• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2026 6:48 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশেষ ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াৰ অন্তত ৬ ছেপ্টেম্বৰ দেওবাৰে মণিপুৰ আৰু ছিকিমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। এই সংশোধনী প্ৰক্ৰিয়াত দুয়োখন ৰাজ্যত ব্যাপক পৰিৱৰ্তন দেখা গৈছে। মণিপুৰৰ প্ৰায় ৬.৩ শতাংশ আৰু ছিকিমৰ ১১ শতাংশৰো অধিক ভোটাৰৰ নাম চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে।

 

Apply Now

তথ্য অনুসৰি, দুয়োখন ৰাজ্যৰ মিলি মুঠ ১ লাখ ৮৬ হাজাৰৰো অধিক ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। ইয়াৰ ভিতৰত মণিপুৰৰ ১,৩২,৪৫৬ গৰাকী আৰু ছিকিমৰ ৫৪,২০৯ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত আছে। বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ পূৰ্বে মণিপুৰত ২০,৯৩,০৭৬ গৰাকী আৰু ছিকিমত ৪,৭১,০১৮ গৰাকী যোগ্য ভোটাৰ আছিল।

 

মণিপুৰৰ ভোটাৰ তালিকাত এটা লক্ষণীয় দিশ হ’ল পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক। ৰাজ্যখনত ৯,৫৩,৩৫০ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ১০,০৬,৯৬২ গৰাকী। ইয়াৰ লগতে ৩০৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰো তালিকাত অন্তৰ্ভুক্ত হৈছে।

 

যোৱা ৫ জুলাইত প্ৰকাশিত খচৰা ভোটাৰ তালিকাত মুঠ ১৯,৩৪,৩৯৯ গৰাকী ভোটাৰৰ নাম আছিল। ‘দ্য হিন্দু’ৰ এক প্ৰতিবেদন অনুসৰি, দাবী আৰু আপত্তি দাখিলৰ সময়ছোৱাত জমা হোৱা ৯৬,৯৮৫ খন আবেদন চূড়ান্ত তালিকাৰ বাবে পৰীক্ষা কৰা হৈছিল।

 

উল্লেখযোগ্য যে, ২০২৩ চনৰ ৩ মে’ত মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত কুকি-যো সম্প্ৰদায়ৰ বৃহৎ সংখ্যক লোক স্থানচ্যুত হ’বলগীয়া হৈছিল। সেয়েহে, এই ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াত তেওঁলোকৰ নাম কৰ্তন হোৱাৰ আশংকা কুকি-যো সম্প্ৰদায়ৰ নেতৃত্বই পূৰ্বতেই প্ৰকাশ কৰিছিল। যদিও নিৰ্বাচন আয়োগ আৰু চৰকাৰে এই আশংকা দূৰ কৰাৰ চেষ্টা কৰিছিল, চূড়ান্ত তালিকাৰ পৰা কৰ্তন হোৱা নামসমূহৰ ভিতৰত কুকি-যো সম্প্ৰদায়ৰ কিমান ভোটাৰ আছে, সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।

 

মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, খচৰা তালিকাৰ পৰা ৫৬,৮৭১ গৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৩০,৬৫০ গৰাকীৰ নাম কৰ্তন কৰা হৈছে। খচৰা তালিকাৰ পৰা বাদ পৰা ১,৫৮,৬৭৭ গৰাকী ভোটাৰৰ ভিতৰত ৭২,৪৭৩ গৰাকীয়ে স্থান সলনি কৰা, ৪৩,০০০ গৰাকীৰ মৃত্যু হোৱা, ৩৪,৭৪০ গৰাকী অনুপস্থিত থকা, ৭,৩৯৪ গৰাকীৰ নাম দুবাৰ থকা আৰু ১,০৭০ গৰাকী অন্যান্য কাৰণত বাদ পৰিছে।

 

ইফালে, ছিকিমত যোৱা জুলাই মাহত প্ৰকাশিত খচৰা ভোটাৰ তালিকাত ৪,৩৩,২৯৪ গৰাকী ভোটাৰৰ নাম আছিল। ইয়াৰে ৩,৬১,১৫৯ গৰাকী (৮৩.৩৫%) ভোটাৰৰ তথ্য পূৰ্বৰ তালিকা বা সংশোধনৰ সৈতে মিলিছিল। কিন্তু বাকী থকা ৭২,১৩৫ গৰাকী (১৬.৬৫%) ভোটাৰৰ তথ্য মিলোৱাত সমস্যা হৈছিল। তথ্য মিলি থকা ভোটাৰসকলৰ মাজতো ৫২,৩৮৪ গৰাকীৰ তথ্যত ‘যুক্তিগত অমিল’ থকা বুলি নিৰ্বাচন আয়োগে চিনাক্ত কৰিছিল।

 

গেংটকস্থিত ছিকিমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, তথ্য নিমিলা আৰু যুক্তিগত অমিল থকা মুঠ ১,২৪,৫১৯ গৰাকী ভোটাৰলৈ জাননী প্ৰেৰণ কৰি তেওঁলোকক শুনানিৰ বাবে মাতি পঠিওৱা হৈছিল। শুনানি আৰু পৰীক্ষণৰ পাছত ১৬,৪৮৫ গৰাকী ভোটাৰক অযোগ্য বুলি ঘোষণা কৰা হয়। ইয়াৰ উপৰিও মৃত্যু বা স্থান সলনিৰ দৰে কাৰণত প্ৰ-পত্ৰ ৭ ৰ জৰিয়তে আৰু ৩২৪ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হয়। ফলত দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ অন্তত ছিকিমত মুঠ ১৬,৮০৯ গৰাকী ভোটাৰৰ নাম বাদ পৰে।

 

উল্লেখ্য যে ১,৯৮২ গৰাকী নতুন ভোটাৰক তালিকাভুক্ত কৰাৰ পিছত ছিকিমৰ চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা ৪,১৮,৪৬৭ গৰাকীলৈ হ্ৰাস পায়। ইয়াৰ ভিতৰত ২,১২,৫৩৪ গৰাকী পুৰুষ, ২,০৫,৯৩১ গৰাকী মহিলা আৰু দুগৰাকী তৃতীয় লিংগৰ ভোটাৰ অন্তৰ্ভুক্ত হৈ আছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd