• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 5:40 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰু চহৰত দেওবাৰে একে নিশাতে তিনিটাকৈ ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত দুজনী মহিলা আৰু এজন কুখ্যাত অপৰাধী নিহত হৈছে। মাত্ৰ কেইটামান ঘণ্টাৰ ব্যৱধানত বেংগালুৰুৰ বিভিন্ন প্ৰান্তত ঘটা এই তিনিটা নৃশংস ঘটনাই সমগ্ৰ চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষী প্ৰশাসনকো ব্যস্ত কৰি তুলিছে।

প্ৰথমটো ঘটনা সংঘটিত হৈছে মহালক্ষ্মী লেআউট নামৰ অঞ্চলটোত। তাত অঞ্জলি নামৰ ২৩ বছৰীয়া যুৱতী এগৰাকীক তেওঁৰ প্ৰেমিক ৰাজীৱে ছুৰীৰে আঘাত কৰি হত্যা কৰে। আৰক্ষীৰ পৰা জানিব পৰা মতে তেওঁলোকৰ মাজত বিয়াক লৈ কাজিয়া হৈছিল। বিগত তিনি বছৰ ধৰি তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল যদিও ৰাজীৱৰ অপৰাধমূলক ইতিহাস থকাৰ বাবে অঞ্জলিৰ পৰিয়ালে এই সম্পৰ্কত সন্মতি দিয়া নাছিল। ঘটনাৰ কিছু সময়ৰ পিছতে আৰক্ষীয়ে অভিযুক্ত ৰাজীৱক গ্ৰেপ্তাৰ কৰে।

Apply Now

আনহাতে দ্বিতীয়টো ঘটনা বোম্মনাহাল্লি আৰক্ষী থানাৰ অন্তৰ্গত মুনিপ্পা লেআউটত সংঘটিত হয়। তাত কৃষ্ণা বৰ্মন নামৰ এগৰাকী ৪০ বছৰীয়া মহিলাক তেওঁৰ ভাড়াঘৰৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। তদন্তকাৰী আৰক্ষীয়ে সন্দেহ কৰা মতে কোনো চিনাকি লোকে মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰিছে। বৰ্তমান আৰক্ষীয়ে মহিলাগৰাকীৰ শেষৰ সময়ৰ যোগাযোগ আৰু চালচলনৰ ওপৰত ভিত্তি কৰি অনুসন্ধান চলাই আছে।

তৃতীয়টো হত্যাকাণ্ড অতি ভয়ংকৰভাৱে সকলোৰে চকুৰ সন্মুখতে ৰাজহুৱা পথত সংঘটিত হয়। জেপি নগৰ ৰোডৰ আইজি চাৰ্কলৰ ওচৰত ৰাজা ওৰফে হালমুক ৰাজা নামৰ এজন দাগী অপৰাধীক একাংশ দুষ্কৃতিকাৰীয়ে খেদি খেদি দাৰে ঘপিয়াই হত্যা কৰে। চিচিটিভি কেমেৰাত ধৰা পৰা মতে, এটা হালধীয়া নম্বৰ প্লেটৰ গাড়ীত অহা আক্ৰমণকাৰী দলটোৱে ৰাজাক মাজবাটতে আগচি ধৰে আৰু তেওঁ মাটিত বাগৰি পৰাৰ পিছতো উপৰ্যুপৰি আক্ৰমণ চলাই তাৰ পৰা পলায়ন কৰে। জখম ৰাজাক এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয় যদিও তেওঁ মৃত্যুবৰণ কৰে। আৰক্ষীৰ মতে ৰাজাৰ বিৰুদ্ধে পূৰ্বৰে পৰা হত্যা, হত্যাৰ চেষ্টা আৰু ডকাইটিৰ দৰে বহু গোচৰ আছিল আৰু প্ৰায় এক দশক পুৰণি শত্ৰুতাৰ বাবেই এই প্ৰতিশোধমূলক হত্যাকাণ্ড সংঘটিত হ’ব পাৰে। বৰ্তমান আৰক্ষীয়ে তিনিওটা ঘটনাৰে পৃথক পৃথকভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

June 29, 2026 5:40 pm
অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

June 29, 2026 5:17 pm
মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

June 29, 2026 4:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

June 29, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd