• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

প্ৰথম পৰ্যায়ৰ শান্তি আলোচনা ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱাৰ পাছত এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰস্তুতি আৰম্ভ হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সোমবাৰে জানিবলৈ দিয়ে যে ইৰাণৰ সৈতে দ্বিতীয় পৰ্যায়ৰ শান্তি বৈঠক কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত হ'ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 9:44 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম পৰ্যায়ৰ শান্তি আলোচনা ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱাৰ পাছত এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰস্তুতি আৰম্ভ হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সোমবাৰে জানিবলৈ দিয়ে যে ইৰাণৰ সৈতে দ্বিতীয় পৰ্যায়ৰ শান্তি বৈঠক কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত হ‘ব। মঙলবাৰে এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। অৱশ্যে এই বৈঠকত আমেৰিকাৰ প্ৰতিনিধি হিচাপে কোন কোন উপস্থিত থাকিব, সেই কথা ট্ৰাম্পে স্পষ্ট কৰা নাই। ইয়াৰ পূৰ্বে ইৰাণে এই বৈঠকৰ সম্ভাৱনাক নুই কৰিছিল।

সোমবাৰে বিয়লি নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছচিয়েলত ট্ৰাম্পে এই দ্বিতীয় পৰ্যায়ৰ বৈঠকৰ কথা ঘোষণা কৰে। তেওঁ লিখে যে ইৰাণে এখন বৈঠকৰ বাবে অনুৰোধ কৰিছিল আৰু সেই বৈঠক মঙলবাৰে অৰ্থাৎ ৩০ জুনত দোহাত অনুষ্ঠিত হ‘ব। পিছে সঁচাকৈয়ে এই বৈঠক অনুষ্ঠিত হ‘বনে নাই, তাক লৈ যথেষ্ট অনিশ্চয়তা আছে। ট্ৰাম্পৰ এই ঘোষণাৰ পূৰ্বে ইৰাণৰ উপ-বৈদেশিক মন্ত্ৰী কাজেম ঘৰিবাবাদীয়ে জানিবলৈ দিছিল যে এই সপ্তাহত কাটাৰত আমেৰিকাৰ প্ৰতিনিধিৰ সৈতে তেওঁলোকৰ কোনো বৈঠকৰ পৰিকল্পনা নাই।

Apply Now

যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ বিৰুদ্ধে আমেৰিকাই অপাৰেচন এপিক ফিউৰী আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত এই যুদ্ধত ইজৰায়েলো জড়িত হৈ পৰে। ইয়াৰ প্ৰত্যুত্তৰত ইৰাণেও পশ্চিম এছিয়াত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহত আক্ৰমণ চলায়। ইয়াৰ ফলত পশ্চিম এছিয়াত তীব্ৰ অশান্তিৰ সৃষ্টি হয় আৰু হৰমুজ প্ৰণালীও অৱৰুদ্ধ হৈ পৰে। এমাহতকৈও অধিক সময় ধৰি যুদ্ধ চলাৰ পাছত কাটাৰ আৰু পাকিস্তানৰ মধ্যস্থতাত আমেৰিকা আৰু ইৰাণ দুয়োখন দেশেই যুদ্ধবিৰতিত সন্মত হয় আৰু শান্তি ঘূৰাই অনাৰ লক্ষ্যৰে আলোচনাত বহে।

যোৱা ১৭ জুনত যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছত পৰিস্থিতি কিছু শান্ত হৈছিল যদিও যোৱা চাৰিদিনত আকৌ এবাৰ পশ্চিম এছিয়াত উত্তেজনা বিয়পি পৰে। যোৱা বৃহস্পতিবাৰে ওমান উপকূলৰ ওচৰত চিংগাপুৰৰ এখন জাহাজত আক্ৰমণ হয়। আমেৰিকাই দাবী কৰে যে ইৰাণে এই আক্ৰমণ চলাইছে, আনহাতে ইৰাণে এই অভিযোগ অস্বীকাৰ কৰি আমেৰিকাকহে দোষাৰোপ কৰে। ইয়াৰ পাছতে আমেৰিকাই ইৰাণৰ কেইবাখনো সামৰিক ঘাটিত বোমা পেলায় আৰু তাৰ প্ৰত্যুত্তৰত ইৰাণে কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ ঘাটিত আক্ৰমণ কৰে। শনিবাৰলৈকে দুয়োপক্ষৰ মাজত গুলীয়াগুলী চলে। সামৰিক বিশেষজ্ঞসকলৰ মতে, দুয়োখন দেশেই যুদ্ধলৈ যাব নিবিচাৰে যদিও ইখনে সিখনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা চলাই আছে। অৱশ্যে শেহতীয়া খবৰ অনুসৰি দুয়োখন দেশ পুনৰ যুদ্ধবিৰতিত সন্মত হৈছে।

এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে, নতুনকৈ সৃষ্টি হোৱা এই উত্তেজনাৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি বৈঠকখন সঁচাকৈয়ে অনুষ্ঠিত হ‘বনে? এই জল্পনা-কল্পনাৰ মাজতেই ট্ৰাম্পে বৈঠকৰ কথা সদৰী কৰিছে। বিশেষজ্ঞসকলৰ মতে, দুয়োখন দেশেই নিজকে বিজয়ী বুলি দাবী কৰিলেও তেওঁলোকে আলোচনা অব্যাহত ৰাখিব বিচাৰে। এতিয়া ট্ৰাম্পৰ দাবী অনুসৰি মঙলবাৰে দোহাত সঁচাকৈয়ে কোনো বৈঠক অনুষ্ঠিত হয় নে নহয়, সেয়াহে লক্ষণীয় হ‘ব।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd