• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ ২০২৫ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদে গ্ৰন্থবৰ্ষ ২০২৫ ফেল'শ্বিপ লাভ কৰা লেখকসকলৰ নাম ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2026 1:08 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ ২০২৫ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদে গ্ৰন্থবৰ্ষ ২০২৫ ফেল‘শ্বিপ লাভ কৰা লেখকসকলৰ নাম ঘোষণা কৰিছে। লেখক আৰু বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক উৎসাহ যোগাবৰ বাবে এই অভিলাষী প্ৰকল্পৰ আয়োজন কৰা হৈছিল। অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা বিশিষ্ট লেখক সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠিত এখন দহজনীয়া সমিতিয়ে এই ফেল‘শ্বিপ প্ৰাপকসকলৰ নাম বাছনি কৰিছে। অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থকাৰসকলৰ বাবে মুঠ বাইছটা বিষয় ধাৰ্য কৰা হৈছিল। এই ফেল‘শ্বিপৰ বাবে ৫১২ গৰাকী লেখকৰ পৰা মুঠ ৫৪৭ টা পাণ্ডুলিপি জমা পৰিছিল আৰু ইয়াৰ মাজৰ পৰাই বিচাৰকসকলে ৪৯ গৰাকী লেখকৰ পাণ্ডুলিপি নিৰ্বাচন কৰে।

এই ফেল‘শ্বিপ লাভ কৰা প্ৰতিগৰাকী লেখকে ৫০ হাজাৰ টকাৰ লগতে এখনকৈ প্ৰমাণ পত্ৰ লাভ কৰিব। এই সমগ্ৰ বাছনি প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ গঠন কৰা নিৰ্বাচক সমিতিখনৰ অধ্যক্ষ আছিল সুমন্ত চলিহা। সমিতিখনৰ আন সদস্যসকল আছিল ক্ৰমে অনুৰাধা শৰ্মা পূজাৰী, ড॰ সত্যকাম বৰঠাকুৰ, ড॰ ছাইদুল ইছলাম, ড॰ অদিতি বেজবৰুৱা, কামেশ্বৰ বড়ো, ড॰ প্ৰশান্ত চক্ৰৱৰ্তী, ড॰ বিভা ভড়ালী, ড॰ লিপিকা তালুকদাৰ আৰু অচ্যুৎ কুমাৰ পাটোৱাৰী।

Apply Now

অসমীয়া ভাষাত এই ফেল‘শ্বিপ লাভ কৰা লেখকসকল আৰু তেওঁলোকৰ পাণ্ডুলিপিসমূহ হৈছে ক্ৰমে প্ৰকল্প ৰঞ্জন ভাগৱতীৰ কথা কোৱা ঘোঁৰা, তুতুল মানৱৰ মনৰ জগত, নাং অজন্তা বুঢ়াগোহাঞিৰ অসমৰ সাতোটা টাই জনগোষ্ঠী, নৱজ্যোতি পাঠকৰ সভা অবিভক্ত কামৰূপৰ অনন্য সামাজিক ঐতিহ্য, ৰংমন ৰংদৈৰ তোমালোক নিৰোগী হোৱা, শাংকব কৌশিক বৰুৱাৰ ৰিবেল চন অব্‌ কংগ্ৰেছ হৰেশ্বৰ গোস্বামী, বিদ্যুৎ বৰুৱাৰ বাঙ্ময় প্ৰাচীৰ, বিনয় মোহন শইকীয়াৰ বৈষ্ণৱ শৈৱ আৰু গৌণ ধৰ্মমতসমূহ, ববিতা ফুকনৰ কাজিৰঙাৰ দুৰন্ত প্ৰেমিক ডাঃ ৰবীন বেনাৰ্জী, সত্যব্ৰত বৰাৰ মহাকাশৰ সীমনা বিচাৰি, অপৰাজিতা পূজাৰীৰ দেৱীমাতৃকা কামাখ্যা, শশীধৰ দেউৰীৰ দেউৰী জাতিৰ সংস্কৃতি, নকুল কুৰ্মীৰ ভাৰতৰ স্বাধীনতা আন্দোলনত চাহ জনগোষ্ঠীৰ অৱদান, আৰু ড॰ ৰুমী নাথৰ ডালু জনগোষ্ঠী।

ইয়াৰ লগতে অসমীয়া ভাষাত ফেল‘শ্বিপ লাভ কৰা আন লেখকসকল হৈছে অতুল মজুমদাৰৰ বিবৰ্তিত নাট্য ইতিহাসৰ আলোকত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ, সঞ্জীৱ সভাপণ্ডিতৰ ভূমিৰ পৰা ভূমালৈ, চয়নিকা দত্তৰ সাহিত্য আৰু প্ৰযুক্তি, প্ৰীতিৰেখা ভূঞাৰ স্বপ্নবাসৱদত্তা, ড॰ ভূপেন্দ্ৰ ৰায়চৌধুৰীৰ ভাৰতীয় সংস্কৃতিৰ দিগদৰ্শন, নীলিমা গোস্বামী শৰ্মাৰ আনন্দৰাম ঢেকিয়াল ফুকন, ৰাজীৱ শৰ্মাৰ অসমীয়া ব্ৰাহ্মণৰ ইতিবৃত্ত, ৰমানন্দন বৰাৰ হিন্দু ধৰ্মৰ প্ৰতীক আধুনিক বিচাৰ, জিন্টু গীতাৰ্থৰ ডিমাছা লোকগাথা সমাজ সংস্কৃতি, পুলিন কলিতাৰ আমবাৰীৰ ঐতিহ্য, ড॰ গজেন্দ্ৰ অধিকাৰীৰ শিলালিপি আৰু তাম্ৰফলিত পুৰণি কামৰূপ, দীপক কুমাৰ কলিতাৰ ভাৰতৰত্ন সত্যজিৎ ৰায়, নিভা শইকীয়াৰ প্ৰাচ্যবিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈ, ড॰ মৃদুস্মিতা ফুকনৰ সমকালীন অসমৰ প্ৰেক্ষাপটত লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা, যতীন মৰাণৰ মৰাণ জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতি, ড॰ অনুশ্ৰী শৰ্মা বৰুৱাৰ বেলটৰ মাজৰ প্ৰেম, হৰিবন্ধু বিশ্বাসৰ নমঃ শূদ্ৰ সম্প্ৰদায়ৰ লোকসংস্কৃতি, গীতিমালিকা নেওগৰ জননেতা বিষ্ণুৰাম মেধি, সুবোধমল্ল বৰুৱাৰ অসমৰ ফুটবল, ব্ৰজেন্দ্ৰ দেৱ মোহন শৰ্মাৰ অসমৰ পখিলা, ড॰ নৱ কুমাৰ চমুৱাৰ ইকক্ৰিটিছিজম, বন্দিতা গোস্বামী শৰ্মাৰ বেজবৰুৱাৰ জোনাকী আৰু জোৰাসাঁকোকালীন জীৱন, মোহন লাগাচুৰ মানৱ জাতিৰ পিতৃ আবুতানি, ড॰ যাদৱ চন্দ্ৰ কলিতাৰ ভাৰতীয় ঐতিহ্যত পাৰিপাশ্বিৰ্ক মূল্যবোধৰ চেতনা, আৰু ইপ্সিতা কন্দলি শৰ্মাৰ নাৰী সৱলীকৰণ।

আনহাতে, বাংলা ভাষাত ফেল‘শ্বিপ লাভ কৰিছে দেবযানী চৌধুৰীৰ বৰাক উপত্যকাৰ ঐতিহ্যেৰ ইতিকথা, সুদেষ্ণা চন্দৰ ফেলে আসা দিনগুলি, শিশিৰ সেনগুপ্তৰ স্বাধীনতা সংগ্ৰামে অসমেৰ বীৰ বীৰাঙ্গনা, শাশ্বতী ঘোষ দস্তিদাৰৰ দন্দুয়া দ্ৰোহ, নিবেদিতা চক্ৰৱৰ্তীৰ ৰাজমোহন নাথেৰ ৰঙ্গৰসেৰ গল্প, নিকিতা সাহাৰ পুৰনো কামৰূপেৰ ধৰ্মেৰ ধাৰা, আৰু শ্যামাশ্যাম কৃষ্ণপূজাৰি চট্টোপাধ্যায়ৰ চমস্কীয় ব্যাকৰণ তত্ত্ব ও বিশ্লেষণ নামৰ পাণ্ডুলিপিয়ে। ঠিক একেদৰে, বড়ো ভাষাত ফেল‘শ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে ৰিপেন বড়োৰ বনফুল, সুশান্ত নাৰলা মুছাহাৰীৰ বাথৌ ধৰ্ম আৰু খেৰাই উৎসৱ, আৰু পদুলাল ৰামচিয়াৰীৰ এ আই ৰে মহাসাগৰ পৰিভ্ৰমণ নামৰ পাণ্ডুলিপিয়ে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm
ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm
৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd