে ই বজাৰৰ চাহিদাৰ প্ৰতিফলন আৰু বিক্ৰী অনুকূল কৰাৰ এক প্ৰয়াস। ইয়াৰ উপৰি ফিফাই ৬০ ডলাৰ মূল্যৰ এক লাখ ত্ৰিশ হাজাৰ টিকটো উপলব্ধ কৰিছে। ইউনিভাৰ্চিটি অৱ ছান ফ্ৰান্সিস্কোৰ ক্ৰীড়া অৰ্থনীতিৰ বিশেষজ্ঞ ডেন ৰাছনাৰৰ মতে, আমেৰিকানসকলে ডাঙৰ অনুষ্ঠান পছন্দ কৰে আৰু তেওঁলোক বিশ্বমানৰ অনুষ্ঠানৰ অংশ হ‘বলৈ বিচাৰে। নীলছন আই কিউৰ মে‘ মাহৰ প্ৰতিবেদনতো উল্লেখ কৰা হৈছে যে গ্ৰাহকসকলে ব্যয়ৰ ক্ষেত্ৰত অধিক সচেতন হৈ পৰিলেও এনে বৃহৎ অনুষ্ঠানৰ বাবে ধন ব্যয় কৰিবলৈ কুণ্ঠাবোধ নকৰে। নীলছনৰ জুন মাহৰ আন এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ ঘৰুৱা মেজৰ লীগ ছকাৰতকৈ মেক্সিকোৰ লিগা এম এক্সৰ প্ৰতি আমেৰিকানসকলৰ আগ্ৰহ অধিক।
ট্ৰাম্প প্ৰশাসনৰ ভ্ৰমণ নিষেধাজ্ঞা আৰু কঠোৰ প্ৰব্ৰজন নীতিৰ ফলস্বৰূপে হাইটি, ইৰাণ আৰু ছেনেগালৰ দৰে দেশৰ ক্ৰীড়াপ্ৰেমীসকল আমেৰিকালৈ অহাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে। অক্সফ‘ৰ্ড ইকনমিক্সৰ এক প্ৰতিবেদন অনুসৰি যোৱা বছৰ আমেৰিকালৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমন ৫.৭ শতাংশ হ্ৰাস পাইছিল। বিশেষজ্ঞ ভিক্টৰ মেথেছনে মন্তব্য কৰিছে যে অন্য কোনো প্ৰশাসন থকা হ‘লে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ সংখ্যা ইয়াতকৈ অধিক হ‘লহেঁতেন। এই প্ৰতিকূলতাসমূহৰ মাজতো ফিফাৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰতিযোগিতাখনৰ অনুৰাগী মহোৎসৱসমূহত ইতিমধ্যে ৩৫ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৰাছিয়া বিশ্বকাপত ৭৭ লাখ আৰু ২০১৪ চনৰ ব্ৰাজিল বিশ্বকাপত ৫৫ লাখ লোকে এনে মহোৎসৱত অংশগ্ৰহণ কৰিছিল। ফিফাই এইবাৰৰ বিশ্বকাপৰ পৰা টিকট আৰু আতিথ্যৰ জৰিয়তে ৩ বিলিয়ন ডলাৰৰো অধিক ৰাজহ সংগ্ৰহৰ পূৰ্বানুমান কৰিছে। ২০২২ চনত এই পৰিমাণ আছিল ৯৪৯ মিলিয়ন ডলাৰ আৰু ২০১৮ চনত ৭১২ মিলিয়ন ডলাৰ। বিশেষজ্ঞ মেথেছনৰ মতে এইবাৰ ৰাজহৰ পৰিমাণ ৪ বিলিয়ন ডলাৰ পৰ্যন্ত স্পৰ্শ কৰিব পাৰে।
এই সমগ্ৰ আয়োজন সন্দৰ্ভত হোৱাইট হাউচৰ মুখপাত্ৰ ডেভিছ ইংলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই বিশ্বকাপ মানৱ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু চমৎকাৰী অনুষ্ঠান হিচাপে পৰিগণিত হ‘ব। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সকলো অনুৰাগী আৰু দৰ্শনাৰ্থীৰ বাবে ইতিহাসৰ আটাইতকৈ নিৰাপদ আৰু সুৰক্ষিত অভিজ্ঞতা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইউনিভাৰ্চিটি অৱ চাউথ কেৰ‘লাইনাৰ ক্ৰীড়া ব্যৱস্থাপনাৰ অধ্যাপক জন গ্ৰেডীৰ মতে, চলিত বিশ্বকাপৰ এই বিশাল সাফল্যই ২০২৮ চনত লছ এঞ্জেলছত অনুষ্ঠিত হ‘বলগীয়া গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সক্ষমতা আৰু প্ৰস্তুতিৰ এক যোগাত্মক বাৰ্তা সমগ্ৰ বিশ্বলৈ প্ৰেৰণ কৰিছে।





