বৰ্তমানৰ কৰ্পোৰেট জগতৰ এটা অঘোষিত নিয়ম হৈ পৰিছে যে কেৰিয়াৰৰ শীৰ্ষত উপনীত হ’বলৈ হ’লে দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ইয়াৰ বাবে মানুহে নিজৰ টোপনি আৰু সামাজিক জীৱনো ত্যাগ কৰিবলগীয়া হৈছে। কিন্তু এই অন্তহীন দৌৰৰ শেষ ক’ত, তাক লৈ এতিয়া সকলোৱে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে যে কামৰ অতিৰিক্ত চাপ আৰু কাৰ্যালয়ৰ বিষাক্ত পৰিৱেশে কেৱল মানসিক অৱসাদেই আনি থকা নাই, বৰঞ্চ ই মানুহৰ অকাল মৃত্যুৰো কাৰণ হৈ পৰিছে।
আন্তৰ্জাতিক শ্ৰম সংস্থা চমুকৈ আইএলঅ’ৰ এক প্ৰতিবেদন অনুসৰি, কৰ্মক্ষেত্ৰৰ বিভিন্ন মানসিক আৰু সামাজিক চাপৰ বাবে বিশ্বজুৰি প্ৰতি বছৰে ৮ লাখ ৪০ হাজাৰতকৈও অধিক লোকৰ মৃত্যু হৈছে। কামৰ অতিৰিক্ত বোজা, বৈষম্য, চাকৰিৰ নিৰাপত্তাহীনতা, দীৰ্ঘসময় ধৰি কাম কৰা আৰু হাৰাশাস্তিৰ চিকাৰ হোৱাৰ বাবে প্ৰতি বছৰে প্ৰায় ৮,৪০,০৮৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ফলত বিশ্ব অৰ্থনীতিত প্ৰতি বছৰে মুঠ ঘৰুৱা উৎপাদন বা জিডিপিৰ প্ৰায় ১.৩৭ শতাংশ আৰ্থিক লোকচান হৈছে।
এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, এই মৃত্যুৰ বেছিভাগেই হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে ঘটে। কৰ্মক্ষেত্ৰৰ অত্যাধিক চাপৰ বাবে ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ দৰে ৰোগত আক্ৰান্ত হৈ প্ৰতি বছৰে ৭,৮৩,৬৯৪ জন লোকৰ মৃত্যু হৈছে। আনহাতে, মানসিক অৱসাদ বা ডিপ্ৰেচনৰ দৰে ৰোগৰ বাবে মৃত্যু হৈছে প্ৰায় ৫৬,৩৯৪ জন লোকৰ। অৱশ্যে কেৱল মৃত্যুৱেই নহয়, মানসিক ৰোগৰ বাবে মানুহে নিজৰ সুস্থ জীৱনৰ কৰ্মক্ষম বছৰবোৰো হেৰুৱাবলগীয়া হৈছে।
আইএলঅ’ই জনোৱা মতে, কাৰ্যালয়ৰ ত্ৰুটিপূৰ্ণ ব্যৱস্থাপনা, অতিৰিক্ত কামৰ বোজা, সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত স্বাধীনতাৰ অভাৱ, দায়িত্বৰ স্পষ্টতা নথকা, মানসিক নিৰ্যাতন আৰু পৰিশ্ৰমৰ তুলনাত কম দৰমহা বা স্বীকৃতি পোৱাটোৱেই কৰ্মচাৰীসকলক মৃত্যুৰ মুখলৈ ঠেলি দিছে।
গৱেষণাত দেখা গৈছে যে সমগ্ৰ বিশ্বতে প্ৰায় ৩৫ শতাংশ কৰ্মচাৰীয়ে সপ্তাহত ৪৮ ঘণ্টাতকৈ অধিক সময় কাম কৰে। অথচ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, সপ্তাহত ৫৫ ঘণ্টা বা তাতকৈ অধিক সময় কাম কৰাটো শৰীৰৰ বাবে অতি বিপজ্জনক। ভৌগোলিক দিশৰ পৰা চাবলৈ গ’লে এছিয়া মহাদেশৰ পৰিস্থিতি আটাইতকে উদ্বেগজনক। ২০১৯ চনৰ তথ্য অনুসৰি, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰায় ৪৭ শতাংশ কৰ্মচাৰীয়ে সপ্তাহত ৪৮ ঘণ্টাতকৈ অধিক সময় কাম কৰিবলগীয়া হয়। তদুপৰি চৰকাৰী বা ডাঙৰ প্ৰতিষ্ঠানৰ তুলনাত সাধাৰণ ব্যক্তিগত বা অসংগঠিত খণ্ডৰ কৰ্মচাৰীসকলে অধিক সময় কাম কৰিবলৈ বাধ্য হয়। বিশেষকৈ পাইকাৰী আৰু খুচুৰা ব্যৱসায়, পৰিবহন, যোগাযোগ আৰু উৎপাদন ক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ ওপৰত এই চাপ আটাইতকৈ বেছি।
শাৰীৰিক অসুস্থতাৰ উপৰিও কৰ্মক্ষেত্ৰত মানসিক আৰু শাৰীৰিক হাৰাশাস্তি এক ডাঙৰ সমস্যা হৈ পৰিছে। বিশ্বজুৰি প্ৰায় ২৩ শতাংশ কৰ্মচাৰী কোনো না কোনো ধৰণৰ নিৰ্যাতনৰ চিকাৰ হৈছে। ইয়াৰে ভিতৰত ১৮ শতাংশ কৰ্মচাৰী মানসিক নিৰ্যাতনৰ চিকাৰ হয়। আনহাতে, শাৰীৰিক নিৰ্যাতন আৰু যৌন নিৰ্যাতনৰ চিকাৰ হয় ক্ৰমে ৯ শতাংশ আৰু ৬ শতাংশ কৰ্মচাৰী। বিশেষকৈ মহিলাসকল পুৰুষতকৈ বহুগুণে বেছি যৌন নিৰ্যাতনৰ মুখামুখি হ’বলগীয়া হয়।
আইএলঅ’ৰ মতে, এই ভয়াৱহ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰ আৰু বিভিন্ন সংস্থাসমূহে একেলগে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। কৰ্মক্ষেত্ৰৰ এই মানসিক বিপদলৈ লক্ষ্য ৰাখি ইয়াক বৃত্তিগত সুৰক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰ অধীনলৈ আনি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা উচিত। ইয়াৰ উপৰিও, প্ৰতিষ্ঠানসমূহে কামৰ বোজা পুনৰ পৰ্যালোচনা কৰা, প্ৰয়োজনীয় কৰ্মচাৰী নিযুক্তি দিয়া, কামৰ সঠিক বিতৰণ কৰা, কামৰ সময়সীমা নিৰ্ধাৰণ কৰা আৰু কৰ্মচাৰীসকলৰ অভিযোগ জনোৱাৰ বাবে এক সুৰক্ষিত আৰু ফলপ্ৰসূ মাধ্যম গঢ়ি তোলাৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা হৈছে।





