• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

লাইটৱেইট মেনছ ডাবল স্কালছ ইভেণ্টত হংকং আৰু নেডাৰলেণ্ডছক পৰাস্ত কৰি এই খিতাপ দখল কৰে লক্ষ্য আৰু উজ্জ্বল কুমাৰ সিঙে; ১৮ জনীয়া ভাৰতীয় দলটোৰ ১৭ জনেই হৈছে ভাৰতীয় সেনাৰ খেলুৱৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2026 3:37 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছুইজাৰলেণ্ডৰ লুচাৰ্ণা চহৰত অনুষ্ঠিত ২০২৬ বৰ্ষৰ তৃতীয়খন ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতীয় সেনা বাহিনীত কৰ্মৰত লক্ষ্য আৰু উজ্জ্বল কুমাৰ সিঙে দেশৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। শনিবাৰে অনুষ্ঠিত লাইটৱেইট “মেনছ ডাবল স্কালছৰ” ফাইনেলত ভাৰতীয় যুটীটোৱে ৬:২৬.০৯ ছেকেণ্ড সময়ত হংকং আৰু নেডাৰলেণ্ডছক পৰাস্ত কৰি এই বিৰল সন্মান আজুৰি আনিবলৈ সক্ষম হয়। বিশ্ব ৰোৱিং চেম্পিয়নশ্বিপৰ পূৰ্বে অনুষ্ঠিত এই সন্মানীয় প্ৰতিযোগিতাত ভাৰতে লাভ কৰা এইটোৱেই হৈছে প্ৰথমটো স্বৰ্ণ পদক।

প্ৰতিযোগিতাখনৰ প্ৰথমটো পদক সেশ্যনৰ ফাইনেলত ভাৰতীয় যুটীটোৱে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত হংকঙৰ লাম ছান টুং আৰু চান টিক লুঙক (৬:২৭.১৪) তথা নেডাৰলেণ্ডছৰ যুটীক (৬:২৭.৩৬) পিছ পেলাই খিতাপ দখল কৰে। উল্লেখ্য যে হংকঙৰ এই যুটীটোৱে চলিত বৰ্ষৰ প্ৰথমখন ৱৰ্ল্ড ৰোৱিং কাপত জয়লাভ কৰিছিল। কিন্তু লক্ষ্য আৰু উজ্জ্বলে আৰম্ভণিৰে পৰা সুন্দৰ প্ৰদৰ্শনেৰে এই বৃহৎ বিজয় সাব্যস্ত কৰে।

Apply Now

এই ঐতিহাসিক বিজয়ৰ আঁৰত খেলুৱৈসকলৰ দক্ষতাৰ দিশটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে। স্বৰ্ণ পদক জয়ী লক্ষ্য আৰু উজ্জ্বল কুমাৰ সিং দুয়োগৰাকীয়েই ভাৰতীয় সেনা বাহিনীৰ জোৱান। লুচাৰ্ণলৈ যোৱা ১৮ জনীয়া ভাৰতীয় দলটোৰ ১৭ গৰাকী খেলুৱৈয়েই ভাৰতীয় সেনাৰ পৰা যোৱাৰ বিপৰীতে এগৰাকী খেলুৱৈ ভাৰতীয় নৌ সেনাৰ অন্তৰ্গত। ইয়াৰ জৰিয়তে ৰোৱিং খেলৰ আন্তঃগাঁথনি আৰু খেলুৱৈৰ বিকাশৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনীয়ে গ্ৰহণ কৰা দীৰ্ঘদিনীয়া বিনিয়োগৰ প্ৰতিফলন ঘটিছে।

এই সাফল্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰ্মী ৰোৱিং ন’ডৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল ৰামকৃষ্ণনে সংবাদ মাধ্যমৰ আগত ইয়াক দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক নিৰ্ণায়ক মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁ কয় যে লক্ষ্য আৰু উজ্জ্বল কুমাৰ সিঙে ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক জয় কৰি খেলুৱৈসকলৰ অপৰিসীম সম্ভাৱনা প্ৰদৰ্শন কৰিছে। আৰ্মী ৰোৱিং ন’ডত চলোৱা বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ ফলতেই এই সফলতা সম্ভৱ হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই জয়ে ভাৰতীয় সেনা আৰু সমগ্ৰ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে আৰু ই আগন্তুক দিনত নৱপ্ৰজন্মক ৰোৱিং খেলৰ প্ৰতি আগ্ৰহী কৰি ভাৰতৰ অলিম্পিকৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব।

লুচাৰ্ণৰ প্ৰসিদ্ধ ৰোটছী ক‘ৰ্ছত ফাইনেলৰ প্ৰথমটো দিনতেই ভাৰতে এই পদক লাভ কৰিবলৈ সক্ষম হয়। শান্ত পানী আৰু অলিম্পিক মানদণ্ডৰ দুহেজাৰ মিটাৰৰ ছয় লেনযুক্ত এই স্থানক ৰোৱিং খেলৰ অন্যতম শ্ৰেষ্ঠ স্থান হিচাপে গণ্য কৰা হয়। দেওবাৰে অলিম্পিক শ্ৰেণীৰ ফাইনেল মেচসমূহৰ জৰিয়তে তিনিদিনীয়া এই প্ৰতিযোগিতাখনৰ সামৰণি পৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd