• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

দুয়োটা দলৰ সঘনাই ফাউল, বিৰতি আৰু অত্যধিক সতৰ্ক ফুটবলৰ বাবে প্ৰথমাৰ্ধত মেচখনে কেতিয়াও ছন্দ বিচাৰি নাপালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2026 8:43 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনৰ ফিফা বিশ্বকাপৰ অন্যতম প্ৰতিযোগিতামূলক গ্ৰুপ আছিল ‘এফ’। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতেই এই গ্ৰুপটোক লৈ যথেষ্ট চৰ্চা হৈছিল আৰু চূড়ান্ত ৰাউণ্ডৰ মেচবোৰে সেই প্ৰত্যাশাক সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰিছিল। নাটকীয় যুঁজৰ অন্তত নেদাৰলেণ্ডে গ্ৰুপ চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰি নক আউটত উপনীত হয়। জাপানে দ্বিতীয় স্থান দখল কৰে আৰু ছুইডেনে তৃতীয় শ্ৰেষ্ঠ দল হিচাপে শেষ ৩২ত স্থান লাভ কৰে। ফলত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে ৩২ ৰাউণ্ডত জাপানৰ বিৰুদ্ধে খেলিব।

মেচৰ আগৰ সমীকৰণটো একেবাৰে স্পষ্ট আছিল। ড্ৰ’ হ’লে জাপানৰ দ্বিতীয় স্থান আৰু নকআউট নিশ্চিত হ’ব। আনহাতে, ছুইডেনৰ হাতত জয়ৰ বাহিৰে আন উপায় নাছিল। ইয়াৰ উপৰিও টিউনিছিয়াই যদি নেদাৰলেণ্ডক পৰাস্ত কৰিব পাৰিলেহেঁতেন বা অন্ততঃ আনখন মেচত ড্ৰ’ কৰিব পাৰিলেহেঁতেন তেন্তে গ্ৰুপৰ সমীকৰণ আৰু অধিক সলনি হ’লহেঁতেন। অৱশ্যে শেষত সেয়া নহ’ল।

Apply Now

আমেৰিকাৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনৰ আৰম্ভণিৰে পৰা দুয়োটা দলে যথেষ্ট সতৰ্ক আছিল। নকআউট পৰ্যায়লৈ যোৱাৰ হেঁচা খেলখনত স্পষ্টকৈ দেখা গ’ল। ফলত দুয়োটা দলে প্ৰথমাৰ্ধত আক্ৰমণাত্মক ফুটবলতকৈ ডিফেন্সৰ ওপৰত অধিক গুৰুত্ব দিছিল।

খেলখনৰ ৩০ মিনিটত ছুইডেনে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। আঘাতৰ বাবে চেণ্টাৰ বেক ইছাক হিয়েনে খেলপথাৰ এৰিবলৈ বাধ্য হয়। অলপ পিছতে জাপানেও এটা আচৰিত সিদ্ধান্ত লৈ প্ৰথমাৰ্ধত নিজৰ অধিনায়কক বাহিৰলৈ নিয়ে। দুয়োটা দলৰ সঘনাই ফাউল, বিৰতি আৰু অত্যধিক সতৰ্ক ফুটবলৰ বাবে প্ৰথমাৰ্ধত মেচখনে কেতিয়াও ছন্দ বিচাৰি নাপালে। প্ৰথমাৰ্ধত আক্ৰমণ বুলিবলৈ বিৰতিৰ পূৰ্বে জাপানৰ আক্ৰমণ। ডি বক্সৰ বাহিৰৰ পৰা নাকামুৰাৰ এটা শ্বট পোষ্টৰ তলৰ সোঁফালৰ চুকটো স্পৰ্শ কৰি বাহিৰলৈ গৈছিল।

বিৰতিৰ পিছত মেচখনৰ গতিবেগ সলনি হ’ল। ৫৬ মিনিটত জাপানে এটা ডাঙৰ দলীয় আক্ৰমণেৰে অগ্ৰগতি লাভ কৰে। ৰিটছু ড’য়ানৰ নিখুঁত থ্ৰু পাছৰ পিছত ছুইডেনৰ ডিফেন্স ভাঙি পেলায় ডাইজেন মায়েডাই। তেওঁ মসৃনভাৱে গ’লৰক্ষকক পৰাস্ত কৰি দলটোক আগুৱাই লৈ যায়। অৱশ্যে জাপানৰ আনন্দ বেছি সময় নাথাকিল। মাত্ৰ ছয় মিনিটৰ পিছতে ছুইডেনে সমতা স্থাপন কৰে। এন্থনী এলেংগাৰে বাওঁ ভৰিৰ পৰা এটা শক্তিশালী ক্ৰছ লয়। জাপানৰ গ’লপোষ্টৰ কোণত সোমাই গ’ল। জাপানৰ গ’লৰক্ষক জেন চুজুকিয়ে সোঁফালে বহুখিনি ডাইভ মাৰিলেও বলটো ৰখাব নোৱাৰিলে।

গ’লটো দিয়াৰ পিছত সচেতন হৈ পৰে চুজুকি । প্ৰথমে আলেকজেণ্ডাৰ ইছাকৰ দীৰ্ঘ দূৰত্বৰ শ্বটটো দুৰ্দান্তভাৱে ৰখাই দিয়ে। তাৰ পাছত মেচৰ শেষৰ ফালে ইছাকৰ শক্তিশালী হেডাৰো অসাধাৰণ দক্ষতাৰে ব্লক কৰি জাপানক বিপদৰ পৰা আঁতৰাই ৰাখে।

শেষত দুয়োটা দল জয়ৰ বাবে আগ্ৰাসী হৈ পৰিল। কেইবাটাও সুযোগৰ সৃষ্টি হ’ল। কিন্তু নিৰ্ধাৰিত সময়ত আৰু গ’ল নোহোৱাৰ বাবে খেলখন ১-১ গ’লত ড্ৰ’ত সমাপ্ত হয়।

আনহাতে, একে সময়তে অনুষ্ঠিত হোৱা মেচখনত নেদাৰলেণ্ডে আশা কৰা মতে টিউনিছিয়াক পৰাস্ত কৰি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰে। ফলত ডাচ দলটোৱে চেম্পিয়ন হিচাপে গ্ৰুপ ‘এফ’ৰ পৰা নকআউট হয়, দ্বিতীয় স্থানত জাপান আৰু শ্ৰেষ্ঠ তৃতীয় দল হিচাপে ছুইডেনেও অন্তিম ৩২ত স্থান লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm
উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm
উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd