• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2026 5:30 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰাৱলী পাহাৰৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ চূড়ান্ত প্ৰতিবেদন দাখিলৰ বাবে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে বিচৰা অতিৰিক্ত ছমাহৰ সময়সীমা সোমবাৰে পোনচাটেই নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। আৰাৱলীৰ পৰিৱেশ তন্ত্ৰৰ জটিলতা আৰু অধিক বৈজ্ঞানিক বিশ্লেষণৰ প্ৰয়োজনীয়তাৰ দোহাই দি সমিতিখনে পৰৱৰ্তী বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ সময় বিচাৰিছিল যদিও সৰ্বোচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে।

 

Apply Now

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ জুন মাহত গঠিত এই সমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ সময়সীমা যোৱা ৩১ আগষ্টত উকলি গৈছিল। একেদিনাই সমিতিখনে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰি পৰৱৰ্তী বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ সময় বিচাৰিছিল। সমিতিৰ যুক্তি আছিল যে আৰাৱলী পাহাৰৰ পৰিৱেশ তন্ত্ৰ অত্যন্ত জটিল আৰু পৰস্পৰৰ লগত সংযুক্ত। সেয়েহে ইয়াক সাধাৰণ জোখ-মাখেৰে নিৰ্ধাৰণ কৰিব নোৱাৰি আৰু ইয়াৰ বাবে অধিক বৈজ্ঞানিক বিশ্লেষণ তথা বিশেষজ্ঞ আৰু স্থানীয় লোকৰ মতামত গ্ৰহণৰ প্ৰয়োজন আছে।

 

কিন্তু সোমবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি. মোহনাৰে গঠিত বিচাৰপীঠে সমিতিৰ এই আবেদনৰ তীব্ৰ বিৰোধিতা কৰে। ‘বাৰ এণ্ড বেঞ্চ’ৰ এক প্ৰতিবেদন অনুসৰি, মুখ্য ন্যায়াধীশ কান্তই শুনানিৰ সময়ত কয়, “সমিতিয়ে মূলতঃ মোৰ অৱসৰলৈকে এই বিষয়টো পিছুৱাই ৰাখিব বিচাৰিছে।” (মুখ্য ন্যায়াধীশ সূৰ্য কান্তই ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব)।

 

অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে ‘অন্তৱৰ্তীকালীন প্ৰতিবেদন’ প্ৰস্তুত হৈ থকা বুলি জনোৱাৰ উত্তৰত মুখ্য ন্যায়াধীশে স্পষ্টভাৱে কয় যে ন্যায়ালয়ক কেৱল অন্তৱৰ্তীকালীন নহয়, বৰঞ্চ এখন ‘চূড়ান্ত প্ৰতিবেদন’হে লাগে। লগতে বিচাৰপীঠে কঠোৰ নিৰ্দেশ দি কয় যে প্ৰয়োজন হ’লে সমিতিয়ে “দিন-ৰাতি একাকাৰ কৰি কাম কৰক” আৰু অহা ৩০ নৱেম্বৰৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰক। ইয়াৰ পিছত আৰু কোনো সময়সীমা বৃদ্ধি কৰা নহ’ব।

 

লগতে, ৰাজস্থান আৰু গুজৰাটৰ জনজাতীয় লোকসকলকে ধৰি সকলো অংশীদাৰৰ মতামত গ্ৰহণ কৰিবলৈ ন্যায়ালয়ে সমিতিক নিৰ্দেশ দিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ২ ডিচেম্বৰত নিৰ্ধাৰণ কৰা হৈছে।

 

সমিতিয়ে কিয় সময় বিচাৰিছিল?

যোৱা ৩১ আগষ্টত দাখিল কৰা প্ৰতিবেদনত সমিতিয়ে জনাইছিল যে ৬-১১ আগষ্টলৈ চলোৱা এক ‘দ্ৰুত ক্ষেত্ৰভিত্তিক মূল্যায়ন’ৰ পাছত দেখা গৈছে যে আৰাৱলী পাহাৰ এক অবিচ্ছেদ্য প্ৰাকৃতিক পৰিৱেশ। সেয়েহে সমিতিয়ে এটা “পৰিৱেশ তন্ত্ৰ-ভিত্তিক গাঁথনি” প্ৰস্তুত কৰাৰ প্ৰস্তাৱ দিছিল, য’ত বনাঞ্চল, জীৱ-বৈচিত্ৰ্য আৰু স্থানীয় সম্প্ৰদায়ৰ কথা অন্তৰ্ভুক্ত কৰা হ’ব। এই বিস্তৃত কামৰ বাবেই সমিতিয়ে অতিৰিক্ত ছমাহৰ সময় বিচাৰিছিল।

 

ইয়াৰ পূৰ্বে বিৰোধী দলৰ নেতা আৰু পৰিৱেশকৰ্মীসকলেও অভিযোগ কৰিছিল যে সমিতিখনে স্থানীয় লোকৰ মতামত গ্ৰহণৰ ক্ষেত্ৰত পৰ্যাপ্ত গুৰুত্ব দিয়া নাই। আনকি পূৰ্বতে দুখনকৈ অনুৰূপ সমিতিৰ অধ্যক্ষতা কৰা বিজ্ঞানী ৰবি চোপ্ৰায়ো মত প্ৰকাশ কৰিছিল যে এনে জটিল ক্ষেত্ৰভিত্তিক কামৰ বাবে অধিক সময়ৰ প্ৰয়োজন।

 

উল্লেখ্য যে, কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ পূৰ্বৰ এখন সমিতিয়ে আৰাৱলী পাহাৰৰ নতুন সংজ্ঞা নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ দিয়াৰ পাছতেই ২০২৫ চনৰ ডিচেম্বৰ মাহত ইয়াৰ তীব্ৰ বিৰোধিতাৰে বৃহৎ প্ৰতিবাদৰ সূত্ৰপাত হৈছিল। পৰিৱেশকৰ্মীসকলৰ আশংকা আছিল যে নতুন সংজ্ঞাই পাহাৰখনৰ এক বৃহৎ অংশত খনন কাৰ্যৰ পথ প্ৰশস্ত কৰিব। ইয়াৰ পাছতেই উচ্চতম ন্যায়ালয়ে এই নতুন পাঁচজনীয়া সমিতিখন গঠন কৰি দিছিল।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd