• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

জাৰ্মানীৰ গ’লৰক্ষক হিচাপে মেনুৱেল ন্যুয়াৰ থকাৰ বাবে বহুতে ভাবিছিল যে টাইব্ৰেকাৰত হয়তো তেওঁৱেই শেষ হাঁহি মাৰিব, কিন্তু সেয়া নহ’ল। তেওঁৰ হাততে জাৰ্মানীয়ে বিশ্বকাপৰ ইতিহাসত প্ৰথমটো টাইব্ৰেকাৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2026 8:48 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাৰ্মানীত এতিয়া কাই হাভাৰ্টজৰ অৱস্থা কি? নিৰ্দ্ধাৰিত সময়ত পেৰাগুৱেৰ বিৰুদ্ধে তেওঁৰ গ’লটোৱে মেচখন ১-১ গ’লত সমতা স্থাপন কৰি অতিৰিক্ত সময়লৈ লৈ যায়। আৰু টাইব্ৰেকাৰত তেওঁৰ ‘মিছ’ৰ বাবেই জাৰ্মানী বিশ্বকাপৰ পৰা বাহিৰ হৈ পৰিল। ভাগ্যই কম সময়ৰ ভিতৰতে তেওঁৰ পৰা মুখ ঘুৰাই নিলে। ৫৪ মিনিটত যাৰ গ’লেৰে সমতা ঘূৰাই আনে জাৰ্মানীয়ে, টাইব্ৰেকাৰত তেওঁৰ প্ৰথমটো শ্বট মিছৰ বাবে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বিদায় ল’বলগীয়া হ’ল। দুৰ্দান্ত যুঁজৰ অন্তত পেৰাগুৱেই টাইব্ৰেকাৰত ৪-৩ গ’লত জয়লাভ কৰি অন্তিম ১৬-ত স্থান নিশ্চিত কৰে।

বষ্টন ষ্টেডিয়ামত নিৰ্দ্ধাৰিত আৰু অতিৰিক্ত সময়ৰ শেষত ১-১ গ’লত খেলখন সমাপ্ত হয়। তেতিয়া টাইব্ৰেকাৰটোৱেই আছিল নিৰ্ণায়ক। পেৰাগুৱেৰ গ’লৰক্ষক অৰলেণ্ডো গিল তাত নায়ক হৈ পৰে। প্ৰথমে কাই হাভাৰ্টজ আৰু তাৰ পিছত নিক ভল্টেমেডৰ শ্বট ব্লক কৰি তেওঁ জাৰ্মানীক চাপত পেলাইছিল।

Apply Now

টাইব্ৰেকাৰৰ বাওঁফালৰ কোণত হাভাৰ্টজৰ প্ৰথমটো শ্বট ব্লক কৰে গিলে। জাৰ্মানীৰ হৈ জোছুয়া কিমিচ, জামাল মুছিয়ালা আৰু নাডিয়েম আমিৰীয়ে সফলতা লাভ কৰিছিল যদিও পেৰাগুৱেৰ গ’লৰক্ষকগৰাকীয়ে ভল্টেমেডৰ শ্বটটোকো ৰখাই দিছিল।

আনহাতে, পেৰাগুৱেৰ হৈ মৌৰিচিঅ’ মাগালহাইছ, গুস্তাভো গোমেজ আৰু মাটিয়াছ গালাৰ্জাই গ’ল দিয়ে। এণ্টনিঅ’ ছানাব্ৰিয়াৰ শ্বটটো বাহিৰলৈ ওলাই গ’ল যদিও পঞ্চম শ্বটত মেনুৱেল ন্যুয়াৰে ফেবিয়ান বালবুয়েনাৰ এই প্ৰচেষ্টাক বাধা দিয়ে। ফলত মেচখন ষষ্ঠ শ্বটলৈ যায়। তাত যেতিয়া জনাথন টাহে বলটো ওপৰলৈ মাৰিলে, তেতিয়া জোচে কানালে জয়ী হোৱাৰ সুযোগ পালে। আৰু সেই সুযোগ তেওঁ নেহেৰুৱালে। তেওঁ ন্যুয়াৰক শক্তিশালী শ্বটেৰে পৰাস্ত কৰি পেৰাগুৱেক এক ঐতিহাসিক জয় প্ৰদান কৰে।

জাৰ্মানীৰ গ’লৰক্ষক হিচাপে মেনুৱেল ন্যুয়াৰ থকাৰ বাবে বহুতে ভাবিছিল যে টাইব্ৰেকাৰত হয়তো তেওঁৱেই শেষ হাঁহি মাৰিব, কিন্তু সেয়া নহ’ল। তেওঁৰ হাততে  জাৰ্মানীয়ে বিশ্বকাপৰ ইতিহাসত প্ৰথমটো টাইব্ৰেকাৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ আগতে আৰু প্ৰতিবাৰেই চাৰিটা টাইব্ৰেকাৰ জয় কৰিছিল। আনহাতে, ২০১০ চনৰ পিছত পুনৰ বিশ্বকাপৰ টাইব্ৰেকাৰত পেৰাগুৱেই জয়লাভ কৰে।

খেলখনৰ আৰম্ভণিৰে পৰাই জাৰ্মানীয়ে নিয়ন্ত্ৰণ আৰু আক্ৰমণত আধিপত্য বিস্তাৰ কৰিছিল। প্ৰথমাৰ্ধৰ প্ৰায় ৮০ শতাংশ সময় নিজৰ নিয়ন্ত্ৰণত থকাৰ পিছতো তেওঁলোকে আকাংক্ষিত গ’লটো বিচাৰি নাপালে। তাৰ পৰিৱৰ্তে ৪২ মিনিটত দ্ৰুত পাল্টা আক্ৰমণত পেৰাগুৱেই অগ্ৰগতি লাভ কৰে। মাটিয়াছ গালাৰ্জাৰ নিখুঁত ক্ৰছত জুলিও এনচিছ’ই হেড কৰি গ’ল দিয়ে।

এই গ’লেৰে পেৰাগুৱেই নতুন ইতিহাস ৰচনা কৰিলে। বিশ্বকাপৰ নকআউট পৰ্যায়ত এইটোৱেই আছিল তেওঁলোকৰ প্ৰথমটো গ’ল। দক্ষিণ আমেৰিকাৰ দলটোৱে পূর্বৰ চাৰিখন বিশ্বকাপত পাঁচখন নকআউট মেচত এটাও গ’ল দিয়া নাছিল৷

বিৰতিৰ পিছত জাৰ্মানীয়ে পুনৰ খেলখনলৈ উভতি আহে। ৫৪ মিনিটত ফ্ল’ৰিয়ান উইৰ্টজৰ ক্ৰছৰ পৰা কাই হাভাৰ্টজে সমতা স্থাপন কৰে। চলিত বিশ্বকাপত এইটো আছিল তেওঁৰ তৃতীয়টো গ’ল।

ইয়াৰ পিছত দুয়োটা দলে কেইবাটাও সুযোগ সৃষ্টি কৰিলে যদিও আৰু কোনো গ’ল নাহিল। ৭৮ মিনিটত হাভাৰ্টজৰ হেডাৰটো অৰলেণ্ডো গিলে অতি দক্ষতাৰে ৰক্ষা কৰে। আঘাতৰ সময়ত জাৰ্মানীয়ে গ’ল দিয়াৰ অতি ওচৰ চাপিছিল যদিও বিফল হৈছিল।

ইয়াৰ পিছতে মেচখন অতিৰিক্ত সময়লৈ গুচি গ’ল। তাতো অৰলেণ্ডো গিলে হাভাৰ্টজৰ এটা শ্বট ৰক্ষা কৰে। তাৰ পাছত অতিৰিক্ত সময়ত কোনো গ’ল নোহোৱাৰ বাবে মেচখন টাইব্ৰেকাৰত সোমাই পৰিল। তাতেই জাৰ্মানীক হতাশাৰ সাগৰত ডুবাই পেৰাগুৱেই শেষ হাঁহি মাৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd