নিজৰ মন্ত্ৰালয়ৰ পৰাই এক কোটি টকাৰ ৰাজসাহায্য বা চাবচিডি লোৱাৰ বিৰোধীৰ অভিযোগৰ মাজতে কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী ভাগীৰথ চৌধুৰীয়ে এই অভিযোগ খণ্ডন কৰিছে। তেওঁ দাবী কৰিছে যে বিৰোধীয়ে তেওঁক ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লৈছে আৰু মিছা অপপ্ৰচাৰ চলাইছে।
‘আজ তক’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে ৰাজসাহায্য লাভ কৰা কথাটো অস্বীকাৰ কৰা নাই। তেওঁ কয় যে এই ধন সম্পূৰ্ণ চৰকাৰী নিয়ম অনুসৰিয়েই লাভ কৰা হৈছে। ২০১৪ চনত আৰম্ভ হোৱা কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনিৰ অধীনত এই ৰাজসাহায্য দিয়া হয়, য’ত পলিহাউচ নিৰ্মাণৰ বাবে ৫০ শতাংশ ধন ৰেহাই দিয়াৰ ব্যৱস্থা আছে। এই সুবিধা সমগ্ৰ দেশৰ হাজাৰ হাজাৰ কৃষকে লাভ কৰি আহিছে।
সৰুৰে পৰা কৃষিৰ সৈতে জড়িত মন্ত্ৰী চৌধুৰীয়ে কয় যে ৰাজস্থানৰ ডিডৱানা-কুচামন জিলাৰ পীহ গাঁৱত তেওঁৰ নিজা মাটি আছে। অঞ্চলটোত পানীৰ তীব্ৰ নাটনি হোৱাৰ বাবে তেওঁ বৰষুণৰ পানী সাঁচি ৰাখিবলৈ ২ কোটি লিটাৰ পানী জমা কৰিব পৰা এটা বৃহৎ পুখুৰী আৰু এটা পলিহাউচ নিৰ্মাণ কৰিছিল। তেওঁ ২০১৮ চনতে এই ৰাজসাহায্যৰ বাবে আবেদন কৰিছিল, কিন্তু পলিহাউচ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে সকলো চৰকাৰী পৰীক্ষণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত ২০২৫ চনতহে এই ধন তেওঁক মুকলি কৰি দিয়া হয়।
বিৰোধীৰ অভিযোগৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ নিজৰ কৃষিভূমিত এই ঋণ আৰু ৰাজসাহায্যৰ সবিশেষ উল্লেখ থকা এখন ডাঙৰ বোৰ্ড সকলোৱে দেখাকৈ আঁৰি থৈছে। তেওঁ প্ৰশ্ন কৰে যে যদি তেওঁৰ কোনো অসৎ উদ্দেশ্য থাকিলহেঁতেন বা কোনো ভুল কাম কৰিলেহেঁতেন, তেন্তে তেওঁ কিয় এনেকুৱা এখন বোৰ্ড লগালেহেঁতেন। চৰকাৰী সাহায্য অবিহনে সাধাৰণ কৃষকৰ বাবে পলিহাউচ স্থাপন কৰাটো সম্ভৱ নহয় বুলিও তেওঁ উল্লেখ কৰে। আন কৃষকসকলকো আধুনিক কৃষি পদ্ধতি শিকিবলৈ তেওঁ নিজৰ পামলৈ আমন্ত্ৰণ জনায়। বৰ্তমান তেওঁৰ পলিহাউচত তিয়ঁহ, বিলাহী, কেপচিকাম আৰু ধনীয়াৰ খেতি কৰা হৈছে।






