আমেৰিকাৰ সেনাবাহিনীৰ আক্ৰমণৰ পিছৰে পৰা উত্তপ্ত হৈ পৰিছে পশ্চিম এছিয়া। মোখিক সকীয়নি আৰু তাৰ প্ৰত্যুত্তৰ চলি আছিল। অৱশেষত দেওবাৰে পুৱা ইৰানে কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহত আক্ৰমণ কৰে। একে সময়তে তেওঁলোকে স্পষ্ট কৰি দিছে যে যদি এনেদৰে চলি থাকে তেন্তে আলোচনাৰ ব্যৰ্থ হ’ব পাৰে। অৱশ্যে আমেৰিকাই এতিয়াও এই আক্ৰমণৰ পিছত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
ইৰাণৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে আজি পুৱা কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিত মিছাইল আৰু ড্ৰ’ন আক্ৰমণ চলায়। অৱশ্যে এই ক্ষয়-ক্ষতিৰ পৰিমান এতিয়াও জানিব পৰা হোৱা নাই। হতাহতৰ সংখ্যাও স্পষ্ট হোৱা নাই।
বাহৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। অৱশ্যে কোনো সবিশেষ তথ্য দিয়া হোৱা নাই। ইয়াত মাত্ৰ লিখা হৈছে, ‘ইৰাণৰ কিছুমান ড্ৰ’নে বাহৰেইনৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছিল।’ সেইবোৰে নিৰ্দিষ্ট লক্ষ্যত আঘাত হানে নে নাই সেয়া জানিব পৰা হোৱা নাই।
আনহাতে, কুৱেইট সেনাই কয় যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ‘শত্ৰু’ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন প্ৰতিহত কৰিছে। সংশ্লিষ্ট একাংশ সূত্ৰই আশংকা প্ৰকাশ কৰিছে যে আমেৰিকাৰ সেনাবাহিনীৰ আক্ৰমণ আৰু ইৰাণৰ প্ৰত্যাক্ৰমণৰ ফলত যুদ্ধবিৰতি ভংগ হ’ব।
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম আই আৰ আই বিৰ দাবী অনুসৰি যোৱা নিশা আমেৰিকাই দক্ষিণৰ ছিৰিক চহৰৰ এটা টেলিকমিউনিকেচন টাৱাৰত হঠাতে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। এক প্ৰবল বিস্ফোৰণে সমগ্ৰ অঞ্চলটো জোকাৰি যায়। কেইমিনিটমানৰ ভিতৰতে চহৰখনৰ সিপাৰে ইটোৰ পিছত সিটোকৈ মিছাইলে আঘাত হানে। চাৰিওফালে অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰে। বিমান প্ৰতিৰক্ষা ব্যৱস্থাকে ধৰি ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সামৰিক আন্তঃগাঁথনি ধ্বংস হয়।
চেণ্টকমে অভিযোগ কৰে যে শুকুৰবাৰে ইৰাণে যুদ্ধবিৰতিৰ চৰ্ত উলংঘা কৰি ছিংগাপুৰৰ পতাকাবাহী ‘এভাৰ লাভলী’ নামৰ এখন জাহাজত আক্ৰমণ চলাইছিল। চেণ্টকমে লিখিছে, ‘ইয়াৰ পিছত তেহৰাণক যুদ্ধবিৰতিৰ চৰ্ত মানি চলাৰ সুযোগ দিয়া হৈছিল। কিন্তু তেওঁলোকে নুশুনিলে।’
ইয়াৰ পিছতে চেণ্টকমে অভিযোগ কৰে যে ইৰাণে শনিবাৰে পুৱা পুনৰ ‘এম/টি কিকু’ নামৰ এখন তেল টেংকাৰক আক্ৰমণ কৰে। তেওঁলোকে দাবী কৰে, ‘জাহাজখনে প্ৰায় ২০ লাখ বেৰেল খাৰুৱা তেল লৈ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ গৈছিল। পুৱা ৪:৩০ বজাত ইৰাণৰ ড্ৰোন আক্ৰমণত ইয়াৰ গুৰুতৰ ক্ষতিসাধন হয়।’
ইৰাণেও আমেৰিকাৰ আক্ৰমণৰ পিছত তীব্ৰ বাৰ্তা প্ৰদান কৰে। খাটাম আল-আনবিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ ইব্ৰাহিম আল-ফিকাৰে এক্স হেণ্ডেলত লিখিছে, ‘আমাৰ সাৰ্বভৌমত্ব উলংঘা কৰা হৈছে। ইয়াৰ প্ৰতিক্ৰিয়া এনেদৰে দিয়া হ’ব যে সমগ্ৰ পৰিস্থিতি সলনি হ’ব।’
তেওঁ ইয়াতেই থমকি নৰ’ল। তেওঁ প্ৰায় সকীয়নিৰ সুৰত আমেৰিকাক কৈছে, ‘আমাৰ ধৈৰ্য্যৰ বান্ধ ভাঙি গৈছে। দীঘলীয়া, অন্তহীন ৰাতিৰ বাবে সাজু থাকক। আমি কেইঘণ্টামানৰ পিছত নিজৰ শক্তি প্ৰমাণ কৰিম।’ ইয়াৰ কিছু সময়ৰ পাছতে ইৰাণে বাহৰেইন আৰু কুৱেইটত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহত আক্ৰমণ কৰে।





