• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2026 1:27 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰ ভেনিজুৱেলাত যোৱা মে‘ মাহত ৰহস্যজনকভাৱে মৃত্যু হোৱা এজন ৩৩ বছৰীয়া ভাৰতীয় নাৱিকৰ মৃতদেহ স্বগৃহলৈ ওভতাই অনাৰ পিছতে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ ৰাকেশ চৌহান নামৰ নাৱিকজনৰ মৃতদেহৰ পৰা মগজু, হৃদযন্ত্ৰ আৰু হাওঁফাওঁকে ধৰি একাধিক গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ অংগ সন্ধানহীন হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এন ডি টি ভিৰ এক প্ৰতিবেদন অনুসৰি, ভেনিজুৱেলাৰ কৰ্তৃপক্ষই কোনো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান নকৰাকৈ মৃতদেহটো ভাৰতলৈ প্ৰেৰণ কৰাৰ পিছত পৰিয়ালৰ লোকে ন্যায়ৰ দাবীত তদন্তৰ আহ্বান জনাইছে।

ৰাকেশ চৌহানে যোৱা ২০২৫ চনৰ নৱেম্বৰ মাহত এক্সফিনিটী নামৰ এটা কোম্পানীৰ জৰিয়তে মাৰ্চেণ্ট নেভীৰ জাহাজৰ কৰ্মচাৰী হিচাপে ভেনিজুৱেলালৈ গৈছিল। পৰিয়ালৰ ভাষ্য অনুসৰি, কোম্পানীটোৱে প্ৰথমতে তেওঁলোকক টেলিফোনযোগে জনাইছিল যে ৰাকেশে জাহাজত পৰি আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে। পৰৱৰ্তী সময়ত তেওঁৰ জীয়াই থকাৰ সম্ভাৱনা ক্ষীণ বুলি জানিবলৈ দিয়াৰ পিছত সন্ধিয়ালৈ তেওঁৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে। কোম্পানীটোৱে এমাহৰ ভিতৰত মৃতদেহ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল যদিও যোৱা চাৰি জুনতহে মৃতদেহটো দেওৰিয়াত উপস্থিত হয়।

Apply Now

মৃতদেহটো স্বগৃহলৈ অনাৰ পিছত জিলা দণ্ডাধীশৰ নিৰ্দেশত দেওৰিয়াত পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। এই পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে যে মৃতদেহটোৰ পৰা মগজু, হৃদযন্ত্ৰ, দুয়োটা হাওঁফাওঁ, যকৃৎ, বৃক্ক, প্লীহা, অগ্ন্যাশয়, পাকস্থলী আৰু অন্ত্রকে ধৰি প্ৰায় সকলোবোৰ আভ্যন্তৰীণ অংগ কাঢ়ি নিয়া হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত লগতে প্ৰকাশ পাইছে যে, মৃতদেহটোত পূৰ্বেই কৰা অসংখ্য চিলাইৰ দাগ আছিল। ডিঙিৰ পৰা তলপেটলৈকে ২২টা আৰু এখন কাণৰ পৰা আনখন কাণলৈকে ২১টা চিলাই কৰা হৈছিল। মৃত্যুৰ পূৰ্বে তেওঁ কোনো আঘাত পোৱাৰ চিন শৰীৰত নাছিল। প্ৰায় এমাহ ধৰি ডীপ ফ্ৰীজত সংৰক্ষণ কৰি ৰখা মৃতদেহটোৰ সকলো প্ৰধান অংগ কাঢ়ি নিয়াৰ ফলত মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত কৰাটো অসম্ভৱ হৈ পৰিছে।

এই সমগ্ৰ ঘটনাক লৈ ফেদাৰেচন অৱ ছীফেয়াৰাৰ্ছ ইউনিয়ন্স অৱ ইণ্ডিয়াই (এফ এছ ইউ আই) তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যোৱা ত্ৰিশ জুনত সামাজিক মাধ্যম এক্সত এটা পোষ্টযোগে সংগঠনটোৱে কয় যে ভাৰতীয় শ্ৰমিকসকলক বিদেশত বলীৰ পঠা সজোৱা হৈছে আৰু এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। সাধাৰণতে প্ৰথমটো মৰণোত্তৰ পৰীক্ষাত পৰীক্ষণৰ বাবে কিছু অংগ ৰাখি থোৱা হয় যদিও ভেনিজুৱেলাৰ কৰ্তৃপক্ষ বা কোম্পানীটোৱে এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ বা প্ৰতিবেদন নিদিয়াটোৱে সন্দেহৰ অৱকাশ বৃদ্ধি কৰিছে।

বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাৱিক সংগঠনটোৱে ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ পৰা উত্তৰদায়ীত্ব দাবী কৰাৰ লগতে ভেনিজুৱেলাত থকা ভাৰতীয় দূতাবাসৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে। আনহাতে মৃতকৰ পিতৃ ৰাম দেৱ চৌহানে ভাৰত চৰকাৰক কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। চৰকাৰী পৰ্যায়ত এই সন্দৰ্ভত কি আনুষ্ঠানিক পদক্ষেপ গ্ৰহণ কৰা হয় আৰু কূটনৈতিক স্তৰত ভেনিজুৱেলাৰ পৰা কেনে সঁহাৰি পোৱা যায়, সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ‘ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd