নিৰ্বাচন আয়োগৰ বিশেষ নিবিড় ভোটাৰ তালিকা পুনৰীক্ষণ (এছ আই আৰ) প্ৰক্ৰিয়াৰ বিৰোধিতাৰে পুনৰ সৰৱ হৈ পৰিছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’। মঙলবাৰে ২৩টা বিৰোধী দলে যৌথভাৱে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তলৈ এই প্ৰক্ৰিয়াক লৈ উদ্বেগ প্ৰকাশ কৰি এখন পত্ৰ প্ৰেৰণ কৰিছে।
একে সময়তে ন্যায়পালিকাই এই প্ৰক্ৰিয়াত তদাৰকী আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ দাবী জনায় বিৰোধী মিত্ৰজোঁটে। অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি আৰু ষ্টেলিনৰ ডি এম কে-ও এই পত্ৰত স্বাক্ষৰ কৰিছে। ইয়াৰ উপৰিও কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চিপিএম, সমাজবাদী পাৰ্টি, আৰজেডি আদি দলসমূহেও স্বাক্ষৰ কৰিছে।
সূত্ৰ অনুসৰি বিৰোধী শিবিৰৰ দাবী যে এছ আই আৰ প্ৰক্ৰিয়া এনেদৰে চলাব লাগে যাতে কোনো বৈধ ভোটাৰ তালিকাৰ বাহিৰত নাথাকে আৰু নাগৰিকৰ ভোটাধিকাৰ খৰ্ব নহয়। তেওঁলোকে কয় যে ভোটাৰ তালিকা পুনৰীক্ষণৰ দৰে গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদক্ষেপৰ বাবে উপযুক্ত স্বচ্ছতা, জবাবদিহিতা আৰু পৰ্যাপ্ত আবেদন ব্যৱস্থাৰ প্ৰয়োজন।
পত্ৰখনত স্বাক্ষৰ কৰা দলসমূহৰ ভিতৰত আছে বিৰোধী মিত্ৰজোঁটৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল। উদাহৰণস্বৰূপে, তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ পিছত বিজয়ৰ টিভিকেৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাত অসন্তুষ্ট ষ্টেলিনে কংগ্ৰেছৰ পৰা দূৰত্ব বৃদ্ধি কৰিছিল। আনকি ৮ জুনত দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত হোৱা ‘ইণ্ডিয়া’ৰ বৈঠকলৈ ডি এম কেয়ে কোনো প্ৰতিনিধি প্ৰেৰণ কৰা নাছিল।
আনহাতে, ২৪-ত হোৱা লোকসভা নিৰ্বাচনৰ পিছৰে পৰা আপৰ সৈতে কংগ্ৰেছৰ ইমান মধুৰ সম্পৰ্ক ৰাজনৈতিক মহলে লক্ষ্য কৰা নাই। শেহতীয়াকৈ খবৰ ওলাইছে যে বিৰোধী মিত্ৰতা শক্তিশালী কৰাৰ বাবে এই দুটা দলৰ সৈতে কংগ্ৰেছে নিৰন্তৰ দূৰত্ব দূৰকৰিবলৈ চেষ্টা কৰি আহিছে। ইয়াৰ বাবেই বিগত সময়ত এই বিষয়ত সৰৱ হৈ থকা সকলো বিৰোধী দলেও এইবাৰ যৌথ স্থিতি গ্ৰহণ কৰিছে। জানিব পৰা মতে, পত্ৰখনত তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীৰ স্বাক্ষৰ আছে।
আনহাতে, নিৰ্বাচন আয়োগে দাবী কৰে যে SIRৰ উদ্দেশ্য হৈছে ভোটাৰ তালিকাখন অধিক সঠিক কৰা। এই প্ৰক্ৰিয়াৰ লক্ষ্য হৈছে মৃত, স্থানান্তৰিত, ডুপ্লিকেট বা অযোগ্য নাম বাদ দি প্ৰকৃত ভোটাৰৰ তালিকা তৈয়াৰ কৰা। এছ আই আৰত ঘৰে ঘৰে পৰীক্ষণ, নথিপত্ৰ মিলাই চোৱা আৰু তথ্য সংশোধনৰ দৰে পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে।
ইপিনে, কংগ্ৰেছকে ধৰি বিৰোধী শিবিৰৰ এটা অংশই কয় যে তেওঁলোকে নীতিগতভাৱে ভোটাৰ তালিকা পুনৰীক্ষণৰ বিৰোধী নহয়; অৱশ্যে প্ৰক্ৰিয়া আৰু কাৰ্যকৰীকৰণৰ সন্দৰ্ভত বিৰোধীয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ নিৰ্বাচন আয়োগে দিব লাগিব।
একেসময়তে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক্সত পোষ্ট কৰিছে যে ২২টা দলৰ স্বাক্ষৰিত এখন চিঠি মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ লিখিছে, ‘২০২৬ চনৰ ৮ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত ভাৰতৰ নিৰ্বাচন আয়োগৰ এছ আই আৰ প্ৰক্ৰিয়া আৰু নিৰ্বাচন সম্পৰ্কীয় অন্যান্য বিষয়ৰ ওপৰত ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এখন যৌথ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই অনুসৰি, বৰ্তমান ২৩ টা ৰাজনৈতিক দল আৰু এজন স্বতন্ত্ৰ সদস্যৰ স্বাক্ষৰিত যৌথ পত্ৰ আজি ভাৰতৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা হৈছে।
ইয়াতেই শেষ নহয়, ৰমেশে লিখিছে, “বিৰোধী দলসমূহ ‘SURE’ৰ ভিত্তিত দৃঢ়ভাৱে একত্ৰিত হৈছে – যিটোৰ অৰ্থ হৈছে Solidarity (সংহতি),Unity (ঐক্য) আৰু Resistance (প্ৰতিৰোধ)।”





