নিউয়ৰ্ক চহৰত অনুষ্ঠিত ডেম‘ক্ৰেটিক দলৰ প্ৰাইমাৰী নিৰ্বাচনত মেয়ৰ জোহৰান মামদানি আৰু ডেম‘ক্ৰেটিক ছ‘চিয়েলিষ্ট মুভমেণ্টে এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে। মঙলবাৰে ঘোষণা কৰা ফলাফল অনুসৰি, মেয়ৰগৰাকীৰ সমৰ্থিত বাওঁপন্থী প্ৰাৰ্থীসকলে দুজনকৈ বৰ্তমানৰ কংগ্ৰেছ সদস্যৰ লগতে আন এজন প্ৰভাৱশালী নেতাক পৰাস্ত কৰি হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ নিৰ্বাচনৰ বাবে ডেম‘ক্ৰেটিক দলৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছে। এই নিৰ্বাচনী ফলাফলে নিউয়ৰ্কৰ ডেম‘ক্ৰেটিক দলৰ আভ্যন্তৰীণ ৰাজনীতিৰ পুৰণি শ্ৰমিক সংগঠনসমূহৰ পৰিৱৰ্তে মামদানিৰ নেতৃত্বাধীন নৱপ্ৰজন্মৰ ডেম‘ক্ৰেটিক ছ‘চিয়েলিষ্ট অৱ আমেৰিকাৰ (ডি এছ এ) বৰ্ধিত প্ৰভাৱক প্ৰতিষ্ঠা কৰিছে।
নিৰ্বাচনৰ আটাইতকৈ আকৰ্ষণীয় ফলাফলটো আছিল ত্ৰয়োদশ কংগ্ৰেচনেল ডিষ্ট্ৰিক্টত, য‘ত মামদানিৰ নিৰ্বাচনী প্ৰচাৰ সংগঠক ডাৰিয়ালিজা আভিলা চেভলিয়াৰে বৰ্তমানৰ কংগ্ৰেছ সদস্য আড্ৰিয়ানো এস্পাইলাটক পৰাস্ত কৰে। এস্পাইলাট আছিল কংগ্ৰেচনেল হিজ্পানিক ককাছৰ অধ্যক্ষ আৰু কেপিটেল হিললৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী পূৰ্বৰ নথিপত্ৰবিহীন অনুপ্ৰৱেশকাৰী। এস্পাইলাটে চেভলিয়াৰক স্থানীয় নহয় বুলি সমালোচনা কৰিছিল যদিও চেভলিয়াৰে সেই অভিযোগ খণ্ডন কৰি বৰ্তমানৰ কংগ্ৰেছ সদস্যজনে আপাৰ মেনহাটন আৰু ব্ৰংক্সৰ শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ বাবে একো কৰা নাই বুলি ওলোটাই আক্ৰমণ কৰি এই ঐতিহাসিক বিজয় সাব্যস্ত কৰে।
একেদৰে দশম কংগ্ৰেচনেল ডিষ্ট্ৰিক্টত মামদানিৰ মিত্ৰ তথা চহৰখনৰ প্ৰাক্তন কম্পট্ৰ‘লাৰ ব্ৰেড লেণ্ডাৰে বৰ্তমানৰ প্ৰতিনিধি ডেন গ‘ল্ডমেনক পৰাস্ত কৰে। এই নিৰ্বাচনত মূলতঃ ইজৰাইল আৰু গাজাৰ প্ৰতি আমেৰিকাৰ নীতিক লৈ থকা দুয়োৰে মতবিৰোধ স্পষ্ট হৈ পৰিছিল। আনহাতে মামদানিৰ মূল ভেটি হিচাপে পৰিচিত সপ্তম কংগ্ৰেচনেল ডিষ্ট্ৰিক্টত ডি এছ এৰ নিষ্ঠাৱান নেত্ৰী তথা নিউয়ৰ্ক ৰাজ্যিক বিধানসভাৰ সদস্য ক্লেয়াৰ ভালডেজে ব্ৰুকলিন বৰ‘ৰ সভাপতি এণ্টনিঅ‘ ৰেনোচোক পৰাস্ত কৰি নিদিয়া এম ভেলাছকুৱেজৰ উত্তৰাধিকাৰী হিচাপে প্ৰাৰ্থিত্ব লাভ কৰে। মন কৰিবলগীয়া যে অৱসৰ গ্ৰহণ কৰিবলগীয়া কংগ্ৰেছ নেত্ৰী ভেলাছকুৱেজে ৰেনোচোক মুকলি সমৰ্থন জনাইছিল।
এই নিৰ্বাচনী বিজয়ক ডেম‘ক্ৰেটিক ছ‘চিয়েলিষ্টসকলে আমেৰিকাৰ ৰাজনীতিত তেওঁলোকৰ আন্দোলনৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰতীক হিচাপে অভিহিত কৰিছে। মেনহাটন, কুইনছ, ব্ৰুকলিন আৰু ব্ৰংক্স অঞ্চল সামৰি লোৱা এই গভীৰ-নীলা (Deep-blue) অৰ্থাৎ ডেম‘ক্ৰেট-প্ৰভাৱশালী জিলাসমূহত এই জয় প্ৰায় নিশ্চিত বুলিয়েই ধৰা হৈছে, যিয়ে আগন্তুক মধ্যৱৰ্তী নিৰ্বাচন আৰু ২০২৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে দলটোৰ তৃণমূল পৰ্যায়ৰ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত দিছে। ইফালে নিউয়ৰ্ক চহৰৰ বাহিৰৰ এক গুৰুত্বপূৰ্ণ প্ৰাইমাৰীত প্ৰাক্তন সেনা বিষয়া কেইট কনলিয়ে ৰিপাব্লিকান প্ৰাৰ্থী মাইকেল ললাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ‘বলৈ ডেম‘ক্ৰেটিক প্ৰাৰ্থিত্ব লাভ কৰিছে।
আনহাতে ডনাল্ড ট্ৰাম্পকে ধৰি বিৰোধী পক্ষই এই সফলতাৰ পিছতে মামদানি আৰু তেওঁৰ সমৰ্থিত প্ৰাৰ্থীসকলক ক্ৰমাগতভাৱে “কমিউনিষ্ট” বুলি আখ্যা দিবলৈ আৰম্ভ কৰিছে। অৱশ্যে নিজকে ডেম‘ক্ৰেটিক ছ‘চিয়েলিষ্ট বুলি পৰিচয় দিয়া মেয়ৰ মামদানিয়ে এনে অভিযোগ নাকচ কৰি ইয়াক মূল সমস্যাসমূহৰ পৰা দৃষ্টি আঁতৰোৱাৰ এক প্ৰয়াস বুলি বৰ্ণনা কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ লক্ষ্য হৈছে আমেৰিকাক এনে এখন দেশ হিচাপে গঢ়ি তোলা য‘ত প্ৰতিজন সাধাৰণ লোকে ঘৰভাড়া নিয়ন্ত্ৰণ, বিনামূলীয়া বাছ সেৱা, সৰ্বজনীন শিশু যত্ন আৰু ধনী শ্ৰেণীৰ ওপৰত কৰ আৰোপৰ দৰে আঁচনিৰ জৰিয়তে এক স্বচ্ছল জীৱন নিৰ্বাহ কৰিব পাৰে আৰু শ্ৰমিক শ্ৰেণীক ৰাজনীতিৰ মূল কেন্দ্ৰলৈ ঘূৰাই আনিব পাৰে।





