• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2026 8:38 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেও দুই পক্ষৰ মাজত উত্তেজনা মাৰ যোৱা নাই। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে ভাৰতৰ ইন্ধন সুৰক্ষা আৰু সামুদ্ৰিক বাণিজ্যৰ ওপৰত। শেহতীয়া তথ্য অনুসৰি, পাৰস্য উপসাগৰৰ পৰা ভাৰত অভিমুখে অহা ৬০ শতাংশতকৈও অধিক বাণিজ্যিক জাহাজ হঠাতে নোহোৱা হৈ পৰিছে। সাধাৰণ ট্ৰেকিং ছিষ্টেম বা ৰাজহুৱা নিৰীক্ষণ ব্যৱস্থাত এই জাহাজবোৰৰ অৱস্থিতি ধৰা পৰা নাই। হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ সময়তে এনে ঘটনা ঘটি থকা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

অৱশ্যে ইয়াৰ আঁৰৰ আচল সত্যটো এতিয়া পোহৰলৈ আহিছে। এই জাহাজবোৰ প্ৰকৃততে হেৰাই যোৱা নাই। নিৰাপত্তাজনিত কাৰণত আৰু আক্ৰমণৰ আশংকাৰ পৰা বাচিবলৈ জাহাজবোৰে ইচ্ছাকৃতভাৱে নিজৰ লাইভ লোকেচন বা ৰাজহুৱা স্থান সম্প্ৰচাৰ কৰা ব্যৱস্থাটো বন্ধ কৰি ৰাখিছে। সামুদ্ৰিক পৰিভাষাত ইয়াক গ’য়িং ডাৰ্ক অৰ্থাৎ অন্ধকাৰলৈ যোৱা বুলি কোৱা হয়।

Apply Now

সাধাৰণতে প্ৰতিখন বাণিজ্যিক জাহাজতে স্বয়ংক্ৰিয় চিনাক্তকৰণ ব্যৱস্থা বা এআইএছ নামৰ এটা প্ৰযুক্তি থাকে। এই ব্যৱস্থাৰ জৰিয়তে জাহাজৰ পৰিচয়, স্থান, গতি আৰু গন্তব্যস্থানৰ বিষয়ে অহৰহ তথ্য প্ৰেৰণ কৰা হয়। ইয়াৰ ফলত সাগৰৰ বুকুত আন জাহাজৰ সৈতে সংঘৰ্ষ এৰাই চলা আৰু বন্দৰ কৰ্তৃপক্ষৰ বাবে নিৰীক্ষণ কৰাটো সহজ হয়। কিন্তু বৰ্তমানৰ যুদ্ধসদৃশ পৰিস্থিতিত এই লাইভ লোকেচন সম্প্ৰচাৰ কৰাটোৱেই জাহাজসমূহৰ বাবে ডাঙৰ বিপদ হৈ পৰিছে।

জাহাজ চলাচল সংক্ৰান্তীয় আন্তৰ্জাতিক চোৰাংচোৱা সংস্থা কেপলাৰৰ প্ৰতিবেদন অনুসৰি, প্ৰায় ৬২ শতাংশ ভাৰতমুখী টেংকাৰ আৰু পণ্যবাহী জাহাজে হৰমুজ প্ৰণালী পাৰ হোৱাৰ সময়ত নিজৰ এআইএছ সংকেত বন্ধ কৰি ৰাখিছে। শ্বিপিং কোম্পানীবোৰে আশংকা কৰিছে যে জাহাজৰ অৱস্থিতি ৰাজহুৱা কৰিলে শত্ৰুপক্ষই সহজে লক্ষ্য কৰি ল’ব পাৰে।

বিশেষজ্ঞসকলৰ মতে, বৰ্তমানৰ পৰিস্থিতিত এই অঞ্চলটোত বাণিজ্যিক জাহাজৰ সুৰক্ষাৰ বাবে ইয়াৰ বাহিৰে আন কোনো ভাল উপায় নাই। সাধাৰণ ৰাইজ বা বাণিজ্যিক ট্ৰেকিং ৱেবছাইটত এই জাহাজবোৰক অদৃশ্য যেন লাগিলেও আচলতে সেইবোৰ সুৰক্ষিত অৱস্থাত আছে। নৌসেনা, উপকূলৰক্ষী বাহিনী আৰু নিজা শ্বিপিং কোম্পানীৰ সৈতে সুৰক্ষিত আৰু গোপন মাধ্যমেৰে জাহাজসমূহে সদায় যোগাযোগ বাৰ্তালাপ বজাই ৰাখিছে। মেৰিন ইনচাইটৰ তথ্য অনুসৰি, বিগত ৭২ ঘণ্টাত ৯খন ভাৰতমুখী আৰু বিদেশী পতাকাযুক্ত জাহাজে সফলতাৰে হৰমুজ প্ৰণালী পাৰ হৈছে, যাৰ ভিতৰত ৭খন জাহাজ পোনপটীয়াকৈ ভাৰতৰ ফালে আহি আছে।

অৱশ্যে এতিয়াও বহু কেইখন জাহাজ সাগৰৰ বুকুত অপেক্ষা কৰি আছে। সূত্ৰৰ খবৰ অনুসৰি, অন্ততঃ ১৫খন ভাৰতমুখী জাহাজ পাৰস্য উপসাগৰীয় সেউজ সংকেতৰ বাবে ৰৈ আছে, যাৰ ভিতৰত ১০খন ভাৰতীয় পতাকাযুক্ত জাহাজ। এই অপেক্ষাৰত জাহাজসমূহৰ ৪খনত সাৰ আৰু এখনত ইন্ধনজাতীয় সামগ্ৰী আছে। বৰ্তমান সমগ্ৰ পৰিস্থিতিৰ ওপৰত ভাৰত চৰকাৰে তীব্ৰ নজৰ ৰাখিছে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, ভাৰতৰ ইন্ধন আমদানিৰ সুৰক্ষা নিশ্চিত কৰিবলৈকে এই সাময়িক ব্লেকআউট বা ট্ৰেকিং বন্ধ কৰাৰ নতুন কৌশল গ্ৰহণ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm
এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

June 30, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd