• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 5:11 pm
136
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী ব্ৰাজিলীয় মহিলাক দক্ষিণ কোৰিয়াৰ এখন আদালতে স্থগিত কাৰাদণ্ড প্ৰদান কৰিছে। আদালতে তেওঁক দেশান্তৰিত কৰাৰো সম্ভাৱনা আছে বুলি খবৰ প্ৰকাশ পাইছে।

এই মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ বিখ্যাত বিটিএছ তাৰকা জংকুকৰ ঘৰলৈ গৈ বাৰে বাৰে অস্বাভাৱিক আচৰণ কৰিছিল। আনকি তেওঁ একেৰাহে ১৩৩ বাৰ কলিংবেল বজোৱাৰ দৰে কাণ্ডও সংঘটিত কৰিছিল।

Apply Now

অভিযুক্ত মহিলাগৰাকীৰ নাম এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। যোৱা ডিচেম্বৰ মাহৰ পৰাই তেওঁ জংকুকক এইদৰে আমনি কৰিবলৈ আৰম্ভ কৰিছিল। আদালত আৰু আৰক্ষীৰ তথ্য অনুসৰি, তেওঁ জংকুকৰ ঘৰৰ সন্মুখত চিঠি আৰু ফটো থৈ অহাৰ চেষ্টা কৰিছিল। মহিলাগৰাকীয়ে দাবী কৰিছিল যে তেওঁ কেৱল ভালপোৱাৰ বাবেই এই সকলোবোৰ কৰিছিল। দক্ষিণ কোৰিয়াৰ ছিউলৰ এখন জিলা আদালতে তেওঁক এবছৰৰ কাৰাদণ্ড দিছিল যদিও সেয়া দুবছৰৰ বাবে স্থগিত ৰখা হৈছে। যদি তেওঁ এই ৰায়ৰ বিৰুদ্ধে আপীল কৰি সফল নহয়, তেন্তে তেওঁক দেশৰ পৰা  উলিয়াই পঠোৱা হ’ব পাৰে।

গোচৰৰ নথিপত্ৰ অনুসৰি, যোৱা ৭ ডিচেম্বৰত মহিলাগৰাকীয়ে প্ৰথমবাৰৰ বাবে ছিউলত থকা জংকুকৰ ঘৰলৈ গৈছিল। তাত তেওঁ ঘৰৰ চাৰিওফালে বিনা কাৰণত ঘূৰি ফুৰিছিল, দেৱাল পাৰ হৈ ভিতৰলৈ বস্তু দলিয়াইছিল আৰু দৰজাৰ ফাঁকেৰে চিঠি সুমুৱাই দিছিল। ইয়াৰ মাত্ৰ কেইদিনমানৰ পাছতে তেওঁ পুনৰ তালৈ গৈ একেৰাহে ১৩৩ বাৰ কলিংবেল বজায়। আদালতে তেওঁৰ এই আচৰণক চৰম পৰ্যায়ৰ পাগলামি বুলি অভিহিত কৰিছে। ১৩ ডিচেম্বৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সেইদিনা তেওঁ এজন খাদ্য যোগান ধৰা কৰ্মচাৰীৰ পিছে পিছে কাষৰ গেটেৰে জংকুকৰ ঘৰত সোমাবলৈ চেষ্টা কৰিছিল। পিছদিনা তেওঁক পুনৰ সেই ঘৰৰ ওচৰলৈ নোযোৱাৰ চৰ্তত এৰি দিয়া হৈছিল, কিন্তু তেওঁ সেই সকীয়নি আওকাণ কৰে।

ইয়াৰ পৰৱৰ্তী কেইবা সপ্তাহ ধৰি তেওঁৰ এই অহা-যোৱা চলিয়েই আছিল। শেষত আৰক্ষীয়ে এক জৰুৰী নিৰ্দেশ জাৰি কৰি জংকুকৰ ঘৰৰ ১০০ মিটাৰৰ ভিতৰত তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰে। ইমানৰ পাছতো তেওঁ ৰৈ যোৱা নাছিল। ফেব্ৰুৱাৰী মাহতো জংকুকৰ ঘৰলৈ যোৱা অব্যাহত ৰখাত আৰক্ষীয়ে অৱশেষত বিষয়টো অধিবক্তাসকলৰ হাতলৈ প্ৰেৰণ কৰে। আদালতত জনোৱা হয় যে তেওঁ সকলো মিলি কমেও ২২ বাৰ তাত গৈছিল। ৰায়দানৰ সময়ত বিচাৰকে কয় যে তেওঁ পুনৰ অপৰাধ কৰাৰ আশংকা বৰ বেছি নাই, যাৰ বাবে তেওঁক এই শাস্তি প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা বছৰৰ জুন মাহত জংকুকৰ সামৰিক সেৱা শেষ হোৱাৰ কেইঘণ্টামানৰ পাছতেই ছিউলত তেওঁৰ ঘৰত সোমাবলৈ চেষ্টা কৰাৰ সময়ত এগৰাকী ৩০ বছৰীয়া চীনা মহিলাকো গ্ৰেপ্তাৰ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd