ভাৰতে সন্ত্ৰাসবাদী দেশ পাকিস্তানক হাতৰ লগতে ভাতেও মৰাৰ কৌশল গ্ৰহণ কৰিছে। পেহলগামত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছতে স্থগিত ৰখা হৈছে সিন্ধু জল সন্ধি। ভাৰতৰ এই পদক্ষেপৰ বাবেই পাকিস্তান প্ৰায় দিশহাৰা হৈ পৰিছে। সিন্ধুৰ পানী পাবলৈ উদ্বাউল হৈ পৰা ইছলামবাদে এতিয়া ভাৰতক ভাবুকি দিছে যে, ‘যদি পানী বন্ধ কৰিবলৈ চেষ্টা কৰে তেন্তে হাত কাটি দিয়া হ’ব।’
পানীৰ নাটনি হোৱাৰ লগে লগে ইছলামবাদে উন্মাদ হৈ লম্ফজম্ফ আৰম্ভ কৰিছে। মঙলবাৰে পাকিস্তানত এই জল সন্ধি সন্দৰ্ভত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। ইয়াত বিভিন্ন দেশৰ আইনজ্ঞ, জলসম্পদ বিশেষজ্ঞ আৰু বিদেশী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। তেওঁলোকে সিন্ধু সন্ধিৰ বিষয়টো বিতংভাৱে পৰীক্ষা কৰিব।
অৱশ্যে তাৰ পূৰ্বে সোমবাৰে পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰা আৰু জলবায়ু মন্ত্ৰী মুছাদ্দিক মালিকে সংবাদমেল অনুষ্ঠিত কৰে। তাৰ পৰাই ভাৰতক কঠোৰ সুৰত ভাবুকি দিয়া হয়। তেওঁলোকৰ বক্তব্যত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো লক্ষ্য কৰি লোৱা হৈছিল।
পাকিস্তানী সংবাদ মাধ্যম ডনে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি মোডীক লক্ষ্য কৰি মুছাদ্দিকে কয় যে, “চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰীয়ে এনেকুৱা আচৰণ কৰিছে যেন সকলো তেওঁৰ হাতত আছে। তেওঁ কয় যে, এটোপাল পানীও যাতে পাকিস্তানলৈ যাব নোৱাৰে।” ইয়াৰ লগে লগে পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে উচ্চ সুৰত কয়, “আমাৰ প্ৰাপ্য পানী ভাগ কৰিবলৈ অহাসকলৰ হাত কাটি পেলোৱা হ’ব।”
মুছাদ্দিকৰ মন্তব্যৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে। আটাউল্লাই লগতে কয় যে এনে একপক্ষীয়ভাৱে কোনো চুক্তি স্থগিত ৰাখিব নোৱাৰি। এইটো আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধে।
پاکستان پہلے ہی واضح کر چکا ہے کہ اگر کسی نے ہمارے پانی پر ہاتھ ڈالنے کی کوشش کی تو اسے بھرپور جواب دیا جائے گا
ہم دوٹوک اعلان کر چکے ہیں کہ جو ہمارے پانی پر ہاتھ ڈالے گا ہم وہ ہاتھ کاٹ دیں گے
ہم نے پہلے ہوا میں پکڑ کر ٹھوکا ہے اب نیچے سے بھی ٹھوکیں گے ۔ مصدق ملک pic.twitter.com/l4q4XfmpsN
— Kippsam Malik (@KeepsamM) June 29, 2026
মন কৰিবলগীয়া যে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত দিল্লীয়ে পাকিস্তানৰ সৈতে হোৱা সিন্ধু জল সন্ধি বাতিল কৰিছে। ইছলামবাদে এই সন্দৰ্ভত অহৰহ ভুল তথ্য প্ৰচাৰ কৰি আছে। ই বাৰে বাৰে দাবী কৰি আছে যে ভাৰতে এই চুক্তি উলংঘা কৰিছে। কিন্তু ভাৰতে ইতিমধ্যে ৰাষ্ট্ৰসংঘক জনাইছে যে ভাৰতে ৬৫ বছৰ পূৰ্বে পাকিস্তানক আস্থাত ৰাখি এই চুক্তি কৰিছিল। কিন্তু সেই আস্থা ভংগ কৰি পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত ৩খন যুদ্ধ আৰু হাজাৰ হাজাৰ সন্ত্ৰাসবাদী আক্ৰমণ চলাইছে।





